ৰাষ্ট্ৰীয় একতা দিৱস উপলক্ষে গুৱাহাটীত ‘একতাৰ দৌৰ’ৰ আয়োজন

Pc Facebook

ৰাষ্ট্ৰীয় একতা দিৱস উপলক্ষে গুৱাহাটীত ‘একতাৰ দৌৰ’ৰ আয়োজন

ৰঙিলী বাৰ্ত্তাসেৱা-  আজি ৰাষ্ট্ৰীয় একতা দিৱস। দেশজুৰি পালন কৰা হৈছে লৌহমানৱ চৰ্দাৰ বল্লভ ভাই পেটেলৰ জন্মদিন। চৰ্দাৰ পেটেলৰ জন্মজয়ন্তী উপলক্ষে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি পুৱাই গুজৰাটৰ কেবাদিয়াত থকা চৰ্দাৰ বল্লভ ভাই পেটেলৰ প্ৰতিমূৰ্তিত শ্ৰদ্ধা নিবেদন কৰে। আনহাতে, এই দিৱস উপলক্ষে গুৱাহাটীৰ নেহৰু ষ্টেডিয়ামত আয়োজন কৰা হৈছে একতাৰ দৌৰ। অনুষ্ঠানত অংশগ্ৰহণ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ। কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু মন্ত্ৰী ইউ জি ব্ৰহ্ময়ো অংশগ্ৰহণ কৰে একতাৰ দৌৰত। অনুষ্ঠানত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কয়, ‘‘লৌহমানৱ চৰ্দাৰ বল্লভ ভাই পেটেললৈ মই শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছো। ৰাজ্যৰ ৩৫০০টা স্থানত আমি একতাৰ দৌৰৰ আয়োজন কৰিছো।’’ চৰ্দাৰ বল্লভ ভাই পেটেলৰ জীৱন কাহিনীও বৰ্ণনা কৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।