ৰাষ্ট্ৰীয় পোষণ মাহ–২০২৫
পুষ্টিহীনতামুক্ত ভাৰত গঢ়াৰ এক সমন্বিত পদক্ষেপ
দ্বীপেন বৰুৱা
(ঠিকনাঃ জিলা মহিলা আৰু শিশু বিকাশ বিভাগ, জিলা আয়ুক্তৰ কাৰ্যালয়, চৰাইদেউ)
ভাৰত এখন উন্নয়নশীল কল্যাণকামী দেশ; কিন্তু জনসংখ্যাৰ এক বৃহৎ অংশ আজিও পুষ্টিহীনতাত ভুগি আছে। শিশু আৰু মাতৃৰ পুষ্টিগত স্থিতি সমাজৰ সামগ্ৰিক অৰ্থনীতি আৰু মানৱ সম্পদৰ গুণগত মানৰ সৈতে ওতঃপ্ৰোতভাৱে সম্পৰ্কিত। এক সুপুষ্টিত, স্বাস্থ্যৱান আৰু উৎপাদনশীল সমাজ এখন বিকশিত ৰাষ্ট্ৰৰ মূল আধাৰ। কিন্তু দুঃখৰ বিষয় হৈছে, ভাৰতত আজিও পুষ্টিহীনতা, ৰক্তাহীনতা, শিশুৰ নিম্ন উচ্চতা (Stunting), মেদবহুলতা (Obesity) আদি সমস্যাসমূহ বহুলভাৱে দেখা যায়। পঞ্চম ৰাষ্ট্ৰীয় পৰিয়াল স্বাস্থ্য জৰীপ (NFHS-5) অনুসৰি ভাৰতত ৫ বছৰৰ ভিতৰৰ প্ৰায় ৩৫% শিশু নিম্ন উচ্চতা সমস্যাত ভুগে আৰু প্ৰায় ১৯% শিশুৰ মেদবহুলতাৰ সমস্যা ধৰা পৰে। এই সমস্যাসমূহে দেশৰ অৰ্থনৈতিক বিকাশ, জনশক্তিৰ গুণগত মান আৰু সমাজৰ সামগ্ৰিক অগ্ৰগতিত বাধাৰ সৃষ্টি কৰে।
এই প্ৰেক্ষাপটত ২০১৮ চনৰ পৰা প্ৰতি বছৰৰ ছেপ্তেম্বৰ মাহত পোষণ অভিযানৰ অধীনত “ৰাষ্ট্ৰীয় পোষণ মাহ” উদযাপন কৰি অহা হৈছে৷ ভাৰত চৰকাৰৰ মহিলা আৰু শিশু বিকাশ মন্ত্ৰালয়ৰ অধীনত উদযাপিত পোষণ মাহত মূলতঃ সমাজত পুষ্টি সম্পৰ্কীয় জ্ঞান আৰু আচৰণগত পৰিৱৰ্তন ঘটাবলৈ প্ৰয়াস কৰা হয়৷ ইয়াৰ মূল লক্ষ্য হৈছে পুষ্টি সম্পৰ্কে সজাগতা বৃদ্ধি, সঠিক খাদ্যাভ্যাস গঢ়ি তোলা, মাতৃ-শিশুৰ পুষ্টি উন্নয়ন আৰু সমাজৰ সক্ৰিয় অংশীদাৰিত্ব নিশ্চিত কৰা। তথ্য অনুসৰি এতিয়ালৈকে আয়োজিত সাতটাকৈ পোষণ মাহত এশ কোটিৰো অধিক পুষ্টি-কেন্দ্ৰিক জনসচেতনতামূলক কার্যকলাপ আয়োজিত হৈছে। এইসমূহ জন-আন্দোলনে পুষ্টিহীনতামুক্ত ভাৰত নিৰ্মাণত বিশেষ ভূমিকা লৈছে।
২০২৫ বৰ্ষত ৰাষ্ট্ৰীয় পোষণ মাহ উদযাপনৰ অষ্টম বৰ্ষত উপনীত হৈছে৷ বিগত বৰ্ষসমূহত ১ ৰ পৰা ৩০ ছেপ্তেম্বৰলৈ এই মাহ পালন কৰা হৈছিল যদিও এইবৰ্ষত ১৭ ছেপ্তেম্বৰৰপৰা ১৬ অক্টোবৰলৈকে পোষণ মাহ উদযাপনৰ সিদ্ধান্ত লৈছে৷ ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ১৭ ছেপ্তেম্বৰত