ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস
বন্দিতা শৰ্মা কন্দলি
মৰমৰ অকণিহঁত, আমি সময় অনুযায়ী কিছুমান দিৱস পালন কৰি আহিছোঁ নহয়নে বাৰু! তেনে এবিধ দিৱস হৈছে ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস। ২৮ ফেব্ৰুৱাৰী দিনটো আমাৰ দেশত ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস হিচাপে পালন কৰা হয়।এই দিনটোতে ভাৰতীয় বিজ্ঞানী চন্দ্ৰ শেখৰ ভেংকট ৰামনে পোহৰৰ বিচ্ছুৰণ সম্পৰ্কীয় প্ৰকৃতিৰ এক বিশেষ পৰিঘটনাৰ আৱিষ্কাৰৰ কথা ঘোষণা কৰিছিল বুলি জনা যায়। এই পৰিঘটনা টোক তেখেতৰ নামেৰেই ‘ৰামন প্ৰভাৱ’ হিচাপে বিজ্ঞানী মহলত গৃহীত হয়। এই আৱিষ্কাৰৰ বাবে তেওঁক ১৯৩০ চনৰ পদাৰ্থ বিজ্ঞানৰ ন’বেল বঁটা প্ৰদান কৰা হয়।আমি কোনো এটা বস্তু কেতিয়া দেখা পাওঁ বাৰু? কোনো বস্তুত পোহৰ পৰি পুনৰ পোহৰৰ ৰশ্মি আমাৰ চকুত পৰিলেহে আমি বস্তু টো দেখিবলৈ পাওঁ। পোহৰে গতি কৰা পথত ক্ষুদ্ৰ ক্ষুদ্ৰ ধূলিৰ কণিকা থাকিলে পোহৰ তাৰ গতি পথৰ পৰা বিচ্যুৎ হয়। এই বিচ্যুৎ পোহৰ কাষৰ পৰা ও দেখিবলৈ পোৱা যায়। সেয়ে পোহৰৰ বাটত বস্তু থাকিলে দেখা পাওঁ। পোহৰৰ বিচ্ছুৰণৰ বহু কথাই বিজ্ঞানী সকলে গভীৰ অধ্যয়ন আৰু গৱেষণাৰ দ্বাৰা আগতেই জানিছিল। বিজ্ঞানী ৰেলীয়ে পোহৰৰ পৰিঘটনাৰ ওপৰত আগবঢ়োৱা এটা তত্ত্ব মতে বায়ুমণ্ডলত থকা পানী আৰু ধূলিৰ দ্বাৰা পোহৰৰ বিচ্ছুৰণৰ বাবেই আকাশৰ ৰং নীলা আৰু সূৰ্য উদয় আৰু অস্ত যোৱাৰ সময়ৰ আকাশৰ ৰং ৰঙা দেখা যায়। বিজ্ঞানী ৰামণে পোহৰৰ বিচ্ছুৰণৰ ওপৰত নানান ধৰণৰ গৱেষণা ত নিমগ্ন হৈ পৰিল। ফল স্বৰূপে তেওঁ ১৯২৮ চনত পোহৰৰ এক নতুন পৰিঘটনা আৱিষ্কাৰ কৰিলে যে বিচ্ছুৰিত পোহৰত মূল পোহৰৰ ৰশ্মি থকাৰ উপৰি এক নতুন তৰংগৰ পোহৰো থাকে। এই নতুন পোহৰৰ তৰংগৰ গুণাগুণ নিৰ্ণয় কৰিবৰ বাবে ৰামণে ষাঠিটা বেলেগ বেলেগ তৰল পদাৰ্থৰ ওপৰত পোহৰ পেলাই গভীৰ গৱেষণা আৰু অধ্যৱসায়ৰ বলত পোহৰৰ বিচ্ছুৰণৰ এক নতুন সুত্ৰ আৱিষ্কাৰ কৰিলে। পোহৰৰ এই বিশেষ গুণটোৰ ওপৰত কৰা গৱেষণাৰ ফলাফল গাণিতিক ভাৱে আৰু বিজ্ঞান সন্মত ভাৱে ৰামণে বিশ্লেষণ কৰি দেখুৱাইছিল । এই গৱেষণাৰ পত্ৰ খন বিজ্ঞান মহলত “ৰামণ প্ৰভাৱ ” হিচাপে গৃহীত হ’ল।পোহৰ বিজ্ঞানৰ উপৰিও ৰামণৰ আন এটা প্ৰিয় বিষয় আছিল শব্দ বিজ্ঞান। সংগীত প্ৰিয় ৰামণে বিভিন্ন বাদ্যযন্ত্ৰৰ ধ্বনি গাণিতিক ভাৱে বিশ্লেষণ কৰিছিল। পোহৰ আৰু শব্দ বিজ্ঞানৰ ওপৰত চন্দ্ৰশেখৰ ভেংকটৰামণৰ উল্লেখযোগ্য পুথি কেইখন হৈছে Molecular Diffraction of Light , Theory of Musical Instruments , Physics of Crystals ইত্যাদি।দেশ বিদেশৰ পৰা অনেক সন্মান লাভ কৰা বিজ্ঞানী জনক ১৯৫৪ চনত ভাৰত চৰকাৰে দেশৰ সৰ্বোচ্চ সন্মান ‘ভাৰত ৰত্ন’ ৰে বিভূষিত কৰে। সহজ সৰল জীৱন যাপন কৰা ৰামণে শেষ বয়সলৈকে বিজ্ঞান সাধনাতেই ব্ৰতী হৈ থাকিল। ১৯৭০ চনত ৮২ বছৰ বয়সত মহান বিজ্ঞানী গৰাকীয়ে শেষ নিশ্বাস ত্যাগ কৰে।