ৰাষ্ট্ৰীয় প্ৰতিযোগিতাত ‘হৰিজন আৰ্ষ্টিছ জ’ন’ নাট্য বিদ্যালয়ৰ সাফল্য
ৰঙিলী বাৰ্ত্তাসেৱা- ঝাৰখণ্ডৰ ধানবাদত অল ইণ্ডিয়া নৃত্য এণ্ড নাট্য সংঘই ২১-২৪ জুলাইত আয়োজন কৰা কালাহীৰা ৰাষ্ট্ৰীয় সাংস্কৃতিক সমাৰোহত ভাৰতৰ বাৰখন ৰাজ্যৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰে ৷ এই সমাৰোহত অসমৰ গুৱাহাটীৰ পৰা প্ৰতিনিধিত্ব কৰে হৰিজন আৰ্ষ্টিছ জ’নৰ ছাত্ৰ-ছাত্ৰী সকলে৷অভিনেত্ৰী অনুৰূপা ডেকাৰজাই ৰচনা আৰু পৰিচালনা কৰা’দ্য জেনেৰেশ্বন টু’ নামৰ নাটকৰ যোগেদি সাতটাকৈ ৰাষ্ট্ৰীয় পুৰস্কাৰ লাভ কৰি অসমলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে৷ লগতে নৃত্য বিভাগতো ব্যক্তিগত আৰু দলীয়ত আঠটাকৈ পুৰষ্কাৰ লাভ কৰিছে দলটিয়ে৷ আনহাতে, ঝাৰখণ্ডৰ ধানবাদত অল ইন্দিয়া নৃত্য এন্দ নাট্য সংঘই আয়োজন কৰা কালাহীৰা ৰাষ্ট্ৰীয় সাংস্কৃতিক সমাৰোহ তথা প্ৰতিযোগিতাত অভিনেত্ৰী,সমাজকৰ্মী অনুৰূপা ডেকাৰজাক শ্ৰেষ্ঠ সাংস্কৃতিক কৰ্মী সন্মানেৰে সন্মানীত কৰে ৷ ভাৰতৰ বাৰখন ৰাজ্যৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰা এই অনুষ্ঠানত এনে সন্মান জনোৱাত অঞ্চলটোৰ স্হানীয় ৰাইজে উৎফুল্লিত হৈ পৰিছে৷