ৰাষ্ট্ৰীয় একতা দিৱস পালন

ৰাষ্ট্ৰীয় একতা দিৱস পালন

মঙলদৈ,ৰঙিলী বাৰ্ত্তাসেৱা- দৰং জিলা প্ৰশাসনে যোৱাকালি মঙলদৈ ক্ৰীড়া সন্থা আৰু নেহৰু যুৱ কেন্দ্ৰ,দৰঙৰ সহযোগত ৰাষ্ট্ৰীয় একতা দিৱস উপলক্ষে একতা দৌৰৰ আয়োজন কৰে। মঙলদৈ ষ্টেডিয়ামৰ পৰা এই একতাৰ দৌৰ আৰম্ভ হৈ নগৰখনৰ মাজেৰে গৈ পুনৰ মঙলদৈ ষ্টেডিয়ামত সামৰণি পৰে। ৰাষ্ট্ৰীয় একতা দিৱস উপলক্ষে আয়োজিত এই একতা দৌৰৰ শুভাৰম্ভণি অনুষ্ঠানত ভাষণ প্ৰদান কৰি দৰঙৰ জিলা আয়ুক্ত মুনীন্দ্ৰ নাথ ঙাটেয়ে ভাৰতৰ প্ৰথম গৰাকী উপ -প্ৰধানমন্ত্ৰী আৰু গৃহমন্ত্ৰী চৰ্দাৰ বল্লভভাই পেটেলে ৰাষ্ট্ৰখনৰ বাবে আগবঢ়োৱা অৱদানৰ কথা শ্ৰদ্ধাৰে স্মৰণ কৰে। এই অনুষ্ঠানতে জিলা আয়ুক্তকে ধৰি উপস্থিত সকলোৱে ৰাষ্ট্ৰীয় একতা দিৱসৰ শপত গ্ৰহণ কৰে। উক্ত একতা দৌৰত অসম মীন উন্নয়ন নিগমৰ অধ্যক্ষ আৰু মঙলদৈ ক্ৰীড়া সন্থাৰ সভাপতি গুৰুজ্যোতি দাস, মঙলদৈ ক্ৰীড়া সন্থা আৰু নেহৰু যুৱ কেন্দ্ৰ, দৰঙৰ বিষয়ববীয়া, ক্ৰীড়াবিদ, খেলুৱৈ, স্কুলীয়া ছাত্ৰ-ছাত্ৰী আদিয়ে অংশগ্ৰহণ কৰে। উল্লেখ্য যে ৰাষ্ট্ৰীয় একতা দিৱস উপলক্ষে দৰং জিলাৰ সকলো চৰকাৰী কাৰ্যালয়, অনুষ্ঠান-প্ৰতিষ্ঠানত লৌহ পুৰুষ চৰ্দাৰ বল্লভভাই পেটেললৈ শ্ৰদ্ধা নিবেদন কৰি ৰাষ্ট্ৰীয় একতা দিৱসৰ শপত গ্ৰহণ কৰা হয়।