ৰাষ্ট্ৰীয় বাস্কেটবল চেম্পিয়নশ্বিপৰ সামৰণী অনুষ্ঠানত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা

ৰাষ্ট্ৰীয় বাস্কেটবল চেম্পিয়নশ্বিপৰ সামৰণী অনুষ্ঠানত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা

ৰঙিলী বাৰ্ত্তাসেৱা- প্ৰথমবাৰৰ বাবে আয়োজিত ২৩ বছৰ অনূর্ধ্ব ৰাষ্ট্ৰীয় বাস্কেটবল চেম্পিয়নশ্বিপৰ পুৰুষ আৰু মহিলা শাখাত হাৰিয়ানা আৰু তামিলনাডুৱে চেম্পিয়নৰ সন্মান অর্জন কৰিছে। গুৱাহাটীৰ সৰুসজাই ষ্টেডিয়ামত ১৭ মাৰ্চৰ পৰা ৮ দিনীয়াকৈ অনুষ্ঠিত প্রতিযোগিতাখনৰ মহিলা শাখাৰ ফাইনেলত তামিলনাডুৱে কর্ণাটকক ৭৫-৫৮ পইণ্টত পৰাস্ত কৰি খিতাপ অর্জন কৰে। এই শাখাত দিল্লীয়ে কেৰালাক ৬৯-৬৩ পইণ্টত পৰাস্ত কৰি দ্বিতীয় ৰাৰ্নাছআপৰ সন্মান লাভ কৰে।

ইপিনে, পুৰুষ শাখাৰ ফাইনেলত হাৰিয়ানাই পঞ্জাৱক ৯৪-৭৩ পইণ্টত পৰাস্ত কৰি খিতাপ অর্জন কৰে। এই শাখাত কর্ণাটকে ৰাজস্থানক ৮০-৭২ পইণ্টত পৰাস্ত কৰি দ্বিতীয় ৰাৰ্নাছআপৰ সন্মান লাভ কৰে। প্রতিযোগিতাখনৰ চেম্পিয়নক ট্রফীসহ ৩ লাখ টকাকৈ, প্রথম ৰাৰ্নাছআপক ট্রফীসহ ২ লাখ টকাকৈ আৰু দ্বিতীয় ৰাৰ্নাছআপক ট্রফীসহ ১ লাখ টকাকৈ প্ৰদান কৰা হয়। ইফালে, প্রতিযোগিতাখনৰ সামৰণী অনুষ্ঠানত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মা উপস্থিত থাকি পুৰুষ আৰু মহিলা শাখাৰ চেম্পিয়ন দল দুটাক বঁটা প্রদান কৰে। সামৰণী অনুষ্ঠানত ভাগ লৈ মুখ্যমন্ত্রী ড° শর্মাই কয় যে সুদীর্ঘ ২৫ বছৰ পিছত অসমে এনে মুখ্য যুৱ বাস্কেটবল চেম্পিয়নশ্বিপৰ আয়োজনৰ সৌভাগ্য লাভ কৰিছে।

বাস্কেটবল ফেডাৰেচন অৱ ইণ্ডিয়াৰ তত্ত্বাৱধানত অসম বাস্কেটবল এছ’চিয়েনৰ উদ্যোগত আয়োজিত এই চেম্পিয়নশ্বিপে অসমত বাস্কেটবলৰ বিকাশৰ ক্ষেত্ৰত থকা প্রতিবন্ধকতা আঁতৰ কৰাৰ দিশত উল্লেখযোগ্য ভূমিকা গ্রহণ কৰিলে বুলিও তেওঁ কয়। ইয়াৰ বাবে মুখ্যমন্ত্রী ড° শৰ্মাই বাস্কেটবল ফেডাৰেচন অৱ ইণ্ডিয়াকো ধন্যবাদ জ্ঞাপন কৰে। মুখ্যমন্ত্রী ড° শৰ্মাই লগতে  কয় যে ৩০খন ৰাজ্যৰ ৫৫টা পুৰুষ আৰু মহিলাৰ দলে উক্ত প্রতিযোগিতাখনত ভাগ লৈছে। প্রতিযোগিতাত অংশ লোৱা প্ৰতিগৰাকী খেলুৱৈক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰি মুখ্যমন্ত্ৰী ড° শৰ্মাই কয় যে কিছুসংখ্যক খেলুৱৈয়ে পদক লাভ কৰিবলৈ সক্ষম হৈছে আৰু কিছুসংখ্যক খেলুৱৈয়ে পদক লাভ কৰিব নোৱাৰিলে। যিসকল পৰাজিত হৈছে, তেওঁলোক নিৰাশ হ’ব নালাগে বুলি উল্লেখ কৰি তেওঁ কয় যে খেলত জয় বা পৰাজয় এক অবিভিন্ন অংগ। কিন্তু আটাইতকৈ গুৰুত্বপূৰ্ণ বিষয় হৈছে প্রতিযোগিতাত অংশগ্রহণ কৰাটো।

মুখ্যমন্ত্রী ড° শৰ্মাই কয় যে ৰাজ্য চৰকাৰে ক্ৰীড়াৰ আন্তঃগাঁথনি বিকাশৰ দিশত নিৰন্তৰ কাম কৰি আহিছে। তেওঁ আশা প্রকাশ কৰি কয় যে সকলোৰে সহযোগিতাত অসমে ক্রীড়াৰ ক্ষেত্ৰত আগুৱাই যাবলৈ সক্ষম হ’ব। অনুষ্ঠানত অসম বাস্কেটবল এছ’চিয়েচনৰ মুখ্য পৃষ্ঠপোষক ৰিণিকি ভূঞা শর্মা, ক্রীড়ামন্ত্রী নন্দিতা গার্লোছা, অসম বাস্কেটবল এছ’চিয়েচনৰ সভাপতি পল্লৱলোচন দাস, বাস্কেটবল ফেডাৰেচন অৱ ইণ্ডিয়াৰ সচিবপ্ৰধান কুলবিন্দৰ সিং গিল আৰু কোষাধ্যক্ষ টি চি নাইডু, উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ মহাপ্ৰবন্ধক চি কে শ্রীবাস্তৱ আৰু অন্যান্য গণ্য-মান্য ব্যক্তিসকল উপস্থিত থাকে।