মধ্যপ্ৰদেশৰ ধাৰ জিলাৰপৰা অষ্টম ৰাষ্ট্ৰীয় পোষণ মাহ তথা স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ অধীনত সুস্থ নাৰী, শক্তিশালী পৰিয়াল অভিযান (Swasth Naari, Sashakt Parivaar Abhiyaan) শীৰ্ষক এক বৃহৎ কাৰ্যসূচী একেলগে শুভাৰম্ভ কৰে৷ এই দু্য়োটা কাৰ্যসূচী একেলগে আৰম্ভ হোৱাটো এক মহৎ সুযোগ, যাৰ জৰিয়তে পুষ্টি আৰু স্বাস্থ্য দুয়ো ক্ষেত্ৰতে দীৰ্ঘস্থায়ী ইতিবাচক প্ৰভাৱ পৰিব৷ ইয়াৰ ফলত মাতৃ স্বাস্থ্য আৰু শিশুৰ পুষ্টি একেলগে সমাধান হ’ব। কিশোৰীসকলৰ পুষ্টি আৰু ৰক্তহীনতা হ্ৰাসৰ বাবে দ্ৰুত পদক্ষেপ গ্ৰহণ কৰিব পাৰিব৷ সঠিক পুষ্টি আৰু সুস্বাস্থ্যৰ জৰিয়তেহে যে এক শক্তিশালী পৰিয়াল গঢ় দিব পাৰি, এই ধাৰণাক অধিক সুদৃঢ় কৰিব৷
পোষণ মাহ উদযাপনৰ সময়ছোৱাত চৰকাৰৰ মহিলা আৰু শিশু বিকাশ মন্ত্ৰালয়ৰ লগতে অন্যান্য কাৰ্যকৰী বিভাগ তথা সংস্থাসমূহে অংগনবাড়ী কৰ্মী, আশা কৰ্মী, এএনএম আদিৰ জৰিয়তে কাৰ্যসূচীসমূহ সম্পন্ন কৰি সমগ্ৰ মাহটোত পৰিপুষ্টিৰ প্ৰয়োজনীয় বাৰ্তাসমূহ প্ৰচাৰ কৰিবলৈ যত্ন কৰে৷ প্ৰতিবছৰে পোষণ মাহ উদযাপন কৰিবলৈ কিছুমান নিৰ্দিষ্ট বিষযবস্তু নিৰ্বাচিত কৰে৷ এইবৰ্ষত মন্ত্ৰালয়ে ছটাকৈ অতি গুৰুত্বপূৰ্ণ বিষয় নিৰ্দ্ধাৰণ কৰিছে৷ এই মূল বিষয়বস্তুসমূহ হ’ল- মেদবহুলতা নিয়ন্ত্ৰণ (Addressing Obesity), স্থানীয় সম্পদৰ সদ্ব্যৱহাৰ (Vocal for Local), শিশুৰ প্ৰাক-প্ৰাথমিক শিক্ষা আৰু যতন (Early Childhood Care and Education), অভিসৰণমূলক কাৰ্যসূচী আৰু ডিজিটাইজেচন (Convergent Action and Digitization), নৱজাত শিশুৰ খাদ্যাভ্যাস (Infant and Young Child Feeding Practices) আৰু পুৰুষৰ অংশীদাৰিত্ব (Men-Streaming)৷ এই বিষয়কেইটাকে মূল লক্ষ্য হিচাবে লৈ বিভিন্ন সজাগতা কাৰ্যসূচীসমূহ হাতত লৈছে৷ অৱশ্যে প্ৰতিখন জিলা আৰু প্ৰকল্প পৰ্যায়ত নিজস্ব চিন্তা আৰু পৰিকল্পনাৰে কিছু উদ্ভাৱনীমূলক কাৰ্যসূচীও ৰূপায়ন কৰা দেখা যায়৷ এনেদৰে স্থানীয় সমস্যাসমূহৰে মোকাবিলা কৰি সমাজৰপৰা পুষ্টিহীনতা দূৰ কৰাৰ প্ৰয়াস কৰা হয়৷
