ৰাষ্ট্ৰীয় গৃহ শ্ৰমিক আন্দোলন, অসম মণ্ডলৰ সাধাৰণ সভা
ৰঙিলী বাৰ্ত্তাসেৱা- গুৱাহাটীৰ উজান বজাৰস্থিত শ্বহীদ ভৱনত ৰাষ্ট্ৰীয় গৃহ শ্ৰমিক ইউনিয়ন, অসম মণ্ডলে ১৬ জুনত হ’ব লগীয়া আন্তৰ্জাতিক গৃহ শ্ৰমিক দিৱস উপলক্ষে এখন সাধাৰণ সভা অনুষ্ঠিত কৰে।সভাত তেওঁলোকৰ নিমন্ত্ৰিত অতিথি ক্ৰমে এন্ চি পি মহানগৰ সমিতিৰ সভানেত্ৰী হুছেনেৰা বেগম, বিশিষ্ট সমাজ কৰ্মী মামণি দাস, অধিবক্তা অপৰাজিতা ৰানা উপস্থিত থকাৰ লগতে উক্ত সংস্থাটোৰ সভানেত্ৰী অঞ্জনা কাশ্যপ, সদস্যা চাকিলা বেগম, ৰজনী লাক্ৰা, ৰীতা কলিতা সহ প্ৰায় ৭০ গৰাকী মান মহিলা তথা গৃহ কৰ্মী উপস্থিত থাকে। সভাত তেওঁলোকে কয় যে গৃহ কৰ্মী সকলে বহু অভাৱ অনাটনৰ মাজেৰে সেৱা শুশ্ৰূষা কৰে। কিছু কিছু ক্ষেত্ৰত তেওঁলোক বহু সুবিধা আৰু প্ৰাপ্যৰ পৰা বঞ্চিত হয়। তেওঁলোকৰ চৰকাৰৰ ওচৰত কেইটামান প্ৰধান মূল দাবী হ’ল – সপ্তাহটোত বেতন কৰ্তন নোহোৱাকৈ এদিনৰ চুটি চৰকাৰৰ ফালৰ পৰা মঞ্জুৰ হ’ব লাগে, গৃহ শ্ৰমিকৰ বাবে মাজিক সুৰক্ষাৰ দাবী, কৰ্মচাৰীৰ ৰাজ্যিক বীমা ESI ৰ অধিকাৰ, নূন্যতম মজুৰি ঘোষণা, গৃহ শ্ৰমিকৰ বাবে বাসগৃহৰ ব্যৱস্থা, টোল ফ্ৰি নম্বৰ প্ৰদান কৰা, ঘৰুৱা শ্ৰমিকৰ বৃদ্ধ পেঞ্চনৰ ব্যৱস্থা কৰা, ঘৰুৱা শ্ৰমিকৰ বাবে বিস্তৃত আইন প্ৰণয়ন কৰা, শ্ৰমিকৰ পৰিচয় পত্ৰ প্ৰদান কৰা আৰু ৰাজ্য চৰকাৰে সম্পূৰ্ণ নেতৃত্ব লোৱা ইত্যাদি। তাৰোপৰি তেওঁলোকে বিভিন্ন গীত নৃত্য আদি পৰিৱেশন কৰি আজিৰ অনুষ্ঠানৰ সামৰণি মাৰে।উল্লেখ থাকে যে অহা ইং ১৬/০৬/২০২৪ তাৰিখে ৰাষ্ট্ৰীয় গৃহ শ্ৰমিক, অসম মণ্ডলে গুৱাহাটী প্ৰেছ ক্লাবত আন্তৰ্জাতিক গৃহ শ্ৰমিক দিৱস পালন কৰিব বুলি সভাত জানিবলৈ দিয়ে৷