ৰাষ্ট্ৰীয় প্ৰযুক্তি দিৱস
বন্দিতা শৰ্মা কন্দলি
বিজ্ঞান প্ৰযুক্তি মানে কোনো এটা বিষয়ৰ ওপৰত পৰ্যবেক্ষণ, পৰীক্ষা – নিৰীক্ষা আৰু বিশ্লেষণ কৰি যি জ্ঞান লাভ কৰা যায় সেই জ্ঞান ব্যৱহাৰ কৰি নতুন কৌশল বা পদ্ধতি সৃষ্টি কৰা। সহজভাৱে ক’ব পাৰি যে বিজ্ঞানৰ জৰিয়তে আমি নিয়মবোৰ অৰ্থাৎ কি ,কিয় আৰু কেনেকৈ আদি কথাবোৰ জানিব পাৰোঁ আৰু প্ৰযুক্তিৰ জড়িয়তে সেই নিয়মবোৰ ব্যৱহাৰ কৰি নতুন আৰ্হি প্ৰস্তুত কৰা।
ভাৰতত প্ৰতি বছৰে ১১ মে’তাৰিখে ১৯৯৯ চনৰপৰা ৰাষ্ট্ৰীয় প্ৰযুক্তি দিৱস পালন কৰি আহিছে। এই দিৱস পালন কৰাৰ উদ্দেশ্য হৈছে বিজ্ঞান আৰু প্ৰযুক্তিৰ ক্ষেত্ৰখনৰ লগত জড়িত অৰ্থাৎ প্ৰযুক্তিৰ বিকাশ আৰু উন্নতিত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰা বিজ্ঞানী, গৱেষক, অভিযন্তা আৰু প্ৰযুক্তিবিদ সকলৰ অৱদান, কৃতিত্বক স্বীকৃতি দিয়া আৰু সন্মান জনোৱা ।১১ মে’ দিনটো লোৱাৰ কাৰণ হৈছে ১৯৯৮ চনৰ ১১ মে’ৰ দিনা ভাৰতৰ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ ক্ষেত্ৰত তিনিটা উল্লেখযোগ্য ঘটনাই সফলতা লাভ কৰিছিল।
প্ৰথমটো হৈছে ৰাজস্থানৰ পোখৰানত নিউক্লিয়াৰ মিছাইল ‘শক্তিʼ ৰ সফল পৰীক্ষা সম্পন্ন হয়।
দ্বিতীয়টো হ’ল ‘প্ৰতিৰক্ষা গৱেষণা আৰু বিকাশ সংস্থাʼ ৰ উদ্যোগত মিছাইল ‘ত্ৰিশূল ʼ ৰ শেষ বাৰৰ বাবে সফল উৰণ সম্পন্ন হয়। ‘ত্ৰিশূল ʼ হ’ল মাটিৰ পৰা আকাশলৈ প্ৰক্ষেপ কৰিব পৰা চমু দূৰত্বৰ ক্ষেপণাস্ত্ৰ। ত্ৰিশূলে আকাশত ৯ কিঃমিঃ দূৰত্বৰ ভিতৰত শত্ৰু পক্ষৰ ক্ষেপণাস্ত্ৰ বা পাৰমাণৱিক বোমা ধ্বংস কৰিব পাৰে। এই ক্ষেপণাস্ত্ৰই প্ৰয়োজন অনুসৰি নিজৰ দিশ সলনি কৰিব পাৰে। এনে ক্ষেপণাস্ত্ৰক ‘ গাইডেড মিছাইল ‘ বুলি কোৱা হয়।
তৃতীয়টো হৈছে ভাৰতৰ নিজা প্ৰচেষ্টাৰে নিৰ্মাণ কৰা ‘হংস-৩’ ৰ সফল উৰণ পৰীক্ষা। হংস -৩ য়ে প্ৰশিক্ষণ, ক্ৰীয়া আৰু আমোদৰ ভ্ৰমণৰ বাবে উপযোগী বিমান। এই বিমান দিন ৰাতি সকলো সময়তে উৰাব পৰা ব্যৱস্থা আছে।ইয়াক পৰ্যবেক্ষণ, আকাশী আলোকচিত্ৰ, উপকূলীয় অঞ্চলৰ পৰ্যবেক্ষণ আৰু পৰিবেশ অধ্যয়নৰ বাবেও ব্যৱহাৰ কৰা হয়।
ৰাষ্ট্ৰীয় প্ৰযুক্তি দিৱসৰ ২০২৫ বৰ্ষৰ বিষয়বস্তু হৈছে বিকশিত ভাৰতৰ বাবে বিজ্ঞান আৰু উদ্ভাৱনৰ ক্ষেত্ৰত ভাৰতীয় যুব শক্তিক উদ্বুদ্ধ কৰা। ভাৰতত প্ৰতি বছৰে ১১ মে’ তাৰিখে বিজ্ঞান প্ৰযুক্তিৰ ক্ষেত্ৰত ভাৰতৰ অগ্ৰগতিৰ বিষয়ে সজাগতা সৃষ্টিৰ বাবে এই দিৱস পালন কৰি আহিছে।