ৰাষ্ট্ৰীয় মর্যাদাৰে অজিত পাৱাৰৰ শেষকৃত্য সম্পন্ন
ৰঙিলী বাৰ্ত্তাসেৱা- পঞ্চভূতত বিলীন মহাৰাষ্ট্ৰৰ উপ-মুখ্যমন্ত্ৰী অজিত পাৱাৰ ৷ বুধবাৰে এক শোকাৱহ বিমান দুর্ঘটনাত প্রাণ হেৰুওৱা মহাৰাষ্ট্ৰৰ উপ-মুখ্যমন্ত্রী অজিত পাৱাৰৰ শেষকৃত্য পুনে জিলাৰ বাৰামতীৰ বিদ্যা প্রতিষ্ঠান বাকৰিত সম্পূৰ্ণ ৰাষ্ট্ৰীয় মর্যাদাৰে সম্পন্ন কৰা হয়। ৰাজ্যৰ ৰাজনীতিত কেইবাদশকজোৰা অৱদান আগবঢ়োৱা পাৱাৰৰ নশ্বৰদেহটো ৰাষ্ট্ৰীয় পতাকাৰে ঢাকি চিতাত তোলাৰ পাছত ধর্মীয় ৰীতি-নীতিৰে মুখাগ্নি কৰে তেওঁৰ পুত্ৰই। শেষকৃত্য অনুষ্ঠানটোত উপস্থিত থাকে নেতাগৰাকীৰ পত্নী সুনেত্রা পাৱাৰ, ভতিজা ৰোহিত পাৱাৰৰ উপৰি সুশীল কুমাৰ শিন্দে আৰু তেওঁৰ কন্যা প্রণীতি শিন্দেকে ধৰি অনেক জ্যেষ্ঠ নেতা।

নেতাগৰাকীৰ শেষকৃত্য অনুষ্ঠানত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, নীতিন গাডকাৰী, প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী শাৰদ পাৱাৰ আৰু বিজেপিৰ মুৰব্বী নীতিন নবীন, মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাড়নভিছ আৰু উপ-মুখ্যমন্ত্ৰী একনাথ সিন্দেকে ধৰি কেইবাজনো নেতা উপস্থিত থাকে আৰু তেওঁক শেষ শ্ৰদ্ধা জনায় । অভিনেতা ৰীতেশ দেশমুখকে ধৰি অন্যান্য ক্ষেত্ৰৰো অনেক গণ্য-মান্য লোক শেষকৃত্য অনুষ্ঠানত উপস্থিত থাকে। শেষকৃত্য অনুষ্ঠানৰ পূৰ্বে তেওঁৰ মৃতদেহ বিদ্যা প্ৰতিষ্ঠান খেলপথাৰত ৰখা হয় যাতে মানুহে তেওঁক শেষ শ্ৰদ্ধা জনাব পাৰে । ইয়াৰ পাছত পাৱাৰৰ প্ৰতিকৃৰ্তি স্থাপন কৰা আৰু ‘স্বৰ্গীয় অজিতদাদা পাৱাৰ অমৰ হওক’ বুলি লিখা এখন পুষ্পসজ্জিত ৰথত তেওঁক শেষকৃত্যৰ বাবে কঢ়িয়াই নিয়া হয় ।

বিদ্যা প্ৰতিষ্ঠান কেম্পাছ (গাদিমা)ৰ পৰা এই যাত্ৰা আৰম্ভ হয়, চহৰৰ মাজেৰে পাৰ হৈ বিদ্যা প্ৰতিষ্ঠান খেলপথাৰত শেষ হয়, য’ত পুৱা ১১ বজাত শেষকৃত্য অনুষ্ঠান সম্পন্ন হয় । দুর্ঘটনাত প্রাণ হেৰুওৱা মহাৰাষ্ট্ৰৰ উপ-মুখ্যমন্ত্ৰী অজিত পাৱাৰৰ মৃত্যুৰ ২৪ ঘণ্টাৰ পিছত উদ্ধাৰ হ’ল দুর্ঘটনাগ্রস্ত বিমানখনৰ ব্লেকবক্স। বুধবাৰে পুৱাৰ ভাগতে সংঘটিত দুর্ঘটনাটোৰ পিছত সন্ধিয়ালৈ বিমান দুর্ঘটনা তদন্ত ব্যুৰ’ (এএআইবি)ৰ এটা বিশেষ দলে ঘটনাস্থলী পৰিদৰ্শন কৰি ব্লেকবক্সটো উদ্ধাৰ কৰে। ইতিমধ্যে ফৰেনছিক তদন্ত আৰম্ভ হৈছে। ব্লেকবক্সৰ তথ্য বিশ্লেষণৰ পূৰ্ণাংগ প্রতিবেদন প্রকাশৰ পিছত জানিব পৰা যাব দুর্ঘটনাৰ সবিশেষ।