সম্প্ৰতি মেদবহুলতা এটা ডাঙৰ শাৰিৰীক সমস্যা হিচাপে চিহ্নিত হৈছে৷ পঞ্চম ৰাষ্ট্ৰীয় পৰিয়াল স্বাস্থ্য জৰীপ অনুসৰি ভাৰতত ২০–২৪% প্ৰাপ্তবয়স্ক মহিলা আৰু ১৯% পুৰুষ অতিভোজনজনিত মেদবহুলতাৰ সমস্যাত ভুগিছে৷ কেৱল প্ৰাপ্তবয়স্কসকলেই নহয়, শিশুসকলো এই সমস্যাত ভুক্তভোগী হৈছে। এটা সুস্থ জীৱন লাভৰ বাবে ওজন নিয়ন্ত্ৰণ কৰাটো অতি গুৰুত্বপূৰ্ণ। এই ক্ষেত্ৰত অভিভাৱকসকল সচেতন হোৱাটো খুবেই জৰুৰী। শিশুৰ মেদবহুলতাৰ অন্যতম কাৰণ হৈছে তেওঁলোকৰ খাদ্যাভ্যাস৷ বিশ্ব স্বাস্থ্য সংস্থাৰ মতে, অতিৰিক্ত চেনি, নিমখ আৰু তেলৰ সেৱনে হৃদৰোগ, ডায়েবেটিছ আৰু উচ্চ ৰক্তচাপৰ দৰে অসংক্রামক ৰোগ বঢ়াই তোলে। বৰ্তমান সময়ত বহু শিশুয়েই পেকেটজাত খাদ্য খায় যাৰ ফলত তেওঁলোকৰ ওজন বৃদ্ধি হয়। সেয়েহে, অভিভাৱকসকলে তেওঁলোকৰ সন্তানৰ ভুল খাদ্যাভ্যাসৰ প্ৰতি মনোযোগ দিয়া উচিত। এইবৰ্ষৰ পোষণ মাহত স্বাস্থ্যকৰ আহাৰৰ প্ৰচাৰ, কম চেনি থকা খাদ্যসামগ্ৰী, পেকেটজাত খাদ্যৰ সীমিত ব্যৱহাৰ আৰু জনসচেতনতা বৃদ্ধি কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছে।
অষ্টম ৰাষ্ট্ৰীয় পোষণ মাহত “Vocal for Local” বিষয়টোক বিশেষ গুৰুত্ব সহকাৰে লোৱা হৈছে। ইয়াৰ অৰ্থ হ’ল স্থানীয় খাদ্য উৎপাদন, স্থানীয় সম্পদৰ সদ্ব্যৱহাৰ আৰু গাঁওমুখী উদ্যোগক প্ৰচাৰ কৰি পুষ্টি সুৰক্ষা আৰু অৰ্থনৈতিক আত্মনিৰ্ভৰশীলতা নিশ্চিত কৰা। ৰাষ্ট্ৰসংঘৰ খাদ্য আৰু কৃষি সংস্থা (Food and Agriculture Organization)ৰ মতে স্থানীয় খাদ্য ব্যৱস্থা কেৱল পুষ্টি পূৰণত সহায় কৰা নহয়, ই খাদ্যৰ প্ৰাপ্যতা, মান আৰু সাংস্কৃতিক বৈচিত্ৰ্য সংৰক্ষণতো গুৰুত্বপূৰ্ণ। স্থানীয়ভাৱে উৎপাদিত শাক-পাচলি, দুগ্ধজাত সামগ্ৰী তথা ঔষধি গুণসম্পন্ন খাদ্যসামগ্ৰীসমূহে গাঁওবাসীৰ পুষ্টি প্ৰয়োজন পূৰণ কৰাৰ লগতে খাদ্য নিৰাপত্তা নিশ্চিত কৰে।
এইবৰ্ষৰ পোষণ মাহত শিশুৰ প্ৰাক-প্ৰাথমিক শিক্ষা আৰু যতন নাইবা “পোষণ ভী, পঢ়াই ভী” এটি অন্যতম বিষয়বস্তু৷ কেন্দ্ৰীয় চৰকাৰে নতুন ৰাষ্ট্ৰীয় শিক্ষানীতিৰ আধাৰত শিশুৰ শিক্ষাৰ গুণগত মানদণ্ড শক্তিশালী কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে যাতে প্ৰতিগৰাকী শিশুৱে শিক্ষাৰ সঠিক ভেঁটি