ৰাষ্ট্ৰীয় স্তৰত সন্মানিত অসমৰ চিত্ৰশিল্পী অদিতি ডেকা পাঠক
ৰঙিলী বাৰ্ত্তাসেৱা- দৃশ্যকলাশিল্পী অদিতি ডেকা পাঠকলৈ অলপতে “creative Women’s Award” আগবঢ়োৱা হৈছে। উক্ত সন্মান আগবঢ়াইছে প্ৰয়াগৰাজৰ ” Khanam Art Gallery”এ এক গাম্ভীৰ্য্যপূৰ্ণ অনুস্থানত । অদিতি ডেকা পাঠক হৈছে উক্ত বঁটা প্ৰাপ্ত উত্তৰ পূৰ্বাঞ্চলৰ একমাত্ৰ চিত্ৰকলা শিল্পী। উক্ত অনুষ্ঠানত ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ কেইবাগৰাকীও প্ৰখ্যাত শিল্পী আৰু সৃজনশীল কৰ্মত জড়িত মহিলাক সন্মানিত কৰা হয়। শিল্পী পাঠকৰ চিত্ৰশিল্প অসম, ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ লগতে-বাংলাদেশ, ইজৰাইল, ছিংগাপুৰ, ম্যানমাৰ, থাইলেণ্ড আদিত প্ৰদৰ্শিত হৈছে। বিভিন্ন বঁটা-সন্মান প্ৰাপক অদিতি ডেকা পাঠকৰ ৰচিত উল্লেখযোগ্য জনপ্ৰিয় গ্ৰন্থ সমুহ হ’ল “Understanding Visual Arts” , “Painting and Comprehending Abstract Explorations : Idea, Method and Inspiration “. তেওঁৰ সম্পাদিত এক উল্লেখযোগ্য গ্ৰন্থ হ’ল “The History and Art of India”. তেওঁৰ বিভিন্ন চিত্ৰশিল্প , প্ৰবন্ধ আৰু গৱেষণাপত্ৰ অসম, ভাৰত আৰু বিশ্বৰ বিভিন্ন উল্লেখযোগ্য গ্ৰন্থ আৰু জাৰ্নেলত প্ৰকাশিত হৈছে। সম্প্ৰতি অসম বিশ্ববিদ্যালয় (কেন্দ্ৰীয়) শিলচৰত দৃশ্যকলা বিভাগত গৱেষণা কৰি আছে পাঠক৷