ৰাষ্ট্ৰীয় একতা দিৱস 

ৰাষ্ট্ৰীয় একতা দিৱস 

ৰঙিলী বাৰ্ত্তাসেৱা-  দেশৰ অন্যান্য ৰাজ্যৰ লগত সংগতি ৰাখি আজি ৩১ অক্টোবৰ তাৰিখে স্বৰ্গীয় চৰ্দাৰ বল্লভ ভাই পেটেলৰ জন্মদিন উপলক্ষে ৰাষ্ট্ৰীয় একতা দিৱস উদযাপন কৰা হয়। উক্ত দিৱস উপলক্ষে ৰাষ্ট্ৰৰ একতা, অখণ্ডতা আৰু সুৰক্ষাৰ বাবে ৰাজ্যখনৰ সকলো সঞ্চালকালয়, জিলা, মহকুমাৰ লগতে জনতা ভৱনত সকলো বিষয়া-কৰ্মচাৰীসকলে শপত গ্ৰহণ কৰে। জনতা ভৱনত সমবেত সকলো বিষয়া-কৰ্মচাৰীক দিনৰ ১১.০০ বজাত ৰাজ্যখনৰ মুখ্য সচিব পৱন বৰঠাকুৰে ৰাষ্ট্ৰীয় একতাৰ শপত বাক্য পাঠ কৰোৱায়। ইয়াৰ আগতে চৰ্দাৰ বল্লভ ভাই পেটেলৰ প্ৰতিমূৰ্তিত মুখ্য সচিবকে ধৰি অন্যান্য বিষয়া-কৰ্মচাৰীয়ে পুষ্পাঞ্জলি আগবঢ়ায়। জনসংযোগ কাৰ্যালয়তো দিনৰ ১১.০০ বজাত সকলো বিষয়া-কৰ্মচাৰীয়ে শপত গ্ৰহণ কৰে। শপত বাক্য পাঠ কৰোৱায় অতিৰিক্ত সঞ্চালক শেখৰ ইংতিয়ে।