ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদৰ বৈঠকত অংশগ্ৰহণৰ বাবে আমেৰিকালৈ যাব পাৰে প্রধানমন্ত্রী মোদী
ৰঙিলী বাৰ্ত্তাসেৱা- ৰাষ্ট্ৰসংঘৰ ৮০সংখ্যক সাধাৰণ পৰিষদৰ বৈঠকত অংশগ্ৰহণৰ বাবে অহা মাহত আমেৰিকা যুক্তৰাষ্ট্ৰলৈ যাব পাৰে প্রধানমন্ত্রী নৰেন্দ্ৰ মোদী। ৰাছিয়াৰ পৰা তেল ক্ৰয় কৰাক লৈ ভাৰতৰ বিৰুদ্ধে মার্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্রাম্পে নতুন দিল্লীৰ ওপৰত অতিৰিক্ত ৫০ শতাংশ শুল্ক আৰোপ কৰাত ভাৰত-মার্কিন সম্পৰ্কৰ অৱনতি ঘটাৰ সময়তে প্রধানমন্ত্রী মোদীৰ দেশখন ভ্রমণ তাৎপর্যপূর্ণ হিচাপে বিবেচিত হৈছে। অহা ৯ ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ’বলগীয়া ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদৰ উচ্চ পৰ্যায়ৰ বৈঠকত অংশ ল’বলৈ প্রধানমন্ত্রী মোদী আমেৰিকালৈ যাব। উচ্চ পৰ্যায়ৰ আলোচনা ২৩-২৯ ছেপ্টেম্বৰত হ’ব। এই সময়ছোৱাতে প্রধানমন্ত্রী মোদীয়ে আমেৰিকালৈ যাব আৰু তথ্য মতে ২৬ ছেপ্টেম্বৰৰ পুৱা বৈঠক সম্বোধন কৰিব প্ৰধানমন্ত্ৰীগৰাকীয়ে। ২৬ ছেপ্টেম্বৰৰ বৈঠকত চীন, পাকিস্তান, ইজৰাইল আৰু বাংলাদেশৰ মুৰব্বীয়েও অংশগ্ৰহণ কৰিব। ২৩ ছেপ্টেম্বৰত মার্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্রাম্পে বৈঠক সম্বোধন কৰিব। ড’নাল্ড ট্রাম্পৰ দ্বিতীয়টো কার্যকালত প্রধানমন্ত্রী মোদীৰ এয়া দ্বিতীয়টো ভ্রমণ।