ৰাষ্ট্ৰীয় একতা শিবিৰলৈ ৰাওনা গুৱাহাটী বিশ্ববিদ্যালয়ৰ এনএছএছৰ দল
ৰঙিলী বাৰ্ত্তাসেৱা- ৮ মাৰ্চৰ পৰা ১৪ মার্চলৈ ওড়িশাৰ চম্বলপুৰ বিশ্ববিদ্যালয়ত অনুষ্ঠিত হ’বলগীয়া ৰাষ্ট্ৰীয় একতা শিবিৰত অংশগ্ৰহণ কৰিবলৈ গুৱাহাটী বিশ্ববিদ্যালয়ৰ ৰাষ্ট্ৰীয় সেৱা আঁচনি, চমুকৈ এনএছএছৰ এটা দল ৰাওনা হৈছে। দলটোত মুঠ আঠজন স্বেচ্ছাসেৱক আৰু এগৰাকী কাৰ্যসূচী বিষয়া আছে । ওড়িশা চৰকাৰৰ ৰাজ্যিক এনএছএছ কোষৰ উদ্যোগত আৰু ভাৰত চৰকাৰৰ যুৱ কল্যাণ তথা ক্রীড়া মন্ত্ৰালয়ৰ অধীনৰ এনএছএছৰ আঞ্চলিক সঞ্চালকালয়, ওড়িশাৰ সহযোগত আয়োজন কৰা হৈছে। এই শিবিৰৰ প্ৰধান উদ্দেশ্য হৈছে দেশৰ বিভিন্ন প্ৰান্তৰ যুৱক-যুৱতীৰ মাজত ৰাষ্ট্ৰীয় একতা আৰু সাংস্কৃতিক বিনিময় বৃদ্ধি কৰা। দলটোক নেতৃত্ব দিছে গোৱালপাৰা মহাবিদ্যালয়ৰ এনএছএছ গোটৰ কাৰ্যসূচী বিষয়া ড° যুগব্রত দাসে। দলটোত নগাঁও ছোৱালী মহাবিদ্যালয়ৰ শ্রুতি শর্মা আৰু জেৰিফা আজহাৰ চৌধুৰী, গোৱালপাৰা মহাবিদ্যালয়ৰ কামৰুল হক চৌধুৰী আৰু দীক্ষিতা দাস, নাৰেংগী আঞ্চলিক মহাবিদ্যালয়ৰ হীৰেন শইকীয়া আৰু টিংকু দে’ আৰু বেষ্ট গুৱাহাটী কমার্চ কলেজৰ দীপশিখা বৰা আৰু ৰবি পাণ্ডে নির্বাচিত হৈছে। গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচার্য অধ্যাপক ননী গোপাল মহন্ত, এনএছএছৰ উত্তৰ-পূব মণ্ডলৰ ক্ষেত্ৰীয় সঞ্চালক ডি কার্থিগুইন, গুৱাহাটী বিশ্ববিদ্যালয় এ পঞ্জীয়ক অধ্যাপক উৎপল শৰ্মা আৰু গুৱাহাটী বিশ্ববিদ্যালয় এনএছ এছ কোষৰ কাৰ্যসূচী সমন্বয়ক ড° ৰঞ্জন কুমাৰ কাকতিয়ে দলটোক শিবিৰত সফল অংশগ্ৰহণৰ বাবে যাত্ৰাৰ শুভেচ্ছা জ্ঞাপন কৰিছে।