স্থাপন কৰিব পাৰে৷ ইয়াৰ জৰিয়তে শিশুসকলক সোনকালে শিকাৰ সুবিধা প্ৰদান কৰা হয়৷ প্ৰায় তিনিবছৰ সম্পূৰ্ণ হোৱাৰ লগে-লগেই এটি শিশু অংগনবাড়ী কেন্দ্ৰত অন্তৰ্ভুক্ত হোৱাৰ পাছত শিশুটিৰ প্ৰাক-প্ৰাথমিক শিক্ষাৰ আৰম্ভণি হয়৷ ইয়াত শিশুৰ সৰ্বাংগীন বিকাশৰ লগতে শিশুক এটি সুৰক্ষিত পৰিৱেশ প্ৰদান কৰে য’ত শিশুয়ে খেল-ধেমালিৰ মাজেদি শৈক্ষিক ক্ৰিয়া-কলাপৰ বিভিন্ন সুবিধা লাভ কৰে৷ পোষণ মাহত অংগনৱাড়ী কেন্দ্ৰসমূহত খেলা-ভিত্তিক শিক্ষা, গল্পপাঠ, সংখ্যা-পৰিচয় আৰু স্বাস্থ্যকৰ আহাৰৰ অভ্যাস প্ৰৱৰ্তন কৰাৰ প্ৰস্তাৱ আছে। পুষ্টি আৰু শিক্ষা একেলগে প্ৰদান কৰি শিশুৰ শাৰীৰিক তথা মানসিক বিকাশ সাধনেই এক গুৰুত্বপূৰ্ণ উদ্দেশ্য৷
অভিসৰণমূলক কাৰ্যসূচী আৰু ডিজিটাইজেচন হৈছে চলিত পোষণ মাহৰ আন এক উল্লেখযোগ্য কাৰ্যসূচী৷ আমাৰ জ্ঞাত যে পুষ্টি এটা বহু-পৰিসৰীয় বিষয়। স্বাস্থ্য, শিক্ষা, সামাজিক সুৰক্ষা, কৃষি আদি প্ৰতিটো ক্ষেত্ৰ একেলগে কাম কৰিলেহে সঠিক পুষ্টিৰ লক্ষ্যত উপনীত হ’ব পৰা যাব৷ মহিলা আৰু শিশু বিকাশ মন্ত্ৰালয়ে অকলশৰীয়াকৈ সমাজৰ পুষ্টিহীনতাৰ দৰে এটি জটিল সমস্যাক সমাধান কৰিব নোৱাৰে৷ ইয়াৰ প্ৰতি লক্ষ্য ৰাখি প্ৰতিখন চৰকাৰে বিভিন্ন আঁচনিও ৰূপায়ন কৰি আহিছে৷ এই বিভাগীয় আঁচনিৰ সেৱাসমূহ বৰ্তমান পোষণ ট্রেকাৰ এপ (POSHAN Tracker Application)ৰ দৰে ডিজিটেল মাধ্যমে সময় উপযোগী আৰু সম্পূৰ্ণ ডিজিটেল ব্যৱস্থাৰ মাধ্যমেৰে নিৰীক্ষণ কৰে৷ ইয়াৰ ফলত অংগনবাড়ী কৰ্মীসকলে তেওঁলোকে প্ৰতিদিনে আগবঢ়োৱা সেৱাসমূহৰ খতিয়ান তাৎক্ষণিকভাৱে দাঙি ধৰিবলৈ সক্ষম হৈছে আৰু সকলোবোৰ তথ্য জিলা, ৰাজ্যিক তথা ৰাষ্ট্ৰীয় পৰ্যায়ত সঠিক সময়ত পাব পৰাকৈ সম্ভৱ হৈছে৷
শিশুক জন্মৰ প্ৰথম ছমাহ কেৱল মাতৃদুগ্ধ খুৱাব লাগে৷ কিন্তু ছমাহ সম্পূৰ্ণ হোৱাৰ পাছত দুবছৰলৈকে শিশুৰ শাৰীৰিক প্ৰয়োজনীয়তাৰ প্ৰতি লক্ষ্য ৰাখি মাতৃদুগ্ধৰ লগতে কিছু অন্য খাদ্য খুৱাব যাক পৰিপূৰক আহাৰ বুলি কোৱা হয়। পৰিতাপৰ কথা যে পঞ্চম ৰাষ্ট্ৰীয় পৰিয়াল স্বাস্থ্য জৰীপ অনুসৰি ভাৰতত ছমাহৰ অন্তৰ্গত কেৱলমাত্ৰ মাতৃদুগ্ধ খুওৱা শিশুৰ অনুপাত ৬৪%। শিশুৰ পুষ্টিহীনতাৰ মূল কাৰকসমূহৰ ভিতৰত এই অনিয়মীয়া খাদ্যাভ্যাসৰ প্ৰচলন অন্যতম৷ সেয়েহে, এইবৰ্ষৰ পোষণ মাহত মাতৃদুগ্ধৰ গুৰুত্ব, পৰিপূৰক আহাৰ, পুষ্টিকৰ খাদ্য, পৰিষ্কাৰ-পৰিচ্ছন্নতা আদি দিশসমূহৰ ওপৰত প্ৰশিক্ষণ আৰু সচেতনতা বৃদ্ধি কৰা হৈছে। সমান্তৰালভাৱে পুষ্টি সম্পৰ্কীয় কাৰ্যসূচীসমূহত পুৰুষৰ অংশগ্ৰহণ নিশ্চিত কৰিবলৈও বিভিন্ন পদক্ষেপ লোৱা হৈছে৷ এনে কাৰ্যসূচী সাধাৰণতে মহিলা আৰু শিশুক কেন্দ্ৰ কৰি কৰা হয়৷ কিন্তু দেখা যায় যে বেছিসংখ্যক পৰিয়ালত সিদ্ধান্ত গ্ৰহণৰ ক্ষেত্ৰত পুৰুষৰ ভূমিকাই চূড়ান্ত হয়৷ সেয়েহে, পুৰুষসকল সক্ৰিয় হলে সমাজত সচেতনতা দ্রুতভাৱে বৃদ্ধি পাব৷ পুষ্টি সম্পৰ্কীয় সজাগতামূলক আলোচনাত পুৰুষ তথা পিতৃৰ সচেতন অংশগ্ৰহণে মাতৃ-পুষ্টি, গৰ্ভাৱস্থাৰ যত্ন, শিশুৰ মাতৃদুগ্ধ সেৱন আদি বিষয়ত সহায়ক হয়। গতিকে, এই পোষণ মাহত পুৰুষৰ অংশীদাৰিত্বক এটি বিষয়বস্তুৰ মাধ্যমেৰে পুৰুষক পুষ্টি-আন্দোলনত সম্পৃক্ত কৰাৰ প্ৰয়াস কৰা হৈছে।
উপসংহাৰঃ পোষণ মাহ সুপুষ্টিত ভাৰত গঢ়াৰ এক আধাৰভূমি৷ ই কেৱলমাত্ৰ এটা “মাহ” উদযাপন নহয়; ই হ’ব লাগিব এক দীৰ্ঘস্থায়ী জন আন্দোলন, যাৰ লক্ষ্য পুষ্টিহীনতাৰ মূল সমস্যাক সমাধান কৰি এক সুপুষ্টিত ভাৰত গঢ়ি তোলা। বিভিন্ন প্ৰতিবেদনে স্পষ্টকৈ দেখুৱাইছে যে পোষণ মাহ উদযাপনৰ জৰিয়তে সচেতনতা বৃদ্ধি আৰু কিছুমান সূচকত অগ্ৰগতি লাভ হৈছে। তথাপি পুষ্টিহীনতা হ্ৰাসৰ লক্ষ্য পূৰণ কৰিবলৈ অধিক কার্যকৰী সমন্বয়, শক্তিশালী নীতি-নিৰ্ধাৰণ আৰু পুঁজিৰ উচিত ব্যৱহাৰ হ’ব লাগিব৷ অষ্টম ৰাষ্ট্ৰীয় পোষণ মাহ আৰু “সুস্থ নাৰী, শক্তিশালী পৰিয়াল অভিযান” একেলগে আৰম্ভ হোৱাটো ভাৰতৰ স্বাস্থ্য আৰু পুষ্টি নীতিৰ ক্ষেত্ৰত এক যুগান্তকাৰী পদক্ষেপ। এনে পদক্ষেপে কেৱল স্বাস্থ্য আৰু পুষ্টি নহয়, বৰং সমগ্ৰ সমাজৰ সুৰক্ষাৰ বাবে এক মজবুত ভেঁটি প্ৰস্তুত কৰিব। সুস্থ মাতৃ মানে সুস্থ সন্তান, সুস্থ সন্তান মানে শক্তিশালী পৰিয়াল আৰু শক্তিশালী পৰিয়াল মানে সমৃদ্ধ ৰাষ্ট্ৰ। সেয়েহে এই দুয়োটা কাৰ্যসূচীৰ সফল ৰূপায়নে ভাৰতৰ সুস্থ, পুষ্টিমান সমাজ নিৰ্মাণৰ লক্ষ্য পূৰণ কৰিব৷