ৰাষ্ট্ৰীয় পোষণ মেলা – এছ ইছলাম

শিশু কবিতা-
ৰাষ্ট্ৰীয় পোষণ মেলা
এছ ইছলাম, শিক্ষক, বৰপেটা
দুই হাজাৰ                  একৈশ চনৰ
আঠাইছ চেপ্তেম্বৰ,
ৰাষ্ট্ৰীয় উৎসৱ               অংগনবাদী
কৰ্মী-সহায়িকাৰ।
মহামান্য ব্যক্তি           জিলাধিপতিৰ
উৎসৱত পদাৰ্পণ,
স্থানীয় বিধায়ক       আৰু চেয়াৰমেনে
দিলে জ্ঞানগৰ্ব ভাষন।
সংহত শিশুৰ              উন্নয়নৰ বাবে
কি পুষ্টিৰ প্ৰয়োজন,
কেনেকৈ হ’ব                সংহত শিশুৰ
মহা কল্যাণ সাধন।
কি কি খুৱাব                 দিলে তাৰেই
মধুৰ ভাষন,
বুজিপালে কৰ্মী          আৰু সহায়িকাই
শিশুৰ উন্নয়ন।
কৰ্মী-সহায়িকীৰ               নৌকা বাইচ
আকৰ্ষণীয় প্ৰদৰ্শন,
শাক-পাচলি                     ফল-মূলৰ
নাই অভাৱ-অনাটন।
অংগনবাদী কৰ্মীৰ             গীত-নৃত্যই
কৰে  মন আকৰ্ষণ,
সদৌ শেষত                 পুষ্টিকৰ আহাৰ
সবে কৰিলে ভক্ষন।