ৰাষ্ট্ৰীয় পুৰস্কাৰপ্ৰাপ্ত পৰিচালক  হীৰেন বৰাৰ নতুন ছবি ‘নাছিমায়’ : ডাৰ্লিং

ৰাষ্ট্ৰীয় পুৰস্কাৰপ্ৰাপ্ত পৰিচালক  হীৰেন বৰাৰ নতুন ছবি ‘নাছিমায়’ : ডাৰ্লিং

অনলাইন বাৰ্ত্তাসেৱা– ৰাষ্ট্ৰীয় পুৰস্কাৰপ্ৰাপ্ত পৰিচালক  হীৰেন বৰাই  অসমৰ  সু-প্ৰাচীন জনগোষ্ঠীয় ভাষা ৰাভা ভাষাত নিৰ্মিত ‘নাছিয়াম’:ডাৰ্লিং নতুন ছবিখন  সম্পূৰ্ণৰুপে নিৰ্মাণ কৰি তোলা হৈছে। ৪০ লাখ টকাৰ ব্যয়েৰে নিৰ্মাণ কৰা ‘নাছিমায়’ ৰ বাবে ইতিমধ্যে ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ পৰা ৫ লাখ টকা আগবঢ়োৱা হৈছে। উল্লেখ্য যে, অতীজৰে পৰা ৰাভাসকলৰ নিজস্ব লোককৃষ্টি-সমাজ ব্যৱস্থাই বাৰুকৈয়ে সকলো জাতিৰ লোককে আকৰ্ষণ কৰি আহিছে। এই আকৰ্ষণক এতিয়া চিনেমাৰ মাধ্যমেৰে পৰিচয় কৰাই দিয়াৰ বাবে এক অন্তৰস্পৰ্শী কাহিনীৰে নিৰ্মান কৰা হৈছে ‘ নাছিমায় : darling’। ৰাভা জনগোষ্ঠীৰ সমাজ ব্যৱস্থা, সামাজিক ৰীতি নীতি, কৃষ্টি- সংস্কৃতিক বিশ্ববাসীৰ সন্মুখত ‘নাছিমায়’ ৰ জৰিয়তে দাঙি ধৰিব বিচৰা হৈছে।পৰিচালক হীৰেন বৰাই বিগত ২০২০ৰ ক’ৰনাকালীন লক ডাউনৰ পূৰ্বে ফেব্ৰুৱাৰী-মাৰ্চতে গোৱালপাৰা জিলাৰ দুধনৈ আৰু ইয়াৰ আশে পাশে থকা মনোৰম লোকেচনত শ্বুটিং সম্পন্ন কৰা ‘নাছিমায়’ ৰ সম্পাদনাকে ধৰি অন্যান্য কামবোৰ বিগত ডিচেম্বৰতে কলকাতাৰ খ্যাত নামা ষ্টুডিঅত  সম্পূৰ্ণ কৰে। পূৰ্ণদৈৰ্ঘ্যৰ চিনেমাখনৰ মূল চৰিত্ৰত অভিনয় কৰিছে অনুপমা ৰাভাই। অন্যান্য প্ৰধান প্ৰধান চৰিত্ৰসমুহত অভিনয় কৰিছে – নীলিম দত্ত, প্ৰকাশ ৰাভা, জোনালী ৰাভা, সিদ্ধাৰ্থ ৰাভা, হেমন্ত ৰাভা আদিৰ লগতে এটি শিশুৰ চৰিত্ৰত দেখা যাব নবাগতা টিকু কলিতা। ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ টংকেশ্বৰ ৰাভা আৰু দুধনৈ সমষ্টিৰ প্ৰাক্তন বিধায়ক দীপক ৰাভাও দুটা গুৰুত্বপুৰ্ণ চৰিত্ৰত অভিনয় কৰিছে। সুৰভী এন্টাৰপ্ৰাইজ (টিভি এন্ড ফিল্ম ডিভিজন) ৰ বেনাৰত নিৰ্মিত ‘নাছিমায়’ ৰ সংগীত পৰিচলনা কৰিছে তৰালী শৰ্মাই। সম্পাদনা  কৰিছে দীপক মন্ডল (কলকাতা)। চিত্ৰনাট্য – ৰন্জিত সূত্ৰধাৰৰ। সহ:পৰিচালক – মলয় ৰয়। প্ৰচাৰ – পিনাকী ফিচাৰ্ছৰ হৈ জিতু ৰায়মেধিৰ।

(R.T)