ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ বৰিষ্ঠ প্ৰচাৰক ড° ইন্দ্ৰেশ কুমাৰৰ জন্মদিন উদ্‌যাপন

ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ বৰিষ্ঠ প্ৰচাৰক ড° ইন্দ্ৰেশ কুমাৰৰ জন্মদিন উদ্‌যাপন

ৰঙিলী বাৰ্ত্তাসেৱা-  ভাৰত তিব্বত সহযোগ মঞ্চৰ মাৰ্গ দৰ্শক,ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ বৰিষ্ঠ প্ৰচাৰক ড° ইন্দ্ৰেশ কুমাৰৰ জন্মদিনটো আজি অসম প্ৰান্তৰ তৰফৰ পৰা উদ্‌যাপন কৰা হয়৷তেওঁৰ জন্মদিনৰ লগত সংগতি ৰাখি বৃদ্ধাশ্ৰমৰ পিতৃ আৰু আইমাতৃ সকলৰ মাজত ফলমূল বিতৰণ,সুস্বাস্হ্য আৰু দীৰ্ঘায়ু কামনাৰে বন্তি জ্বলাই মিঠাই বিতৰণ কৰা হয়৷তাৰোপৰি উপস্থিত ৰাইজৰ মাজত গছপুলি বিতৰণ কৰা হয়৷আনহাতে উক্ত কাৰ্যসূচীৰ লগত সংগতি ৰাখি দিছপুৰস্থিত অসম চৰকাৰৰ লোকনিৰ্মান বিভাগৰ অতিথি শালৰ প্ৰেক্ষাগৃহত আয়োজন কৰা গ্ৰন্থ উন্মোচনী সভাত ঊৰ্বশী মহন্তৰ তিনিখনকৈ গ্ৰন্থ উন্মোচন কৰা হয়৷অসম সাহিত্য সভাৰ সাংস্কৃতিক উপ সমিতিৰ সহযোগী আহ্বায়ক ডা° মৃন্ময় কুমাৰ নাথে আঁত ধৰা সভাত ’স্বাভিমান’ কাব্যগ্ৰন্থ উন্মোচন কৰে অসম চৰকাৰৰ অতিৰিক্ত মুখ্য সচিব পৱন কুমাৰ বৰঠাকুৰে৷আনখন কাব্যগ্ৰন্থ ’আকাশী গংগা’ উন্মোচন কৰে অসম সাহিত্য সভাৰ উপ সভাপতি মৃণালিনী দেৱীয়ে,আনহাতে তৃতীয়খন কাব্যগ্ৰন্থ ’হদয়ৰ ৰংবোৰ’ উন্মোচন কৰে বিশিষ্ট সাহিত্যক সৌম্যদ্বীপ দত্তই৷লেখিকা ঊৰ্বশী মহন্তই ভাষণ দিয়া সভাত পলাশবাৰী  বিধান সভা সমষ্টিৰ বিধায়ক হেমাংগ ঠাকুৰীয়া উপস্থত থাকে৷গ্ৰন্থ প্ৰকাশক অমূল্য মহন্তই শলাগৰ শৰাই আগবঢ়ায়৷