ৰাষ্ট্ৰীয় সেৱা আঁচনিৰ বিশেষ শিবিৰ আৰু মোৰ অনুভৱ
ৰিমী হাজৰিকা
নিকিনি খোৱা,মাজুলী
ফ্ৰেব্ৰুৱাৰী মাহৰ ২১ তাৰিখৰ পৰা ২৭ তাৰিখলৈ মাজুলীৰ শালমৰা অঞ্চলত পূৱ মাজুলী মহাবিদ্যালয়ৰ উদ্যোগত অনুষ্ঠিত হোৱা ৰাষ্ট্ৰীয় সেৱা আঁচনিৰ বিশেষ শিবিৰ যুৱ সমাজৰ ব্যক্তিত্ব বিকাশ আৰু যুৱনেতা সৃষ্টিৰ এক উল্লেখযোগ্য পদক্ষেপ। এই শিবিৰৰ জৰিয়তে মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী সকলৰ মাজত দলীয় কাৰ্য সম্পাদন কৰাৰ বাবে যে একতাৰ প্ৰয়োজন সেই কথা উপলব্ধি কৰোৱা হয়। তাৰোপৰি এই শিবিৰৰ দ্বাৰা স্বেচ্ছাসেৱক সকলৰ দক্ষতা বিকাশ ,পৰিষ্কাৰ পৰিচ্ছন্নতা, সময়ানুবৰ্তীতা, নিয়মানুবৰ্তিতা, একাগ্ৰতা, ধৈৰ্য,সাহস ,একতা আৰু পৱিত্ৰতাৰ বাবে এক গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে গণ্য কৰা হয়।এই শিবিৰৰ জৰিয়তে স্বেচ্ছাসেৱক সকলে সমাজৰ বিভিন্ন ক্ষেত্ৰত যেনে স্বাস্থ্য, শিক্ষা, পৰিষ্কাৰ পৰিচ্ছন্নতা ইত্যাদি বিভিন্ন ক্ষেত্ৰত সেৱা আগবঢ়ায়।
শালমৰা অঞ্চলক তোলনীয়া গাওঁ হিচাপে লৈ এই শিবিৰ সাত দিনৰ বাবে অনুষ্ঠিত কৰা হল।এই শিবিৰৰ মূখ্য উদ্দেশ্য আছিল-” দুৰ্যোগৰ বিপদ হ্ৰাসত যুৱ শক্তি : ঐতিহ্য আৰু স্বাস্থ্যৰ জৰিয়তে শক্তিশালী আৰু সচেতন সমাজ গঢ়ি তোলা ।”এই শিবিৰৰ আয়োজন কৰি ছাত্ৰ-ছাত্ৰী সকলক ৰাষ্ট্ৰীয় সেৱা আঁচনিৰ সক্ৰিয় স্বেচ্ছাসেৱক হিচাপে গঢ়ি তোলাৰ প্ৰয়াস কৰা হয়। এই শিবিৰৰ দ্বাৰা স্বেচ্ছাসেৱক সকলে শালমৰা অঞ্চলৰ ঐতিহ্য মণ্ডিত মৃৎ শিল্প আৰু ইয়াৰ ভৱিষ্যত সংৰক্ষণ ,বানপীড়িত লোকৰ সমস্যা আৰু সমাধান,পশুধন আৰু ইয়াৰ সুৰক্ষা,জীৱন আৰু জীৱিকা ,নৈ পৰীয়া অঞ্চলৰ অভাৱ – অভিযোগ ইত্যাদি বহু বিষয়ত ক্ষেত্ৰ অধ্যয়ন কৰে। ইয়াৰ আনুসংগিক ভাৱে শালমৰা উচ্চ মাধ্যমিক বিদ্যালয় আৰু শান্তিপুৰ প্ৰাথমিক বিদ্যালয়ৰ ছাত্ৰ – ছাত্ৰী সকলৰ মাজত নানা প্ৰতিযোগিতা অনুষ্ঠিত কৰি তেওঁলোকৰ মান নিৰূপণ কৰা হয়। লগতে ছাত্ৰ ছাত্ৰী সকলৰ মাজত বন্ধুত্ব আৰু দক্ষতা বিকাশৰ মূল্যায়ন কৰা হয়।
