ৰাষ্ট্ৰীয় যোগ অলিম্পিয়াদত সোণৰ পদক লাভ কৰা দৰঙ জীয়ৰী সুস্মিতাক উষ্ম আদৰণি

ৰাষ্ট্ৰীয় যোগ অলিম্পিয়াদত সোণৰ পদক লাভ কৰা দৰঙ জীয়ৰী সুস্মিতাক উষ্ম আদৰণি

কিশোৰ কুমাৰ শৰ্মা,মঙ্গলদৈ, ৰঙিলী বাৰ্ত্তাসেৱা- দৰঙৰ দেওমৰনৈ নিকটৱৰ্তী তথা বৃহৎ ত্তৰ ঔতলা অঞ্চলৰ অন্তৰ্গত কপিলী সত্ৰৰ সুস্মিতা ডেকাই ১৮ জুনৰ পৰা ২০ জুনলৈ ভূপালত অনুষ্ঠিত NCERT ৰাষ্ট্ৰীয় যোগ অলিম্পিয়াদ প্ৰতিযোগিতা’ ২০২৩ ত সোণৰ পদক লাভ কৰি জিলা খনৰ লগতে অঞ্চলটিলৈ গৌৰৱ কঢ়িয়াই আনিছে। দেওমৰনৈ ছোৱালী উচ্চ মাধ্যমিক বিদ্যালয়ৰ নৱম শ্ৰেণীৰ ছাত্ৰী তথা কপিলী সত্ৰ গাঁৱৰ ডিম্বেশ্বৰ ডেকা আৰু ৰিতুমণি ডেকাৰ কন্যা সুস্মিতা ডেকাই ভূপালত গৈ অসমক প্ৰতিনিধিত্ব কৰি স্বৰ্ণ পদক লৈ নিজ গাঁৱত উপস্থিত হোৱাৰ পিছতে অঞ্চলটিত এক উৎসৱ মুখৰ পৰিবেশে বিৰাজ কৰে। সুস্মিতাৰ এই সাফল্যত অসম মীন নিগমৰ অধ্যক্ষ , মঙ্গলদৈ বিধানসভা সমষ্টিৰ প্ৰাক্তন বিধায়ক গুৰুজ্যোতি দাস, গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদ দৰংজিলা সমিতিৰ সাধাৰণ সম্পাদক চাহাবুদ্দিন আহমেদ, ঔতলা আঞ্চলিকৰ ইমৰান হুছেইন, খাইৰুল বাছাদ, যুৱনেতা জগদীশ ডেকা, হৰেকৃষ্ণ পাটগিৰি, দেওমৰনৈ ছোৱালী উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক শৈলেন্দ্ৰ কুমাৰ ৰাজবংশী, প্ৰশিক্ষক জিতুমণি মহন্ত প্ৰমুখ্যে শুভাকাংশী ৰাইজে খেলুৱৈ গৰাকীক উষ্ম অভিনন্দন জ্ঞাপন কৰে। উল্লেখযোগ্য যে NCERT ৰ উদ্যোগত অনুষ্ঠিত ৰাষ্ট্ৰীয় যোগ অলিম্পিয়াদত প্ৰথম বাৰৰ বাবে অসমৰ Secondary Girls ৰ দলটোৱে সোনৰ পদক লাভ কৰিবলৈ সক্ষম হয়। সোণৰ পদক প্ৰাপ্ত অসম দলটোত আছিল – দৰং জিলাৰ সুস্মিতা ডেকাৰ উপৰিও নগাঁও জিলাৰ ভূমিকা চাহানী , শিৱসাগৰ জিলাৰ চিম্পী গগৈ আৰু ধেমাজি জিলাৰ ৰানী সোনোৱাল।