ৰাষ্ট্ৰীয় একতা দিৱস উপলক্ষে ডিব্ৰুগড় জিলা প্ৰশাসনৰ উদ্যোগত “একতাৰ বাবে দৌৰ” শীৰ্ষক সামূহিক দৌৰ কাৰ্যসূচী
এম হাছিম আলী,ডিব্ৰুগড়,ৰঙিলী বাৰ্ত্তাসেৱা- ভাৰতৰ লৌহ মানৱ, আধুনিক ভাৰতৰ অন্যতম নিৰ্মাতা চৰ্দাৰ বল্লভ ভাই পেটেলৰ জন্ম বাৰ্ষিকী উপলক্ষে সমগ্ৰ দেশৰ লগতে “ৰাষ্ট্ৰীয় একতা দিৱস”ৰ লগত সংগতি ৰাখি ডিব্ৰুগড়তো জিলা প্ৰশাসনৰ উদ্যোগত ২৯ অক্টোবৰত “একতাৰ বাবে দৌৰ” শীৰ্ষক এক সামূহিক দৌৰৰ আয়োজন কৰা হয়। ডিব্ৰুগড় চৌকিডিঙ্গী খেলপথাৰৰ পৰা মিলননগৰ হৈ দুৰদৰ্শন কেন্দ্র নিৰ্মালী গাওঁলৈকে অনুষ্ঠিত হোৱা এই “একতাৰ বাবে দৌৰ” শীৰ্ষক সামূহিক দৌৰৰ ফ্লেগ অফ কৰে ডিব্রুগড় বিধানসভা সমষ্টিৰ বিধায়ক প্ৰশান্ত ফুকনে। অনুষ্ঠানত ডিব্ৰুগড়ৰ জিলা আয়ুক্ত বিক্ৰম কৈৰী, আৰক্ষী অধীক্ষক ভি ভি ৰাকেশ ৰেড্ডী, জিলা উন্নয়ন আয়ুক্ত অনুপ কুমাৰ ব্ৰহ্ম, ডিব্ৰুগড় পৌৰ নিগমৰ মেয়ৰ ডাঃ সৈকত পাত্ৰ, অতিৰিক্ত জিলা আয়ুক্ত জিন্টু বৰা, মহকুমাধিপতি সদৰ অৰিজিৎ মহাজন, অতিৰিক্ত আৰক্ষী অধীক্ষক নিৰ্মল ঘোষ, নিৰ্বাচনী বিষয়া প্ৰাঞ্জীল গগৈ, জিলা ক্ৰীড়া বিষয়া চেমী শইকীয়া প্ৰমূখ্যে বহুতো গণ্যমান্য ব্যক্তি উপস্থিত থাকে। “একতাৰ বাবে দৌৰ”ত স্কুলীয়া ছাত্ৰ-ছাত্ৰী, আৰক্ষী আৰু কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনীৰ জোৱান, অসামৰিক প্ৰতিৰক্ষা বিভাগৰ জোৱান তথা বিভিন্ন শাখাৰ ক্ৰীড়াবিদসকলে অংশগ্ৰহণ কৰে।