ৰাষ্ট্ৰীয় শিক্ষানীতি-২০২০ ৰূপায়ণৰ অংশ হিচাপে উচ্চ মাধ্যমিক বিদ্যালয়ক উচ্চতৰ মাধ্যমিক বিদ্যালয়লৈ ৰূপান্তৰ কৰাৰ পদক্ষেপ ল’বলৈ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাৰ নির্দেশ 

ৰাষ্ট্ৰীয় শিক্ষানীতি-২০২০ ৰূপায়ণৰ অংশ হিচাপে উচ্চ মাধ্যমিক বিদ্যালয়ক উচ্চতৰ মাধ্যমিক বিদ্যালয়লৈ ৰূপান্তৰ কৰাৰ পদক্ষেপ ল’বলৈ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাৰ নির্দেশ 

ৰঙিলী বাৰ্ত্তাসেৱা- ৰাষ্ট্ৰীয় শিক্ষানীতি-২০২০ ৰূপায়ণৰ অংশ হিচাপে মহাবিদ্যালয়সমূহৰ পৰা উচ্চতৰ মাধ্যমিক শ্রেণীসমূহ আঁতৰোৱাৰ প্ৰক্ৰিয়া ক্ষীপ্ৰতৰ কৰাৰ বাবে প্রথম পর্যায়ত এহেজাৰখন উচ্চ মাধ্যমিক বিদ্যালয়ক উচ্চতৰ মাধ্যমিক বিদ্যালয়লৈ ৰূপান্তৰ কৰাৰ পদক্ষেপ ল’বলৈ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই নির্দেশ দিছে। উল্লেখযোগ্য যে মুখ্যমন্ত্রী শৰ্মাই কালি ৰাজ্যৰ প্ৰাথমিক, মাধ্যমিক, উচ্চ আৰু কাৰিকৰী শিক্ষা বিভাগৰ কাম কাজৰ বিতং পর্যালোচনা কৰি এই নির্দেশ দিয়ে। বিভাগকেইটাৰ কাম-কাজৰ বুজ লৈ মুখ্যমন্ত্ৰীয়ে কয় যে দেশ গঢ়াৰ বাবে মানসম্পন্ন মানৱ সম্পদ শিক্ষা বিভাগেহে গঢ়ি তুলিব পাৰে। সেয়েহে, এই খণ্ডৰ উত্তৰণত চৰকাৰে সৰ্বাধিক গুৰুত্ব আৰোপ কৰা বুলি তেওঁ উল্লেখ কৰে। ৰাজ্যৰ প্ৰাথমিক আৰু মধ্য ইংৰাজী বিদ্যালয়ত অধ্যয়নৰত ছাত্ৰ-ছাত্ৰীসকলৰ আধাতে বিদ্যালয় এৰা প্ৰণৱতা হ্রাস কৰাৰ বাবে মুখ্যমন্ত্ৰীয়ে সকলো নিম্ন বুনিয়াদী বিদ্যালয়ক মধ্য ইংৰাজী বিদ্যালয়ৰ সৈতে চামিলকৰণৰ পোষকতা কৰিছে। এই সন্দৰ্ভত প্রয়োজনীয় বাজেট আবণ্টনেৰে চামিলকৰণৰ লগতে আন্তঃগাঁঠনি উন্নয়নৰ সকলো বিষয় সামৰাৰ পদক্ষেপ ল’বলৈও তেওঁ আহ্বান জনায়। মুখ্যমন্ত্রী ড০ শর্মাই মাধ্যমিক আৰু প্ৰাথমিক বিদ্যালয়ত কৰ্মৰত স্নাতকোত্তৰ ডিগ্ৰীধাৰী শিক্ষকসকলক চিনাক্তকৰণৰ বাবে এটা সুকীয়া প’ৰ্টেল স্থানৰ বাবেও নির্দেশ দিয়ে। এই পর্টেলত শিক্ষকসকলে নিজে নিজৰ নাম পঞ্জীয়ন কৰিব পাৰিব। আনহাতে, অসম মাধ্যমিক শিক্ষা পৰিষদৰ সৈতে অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ চামিলকৰণৰ কাম অহা বছৰৰ ভিতৰত সম্পন্ন কৰাৰ দিশত দ্রুত পদক্ষেপ ল’বলৈও মুখ্যমন্ত্রীয়ে নির্দেশ দিয়ে। উল্লেখযোগ্য যে বৈঠকত লগতে প্ৰাথমিক আৰু মাধ্যমিক শিক্ষা সঞ্চালকালয়ক বিদ্যালয় শিক্ষা সঞ্চালকালয় হিচাপে একত্ৰীকৰণ কৰাৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা হয়। ৰাজ্যখনৰ আওহতীয়া অঞ্চলৰ ছাত্ৰ ছাত্ৰীসকলৰ সুবিধা হোৱাকৈ এহেজাৰ ১৬২টা প্রস্তাৱিত ক্লাষ্টাৰ হোষ্টেল নিৰ্মাণৰ বাবে অতি সোনকালে বাজেট দাখিলৰ বাবে মুখ্যমন্ত্রীয়ে লোকনির্মাণ বিভাগক নির্দেশ দিয়ে। এই বৈঠকত শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুও উপস্থিত থাকে।