সাত দিনীয়া শিবিৰৰ প্ৰথম দিনা মহাবিদ্যালয়ৰ অধ্যক্ষ দিপক বৰা ছাৰৰ সভাপতিত্বত অনুষ্ঠিত কৰা উদ্বোধনী সভাৰ জৰিয়তে এই বিশেষ শিবিৰৰ শুভাৰম্ভ কৰা হয়। স্বেচ্ছাসেৱক সকলে শালমৰা বাসী ৰাইজৰ প্ৰত্যেক ঘৰতেই বানপানী আৰু ইয়াৰ অসুবিধা সম্পৰ্কত এক জৰীপ কাৰ্য সম্পাদন কৰে।
দ্বিতীয় দিনা মৃৎ শিল্প আৰু ইয়াৰ ভৱিষ্যত সংৰক্ষণ সম্পৰ্কীয় ক্ষেত্ৰ অধ্যয়ন,জলবাহিত ৰোগ আৰু ইয়াৰ সচেতনতা সম্পৰ্কে সজাগতা সভা অনুষ্ঠিত কৰা হয়। তৃতীয় দিনা শালমৰা অঞ্চলৰ ঐতিহ্য মণ্ডিত চিপহা নামঘৰত শ্ৰম দান, যুৱক বিজয় মিলন সংঘত শ্ৰম দান,, চতুৰ্থ দিনা শান্তিপূৰ প্ৰাথমিক বিদ্যালয় আৰু শালমৰা উচ্চ মাধ্যমিক বিদ্যালয়ত শ্ৰম দান,, পঞ্চম দিনা শান্তিপূৰ প্ৰাথমিক বিদ্যালয় আৰু শালমৰা উচ্চ মাধ্যমিক বিদ্যালয়ত ছাত্ৰ ছাত্ৰীৰ মান নিৰূপণ কৰাৰ লগতে বিভিন্ন প্ৰতিযোগিতা, শালমৰা অঞ্চলত পশুপালন আৰু টীকাকৰণ সজাগতা, বানপীড়িত লোকৰ সমস্যা আৰু ইয়াৰ সচেতনতা সম্পৰ্কে ক্ষেত্ৰ অধ্যয়ন,, ষষ্ঠ দিনা বানপানী আৰু ভূমিকম্প সজাগতা সম্পৰ্কে বাটৰ নাট আৰু সাংস্কৃতিক অনুষ্ঠান,, আৰু সপ্তম দিনা সামৰণী অনুষ্ঠানেৰে সামৰণি কৰা হয়।
সাত দিনীয়া এই বিশেষ শিবিৰত শালমৰা বাসী ৰাইজৰ অৱদান আৰু পৃষ্ঠপোষকতা অতিশয় লেখত লবলগীয়া। স্বেচ্ছাসেৱক সকলৰ বিভিন্ন ক্ষেত্ৰত থকা অসুবিধা সমূহ দূৰ কৰি শালমৰা বাসী ৰাইজে যি পৰামৰ্শ আৰু সহায় সহযোগিতা আগবঢ়ালে সেইয়া সদায় স্বেচ্ছাসেৱক সকলৰ বাবে চিৰস্মৰণীয় হৈ ৰ’ব। এই ক্ষেত্ৰত বহু কেইজন বৰেণ্য ব্যক্তিয়ে আমাৰ এই কাৰ্যসূচী সফল ৰূপায়ন কৰাত অগ্ৰণী ভূমিকা পালন কৰিলে। তেওঁলোকৰ একান্ত শ্ৰম আৰু প্ৰচেষ্টাৰ ফলত স্বেচ্ছাসেৱক সকলে শালমৰা অঞ্চলৰ ভৌগোলিক জ্ঞান আৰু পৰিসংখ্যাৰ ক্ষেত্ৰত এক সম্যক অভিজ্ঞতা লাভ কৰে। মহাবিদ্যালয়ৰ ৰাষ্ট্ৰীয় সেৱা আঁচনিৰ প্ৰগ্ৰেম অফিচাৰ উত্তম শইকীয়া ছাৰ আৰু ক্ষেত্ৰ পৰিচালক খগেন চমুৱা ছাৰৰ ঐকান্তিক প্ৰচেষ্টাৰ ফলস্বৰূপে এই শিবিৰ ফলপ্ৰসূ হৈ উঠে।
