ৰাষ্ট্ৰীয় ষ্ট্ৰেস সজাগতা দিৱস উদযাপন
ৰঙিলী বাৰ্ত্তাসেৱা- ৰাষ্ট্ৰীয় ষ্ট্ৰেস সজাগতা দিৱস,২০২৫ পালন উপলক্ষে ছাত্ৰ-ছাত্ৰীৰ মাজত ষ্ট্ৰেস বা মানসিক চাপ সম্পৰ্কে সজাগতা বৃদ্ধিৰ উদ্দেশ্যে বি. বৰুৱা মহাবিদ্যালয়ৰ ( স্ব-শাসিত) দৰ্শন বিভাগে উন্মেষৰ (এক পেছাদাৰ গোষ্ঠী)ৰ সহযোহত যোৱা ৮ নৱেম্বৰত বি. বৰুৱা মহাবিদ্যালয়ৰ সুৰেন্দ্ৰ মোহন দাস বক্তৃতা গৃহত “Optimising Students’ Wellbeing through Strategic Stress Management ” শীৰ্ষক এক বক্তৃতানুস্ঠানৰ আয়োজন কৰে। মহাবিদ্যালয় সঙ্গীতেৰে আৰম্ভ কৰা অনুষ্ঠানটোত অসমৰ সঙ্গীত শিল্পী জুবিন গাৰ্গক সুৱঁৰি এক মিনিট মৌন ব্ৰত পালন কৰা হয়। তাৰ পাছতে সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে দৰ্শন বিভাগৰ মূৰব্বী, সহকাৰী অধ্যাপক গণেশ দাৱে । ষ্ট্ৰেস কি, ইয়াৰ কাৰণ, উৎস আৰু কেনেকৈ মোকাবিলা বা নিয়ন্ত্ৰণ কৰি কল্যাণ সাধন কৰিব পৰা যায় লগতে এইক্ষেত্ৰত এটা শৈক্ষিক অনুষ্ঠানৰ সামগ্ৰিক পদ্ধতিটোৱে কিদৰে বিভিন্ন কৌশলৰ জৰিয়তে ছাত্ৰ-ছাত্ৰীৰ মানসিক চাপ নিয়ন্ত্ৰণত সহায় কৰি তেওঁলোকৰ কল্যাণ সাধনত সহায় কৰিব পাৰে এই সম্পৰ্কে বিশদভাৱে আলোচনা কৰে বক্তৃতানুস্ঠানৰ সমল ব্যক্তি কটন বিশ্ববিদ্যালয়ৰ মনোবিজ্ঞান বিভাগৰ সহকাৰী অধ্যাপক ডঃ সুষমা লামাই । অনুষ্ঠানতে উন্মেষৰ সদস্য হিচাপে চমু ভাষণ প্ৰদান কৰে বি. বৰুৱা মহাবিদ্যালয়ৰ ( স্বায়ত্বশাসিত) দৰ্শন বিভাগৰ অৱসৰপ্ৰাপ্ত সহযোগী অধ্যাপক তথা প্ৰাক্তন বিভাগীয় মুৰব্বী আৰু উন্মেষৰ সদস্য ড° সুচৰিতা দে’ আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ বাধাগ্ৰস্ততা অধ্যয়ন বিভাগৰ সহকাৰী অধ্যাপক তথা উন্মেষৰ সদস্য ড° শ্যাম সুন্দৰ শৰ্মাই । বক্তৃতানুস্ঠানটোৰ শলাগৰ শৰাই আগবঢ়ায় দৰ্শন বিভাগৰ সহকাৰী অধ্যাপক বীথিকা ৰয়ে ।
