ৰাষ্ট্ৰীয় জনতা দল নেতা অৱধ বিহাৰী চৌধুৰী সৰ্বসন্মতিক্ৰমে বিহাৰ বিধানসভাৰ অধ্যক্ষ হিচাপে নিৰ্বাচিত

Pc- NDTV.com

ৰাষ্ট্ৰীয় জনতা দল নেতা অৱধ বিহাৰী চৌধুৰী সৰ্বসন্মতিক্ৰমে বিহাৰ বিধানসভাৰ অধ্যক্ষ হিচাপে নিৰ্বাচিত

ৰঙিলী বাৰ্ত্তাসেৱা-   ৰাষ্ট্ৰীয় জনতা দলৰ (আৰজেডি) প্ৰবীণ নেতা অৱধ বিহাৰী চৌধুৰীক সৰ্বসন্মতিক্ৰমে বিহাৰ বিধান সভাৰ অধ্যক্ষ হিচাপে নিৰ্বাচিত কৰা হয়। চৌধুৰীয়ে মুখ্যমন্ত্ৰী নীতিশ কুমাৰ আৰু উপ মুখ্যমন্ত্ৰী তেজস্বী যাদৱৰ উপস্থিতিত অধ্যক্ষ পদৰ বাবে মনোনয়ন পত্ৰ দাখিল কৰাৰ এদিন পিছতে তেওঁক অধ্যক্ষ হিচাপে নিৰ্বাচিত কৰা হৈছে। বিজয় কুমাৰ সিনহাই বুধবাৰে বিহাৰ বিধান সভাৰ অধ্যক্ষ পদৰ পৰা পদত্যাগ কৰিছিল।