ৰাষ্ট্ৰীয় শিক্ষা নীতি ২০২০ৰ তৃতীয় বৰ্ষপূৰ্তি উপলক্ষে কেন্দ্ৰীয় বিদ্যালয় , মঙ্গলদৈত সংবাদ মেল
মঙ্গলদৈ, কিশোৰ কুমাৰ শৰ্মা, ৰঙিলী বাৰ্ত্তাসেৱা- ৰাষ্ট্ৰীয় শিক্ষা নীতি ২০২০ৰ তৃতীয় বৰ্ষপূৰ্তি উপলক্ষে কেন্দ্ৰীয় বিদ্যালয়, মঙলদৈত ৰাষ্ট্ৰীয় শিক্ষা নীতি ২০২০ ৰূপায়ণ সন্দৰ্ভত সাধাৰণ ৰাইজৰ মাজত উপযুক্ত সজাগতা সৃষ্টি তথা গণমাধ্যমৰ জৰিয়তে প্ৰচাৰৰ উদ্দেশ্যে যোৱা শনিবাৰে এক সংবাদমেল অনুষ্ঠিত হৈ যায়। দৰং জিলাৰ অন্তৰ্গত চিবিএছই বিদ্যালয় সমূহৰ অধ্যক্ষ সকলে এই সংবাদমেলত অংশগ্ৰহণ কৰে । কেন্দ্রীয় বিদ্যালয় মংগলদৈৰ হিতেশ কুমাৰ ভাৰ্মা ,জৱাহৰ নৱোদয় বিদ্যালয় দৰং ৰ মায়াবন গান্ধী, মহৰ্ষি বিদ্যা মন্দিৰৰ হেমন্ত পায়েং, হলিচাউল্ড পাব্লিক স্কুলৰ শ্যামোলি দাস ,গুৰুকুল শৈক্ষিক গ্ৰুপৰ সংগীতা অধিকাৰী সৰকাৰ আৰু ৰাষ্ট্ৰীয় বঁটাপ্ৰাপক শিক্ষক শশাঙ্ক হাজৰিকাই সংবাদ মাধ্যমক সম্বোধন কৰে। সংবাদ মাধ্যমৰ পৰা জ্যেষ্ঠ সাংবাদিক ভাৰ্গৱ কুমাৰ দাস, ময়ুখ গোস্বামী, লক্ষ্মীনন্দন কলিতা, আব্দুল খালেক সহ কেবাজনো ছপা আৰু বৈদ্যুতিন মাধ্যম ৰ সংবাদ কৰ্মী উপস্থিত থাকে । সংবাদ মেলৰ উল্লেখযোগ্য দিশ আছিল জিলাখনৰ কেন্দ্রীয় বিদ্যালয়, জৱাহৰ নৱোদয় বিদ্যালয় আৰু অন্যান্য বিদ্যালয়সমূহত ৰাষ্ট্ৰীয় শিক্ষা নীতি ২০২০ৰ ফলপ্ৰসূ ৰূপায়ণৰ দিশ সম্পৰ্কে অৱগত কৰা। অনুষ্ঠানটিৰ আৰম্ভণিতে ২১০ কোব্ৰা কেন্দ্রীয় বিদ্যালয় দলগাঁওৰ অধ্যক্ষ মূল সিং শেখাৱটে জানিবলৈ দিয়ে যে ৰাষ্ট্ৰীয় শিক্ষা নীতি ২০২০ (NEP 2020) আৰম্ভ হোৱাৰ পিছৰে পৰা দৰং জিলাৰ মঙ্গলদৈ আৰু দলগাওঁ স্থিত কেন্দ্ৰীয় বিদ্যালয়ত অধ্যয়ন কৰা ১৩০০ ৰো অধিক শিক্ষাৰ্থী উপকৃত হৈছে। তেওঁ ৰাষ্ট্ৰীয় শিক্ষা নীতি ২০২০ বিষয়ত বিস্তৃত ভাবে উপস্থাপন কৰে। ইয়াৰোপৰি Re- Alignment of Admission Age- ৫+৩+৩-৪ গঠন অনুসৰি, বালৱতিকা-১,২ আৰু ৩ খোলা, নিপুণ ভাৰত- আনন্দময় আৰু মানসিক চাপমুক্ত শিক্ষণ, সাম্প্রতিক সময়ত ভাৰতবৰ্ষৰ প্ৰায় ৫৪৯ কেন্দ্রীয় বিদ্যালয়ত প্ৰাক প্ৰাথমিক বিদ্যালয়ৰ বাবে বালৱটিকা, বিদ্যা প্ৰবেশ- ৩মাহ খেল ভিত্তিক পৰিচিতি স্কুলীয়া শিক্ষা, এন চি এফ এফ এছ- অধীনত লগতে দক্ষতা বিষয়- ষষ্ঠ শ্ৰেণীৰ পৰা কৃত্ৰিম বুদ্ধিমত্তা আৰু বৃত্তিমূলক পাঠ্যক্ৰম, ছাত্ৰ-ছাত্ৰীৰ সামগ্ৰিক উন্নয়নৰ বাবে অংশীদাৰ হিচাপে অভিভাৱক, বিদ্যাঞ্জলি পৰ্টেল- সমাজৰ পৰা কেভিলৈ স্বেচ্ছামূলক ভিত্তিক সেৱা, পিএমই-মিডিয়া- বিভিন্ন ধৰণৰ ই-সামগ্ৰী আৰু নিবেদিত দূৰদৰ্শন আৰু অনাতাঁৰ কেন্দ্রৰ প্ৰচাৰৰ সৈতে, এনইপিৰ নিৰ্দেশনা অনুসৰি শিক্ষাবিজ্ঞানৰ পৰিৱৰ্তন আৰু প্ৰশিক্ষণ, খেলনা ভিত্তিক শিক্ষাবিজ্ঞান আৰু উন্নত শিক্ষণ পৰিৱেশ আদি দিশত ব্যাখ্যা আগবঢ়ায়। উল্লেখ্য যে কেন্দ্ৰীয় বিদ্যালয়সমূহে ৰাষ্ট্ৰীয় শিক্ষা নীতি-২০২০ৰ দৃষ্টিভংগীক সম্ভৱপৰ কৰি তুলিবলৈ আৰু ইয়াক অধিক ফলপ্ৰসূভাৱে কাৰ্যকৰী কৰিবলৈ আগ্ৰহেৰে প্ৰচেষ্টা অব্যাহত ৰাখিছে বুলি উদ্যোক্তা সকলে জানিবলৈ দিয়ে। আনহাতে ৰাষ্ট্ৰীয় বঁটাপ্ৰাপক শিক্ষক শশাঙ্ক হাজৰিকাই ৰাষ্ট্ৰীয় শিক্ষা নীতি-২০২০ ফলপ্রসূ হবলৈ হলে বিদ্যালয় সমূহৰ উন্নতমানৰ আন্ত:গাঁথনি আৰু প্ৰযুক্তিৰ দৰকাৰ বুলি প্ৰকাশ কৰে।