ৰাষ্ট্ৰীয় শক্তি উত্তোলন প্ৰতিযোগিতাত পলাশবাৰীৰ খেলুৱৈৰ সফলতা
শৈলেন কুমাৰ,মিৰ্জা,ৰঙিলী বাৰ্ত্তাসেৱা- মহাৰাষ্ট্ৰৰ কোহলাপুৰত ২১ মে ৰ পৰা ২৫ মে তাৰিখলৈ হোৱা পাৱাৰ লিফটিং ইণ্ডিয়াৰ অধীনৰ মহাৰাষ্ট্ৰ ৰাজ্যিক শক্তি উত্তোলন এচোছিয়েশ্যনৰ উদ্যোগত অনুষ্ঠিত হোৱা ৰাষ্ট্ৰীয় শক্তি উত্তোলন ক্লাচিক প্ৰতিযোগিতাত দক্ষিণ কামৰূপৰ পলাশবাৰীৰ অনুপল চৌধুৰী আৰু ভিতালী দাসে সফলতা অৰ্জন কৰিবলৈ সক্ষম হৈছে। উক্ত প্ৰতিযোগিতাৰ ৬৬ কেজি শাখাত অনুপল চৌধুৰীয়ে ব্ৰঞ্জৰ পদক আৰু ৪৩ কেজি শাখাত ভিতালী দাসে ৰূপৰ পদক অৰ্জন কৰি সমগ্ৰ পলাশবাৰী অঞ্চললৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হয়। প্ৰশিক্ষক জ্যোতিষমান ভাগৱতীৰ তত্ত্বাৱধানত প্ৰশিক্ষিত খেলুৱৈ দুগৰাকীয়ে আগলৈ শক্তি উত্তোলন প্ৰতিযোগিতাত স্বৰ্ণ পদক লাভ কৰাৰ আশা পুহি ৰাখিছে ৷ উল্লেখযোগ্য প্ৰশিক্ষক জ্যোতিষমান ভাগৱতীয়ে আগন্তুক দিনত দক্ষিণ কামৰূপত প্ৰশিক্ষণশালা স্থাপন কৰি এই অঞ্চলৰ খেলুৱৈ সকলক প্ৰশিক্ষণ দিয়াৰ ব্যৱস্থা কৰি ৰাষ্ট্ৰীয় পৰ্যায়ৰ বাবে খেলুৱৈ তৈয়াৰ কৰিব বুলি জানিব দিয়ে ৷