ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগৰ দ্বাৰা গুৱাহাটীত অনুষ্ঠিত কৰা হ’ল স্থানীয় স্ব- প্ৰশাসনৰ জৰিয়তে মানৱ অধিকাৰ নিশ্চিতকৰণ” শীৰ্ষক সন্মিলন

ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগৰ দ্বাৰা গুৱাহাটীত অনুষ্ঠিত কৰা হ’ল স্থানীয় স্ব- প্ৰশাসনৰ জৰিয়তে মানৱ অধিকাৰ নিশ্চিতকৰণ” শীৰ্ষক সন্মিলন

দিছপুৰ, ৰঙিলী বাৰ্ত্তাসেৱা-  আজি নতুন দিল্লীস্থিত ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগৰ দ্বাৰা গুৱাহাটীৰ খানাপাৰাস্থিত অসম প্ৰশাসনীর পদাধিকাৰী মহাবিদ্যালয়ত “স্থানীয় স্ব-প্ৰশাসনৰ জৰিয়তে মানৱ অধিকাৰ নিশ্চিতকৰণ” বিষয়ক এখন সন্মিলনৰ আয়োজন কৰা হয়। উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ ৰাজ্যিক মানৱ অধিকাৰ আয়োগৰ অধ্যক্ষ, মুখ্য সচিব, আৰক্ষী প্ৰশাসনৰ শীৰ্ষ বিষয়া, সংশ্লিষ্ট বিভাগসমূহৰ শীৰ্ষ বিষয়া, জিলা পৰিষদৰ অধ্যক্ষ, মুখ্য কার্যবাহী বিষয়া, পঞ্চায়তৰ প্ৰতিনিধি তথা স্বেচ্ছাসেৱী সংগঠনৰ প্ৰতিনিধিৰ উপস্থিতিত অনুস্থিত হোৱা এই সন্মিলনৰ শুভাৰম্ভণি অনুষ্ঠানত বক্তব্য প্ৰদান কৰি ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগৰ অধ্যক্ষ ন্যায়াধীশ অৰুণ মিশ্ৰই সমাজৰ অতি দৰিদ্ৰজনৰ ন্যায় আৰু সমঅধিকাৰ সুনিশ্চিতকৰণৰ দিশত স্থানীয় প্রশাসন তথা পঞ্চায়তীৰাজ প্ৰতিষ্ঠানৰ গুৰুত্ব প্ৰদানেৰে বক্তব্য প্ৰদান কৰে। অনুষ্ঠানত বক্তব্য প্ৰদান কৰি অসম চৰকাৰৰ মুখ্য সচিব পৱন কুমাৰ বৰঠাকুৰে ৰাজ্য চৰকাৰে ৰাজ্যখনত আইনৰ শাসন তথা নাগৰিককেন্দ্ৰিক সেৱা প্ৰদানেৰে সমাজৰ অসমতা দূৰীকৰণ ইত্যাদি দিশত লোৱা পদক্ষেপসমূহ আলোকপাত কৰে। তেওঁ লগতে ৰাজ্যখনৰ ৩৩২ খন আৰক্ষী থানাত চি চি টিভি স্থাপন, দশম মানৰ পাঠ্যক্ৰমত মানৱ অধিকাৰৰ পাঠ সংযোজন ইত্যাদিৰ লেখীয়া পদক্ষেপ গ্ৰহণৰ দিশসমূহো উল্লেখ কৰে। ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগৰ যুটীয়া সচিব ডি কে নিমে আদৰণী ভাষণ প্ৰদান কৰা শুভাৰম্ভণী অনুষ্ঠানত ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগৰ সচিব প্ৰধান ভাৰত লালেও বক্তব্য প্ৰদান কৰে। ইয়াৰ পিছতে “স্থানীয় স্ব-প্ৰশাসনৰ জৰিয়তে মানৱ অধিকাৰ নিশ্চিতকৰণৰ কাৰিকৰী বৈঠক অনুষ্ঠিত হয়। ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগৰ অধ্যক্ষ ন্যায়াধীশ অৰুণ মিশ্ৰৰ অধ্যক্ষতাত আৰু অসম ৰাজ্যিক মানৱ অধিকাৰ আযোগৰ অধ্যক্ষ ন্যায়াধীশ অৰূপ কুমাৰ গোস্বামীৰ সহ অধ্যক্ষতাত অনুষ্ঠিত এই বৈঠকত অৰুণাচল ৰাজ্যিক মানৱ অধিকাৰ আয়োগৰ অধ্যক্ষ ন্যায়াধীশ ইন্দিৰা স্বাহ, ভাৰত চৰকাৰৰ পঞ্চায়তীৰাজ মন্ত্ৰালয়ৰ গৰ্ভনেন্সৰ যুটীয়া সচিব আলোক প্রেম নাগৰ, অসম চৰকাৰৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ সচিব মুনীন্দ্ৰ শৰ্মা, অৰুণাচল প্ৰদেশ ৰাজ্যিক মানৱ অধিকাৰ আয়োগৰ যুটীয়া সচিব জালাশ পার্টিন, অগ্রণী স্বেচ্ছাসেৱী সংস্থা “আধুনিক ইণ্ডিয়া ফাউণ্ডেশ্বন”ৰ কৰ্মকৰ্তা অমৃত চাংমাই তৃণমূল পৰ্যায়ত পঞ্চায়তীৰাজ প্ৰতিষ্ঠানসমূহে বিভিন্ন জনকল্যাণমূলক আঁচনিৰ যথাৰ্থ ৰূপায়ণেৰে অসমতা দূৰীকৰণ আৰু মানৱ অধিকাৰ সুৰক্ষিতকৰণৰ দিশত নব পৰা ব্যৱস্থাসমূহৰ বিতং বাখ্যা আগবঢ়ায়। আনহাতে ৰাজ্যিক মানৱ অধিকাৰ আয়োগৰ সদস্য ড° ধ্যানেশ্বৰ এম মূলেৰ অধ্যক্ষতাত আৰু নাগালেন্ড ৰাজ্যিক মানৱ ৰাজ্যিক মান অধিকাৰ আযোগৰ অধ্যক্ষ ন্যায়াধীশ এচ চাটোৰ সহ অধ্যক্ষতাত “উত্তৰ পূৰ্বাঞ্চলৰ স্থানীয় য় প্ৰশাসনৰ মানৱ অধিকাৰ সুৰক্ষিতকৰণৰ উৎকৃষ্ট কাম-কাজ” বিষয়ক দ্বিতীয় কাৰিকৰী বৈঠকত হাইদৰাবাদস্থিত ৰাষ্ট্ৰীয় গ্ৰামোন্নয়ন আৰু পঞ্চায়তীৰাজ প্ৰতিষ্ঠানৰ সঞ্চালক প্ৰধান ড° নৰেন্দ্ৰ কুমাৰ, গুৱাহাটীস্থিত ৰাষ্ট্ৰীয় গ্ৰামোন্নয়ন আৰু পঞ্চায়তীৰাজ প্ৰতিষ্ঠানৰ উত্তৰ পূৰ্বাঞ্চল আঞ্চলিক কেন্দ্ৰৰ সঞ্চালক ড° আৰ মুৰুগেচান, ৰাষ্ট্ৰীয় গ্রামোন্নয়ন আৰু পঞ্চায়তীৰাজ প্ৰতিষ্ঠানৰ উত্তৰ-পূর্বাঞ্চল আঞ্চলিক কেন্দ্ৰৰ সহযোগী অধ্যাপক ড° টি বিজয় কুমাৰে সমল ব্যক্তি হিচাবে অংশগ্রহণ কৰি উত্তৰ-পূৰ্বাঞ্চলৰ মানৱ অধিকাৰ সুৰক্ষিতকৰণ তথা জনকল্যাণমূলক আঁচনি ৰূপায়ণৰ উৎকৃষ্ট কাম-কাজৰ নিদৰ্শন দাঙি ধৰি বক্তব্য প্ৰদান কৰে। ইয়াৰ পিছতে ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আযোগৰ অধ্যক্ষ তথা অন্যান্য সদস্যসকলে উত্তৰ-পূৰ্বাঞ্চলৰ বিভিন্ন ৰাজ্যৰ মুখ্য সচিব, আৰু আৰক্ষী সঞ্চালক প্ৰধানসকলৰ সৈতে এক আলোচনাত মিলিত হয়। এই আলোচনাত উত্তৰ-পূৰ্বাঞ্চলৰ বিভিন্ন ৰাজ্যৰ ৰাজ্যিক মানৱ অধিকাৰৰ আয়োগৰ অধ্যক্ষ তথা সদস্যসকলো উপস্থিত থাকে।