ৰাষ্ট্ৰীয় একাত্মতা যাত্ৰাৰ অধীনত উত্তৰ পূবৰ ছাত্ৰ ছাত্ৰী সকলৰ বিহাৰ আৰু উৰিষ্যাৰ ৰাজপালক সাক্ষাৎ

ৰাষ্ট্ৰীয় একাত্মতা যাত্ৰাৰ অধীনত উত্তৰ পূবৰ ছাত্ৰ ছাত্ৰী সকলৰ বিহাৰ আৰু উৰিষ্যাৰ ৰাজপালক সাক্ষাৎ

ৰঙিলী বাৰ্ত্তাসেৱা-  উত্তৰ-পূব ভাৰত আৰু ভাৰতবৰ্ষৰ অন্যান্য প্ৰান্তৰ মাজৰ সম্পৰ্ক আৰু অধিক দৃঢ় আৰু সাংস্কৃতিক আদান প্ৰদানৰ উদ্দেশ্যেৰে ১৯৬৬ চনতেই আৰম্ভ হোৱা SEIL কাৰ্য্যক্ৰমৰ অধীনত উত্তৰ পূৰ্বাঞ্চলৰ ২৪০ গৰাকী জনজাতীয় ছাত্ৰ ছাত্ৰীয়ে ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তত এক শৈক্ষিক ভ্ৰমণত অংশ লৈ আছে। ছাত্ৰ ছাত্ৰী সকল সৰ্বমুঠ ৮ টিকৈ দলত বিভক্ত হৈ ২৩ জানুৱাৰী ২০২৫ তাৰিখৰ পৰা ১২ ফেব্ৰুৱাৰী ২০২৫ লৈ ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তত শৈক্ষিক ভ্ৰমণ কৰি পুন তেওঁলোক গুৱাহাটীত উপস্থিত হ’ব । গুৱাহাটীত উপস্থিতিৰ পাছত ১৩ ফেব্ৰুৱাৰী ২০২৫ তাৰিখে গুৱাহাটীৰ শ্ৰীমন্ত শঙ্কৰদেৱ কলাক্ষেত্ৰত এই SEIL কাৰ্যক্ৰমৰ সামৰণি অনুষ্ঠান অনুষ্ঠিত কৰা হ’ব। এই সমগ্ৰ যাত্ৰাটোত তেওঁলোকে ভাৰতৰ বিভিন্ন ৰাজ্যৰ সংস্কৃতি, খাদ্য,আচাৰ-ব্যৱহাৰ আৰু ৰীতি-নীতিৰ বিষয়ে অৱগত হোৱাৰ সুযোগ আৰু সুবিধা লাভ কৰিব।

এই প্ৰতিনিধি দল কেইটাই বিহাৰৰ মহামান্য ৰাজ্যপাল আৰিফ মহম্মদ খান আৰু উৰিষ্যাৰ মহামান্য ৰাজ্যপাল হৰি বাবু কম্ভমপতিক সাক্ষাৎ কৰে। উল্লেখযোগ্য যে ১৯৬৬ চনতেই উত্তৰ পূব ভাৰতৰ লগত ভাৰতবৰ্ষৰ অনান্য প্ৰান্তৰ মাজত সাংস্কৃতিক আদান প্ৰদানৰ দ্বাৰা ৰাষ্ট্ৰীয় একাত্মতা বৃদ্ধিৰ উদ্দেশ্যৰে প্ৰতি বছৰে এবিভিপিয়ে আন্তঃ ৰাজ্য ছাত্ৰ জীৱন দৰ্শন অৰ্থাৎ SEIL কাৰ্যক্ৰমৰ আয়োজন কৰি আহিছে।