ৰাষ্ট্ৰপতি দ্রৌপদী মুর্মুক টিমোৰ লেষ্টেৰ সৰ্বোচ্চ অসামৰিক সন্মান প্ৰদান

ৰাষ্ট্ৰপতি দ্রৌপদী মুর্মুক টিমোৰ লেষ্টেৰ সৰ্বোচ্চ অসামৰিক সন্মান প্ৰদান

ৰঙিলী বাৰ্ত্তাসেৱা- টিমোৰ- লেষ্টেৰ সৰ্বোচ্চ অসামৰিক সন্মান ‘গ্ৰেণ্ড কলাৰ অৱ দ্য অৰ্ডাৰ অৱ টিমোৰ-লেষ্টে ‘ৰে বিভূষিত কৰা হৈছে ৰাষ্ট্ৰপতি দ্রৌপদী মুর্মুক। টিমোৰ- লেষ্টেৰ ৰাষ্ট্ৰপতি জোছ ৰামোছ হটাই ৰাষ্ট্ৰপতি দ্রৌপদী মুর্মুক এই সন্মান আনুষ্ঠানিকভাৱে প্ৰদান কৰে। ৰাজহুৱা সেৱা, শিক্ষা, সমাজসেৱা আৰু মহিলা সবলীকৰণৰ ক্ষেত্ৰত আগবঢ়োৱা অনবদ্য বৰঙণিৰ বাবে ৰাষ্ট্ৰপতি দ্রৌপদী মুর্মুক এই বঁটাৰে সন্মানিত কৰা হৈছে বুলিও ৰাষ্ট্ৰপতি জোছ ৰামোছ হটাই প্ৰকাশ কৰিছে। বঁটা গ্ৰহণ কৰি ৰাষ্ট্ৰপতি দ্রৌপদী মুমুৱে কয় যে ভাৰত আৰু টিমোৰ- লেষ্টেৰ মাজত সম্পৰ্কৰ প্ৰতিফলন এই বঁটা। উল্লেখ্য যে  ভাৰতৰ ৰাষ্ট্ৰপতি দ্রৌপদী মুর্মুৱে প্ৰথমগৰাকী ৰাষ্ট্ৰপতি হিচাপে টিমোৰ-লেষ্টে ভ্ৰমণ কৰিছে। ৰাষ্ট্ৰপতিৰ ভ্ৰমণত গার্ড অৱ অ’নাৰেৰে সন্মান জনোৱাৰ পাছত দ্রৌপদী মুর্মুক দেশখনৰ ৰাষ্ট্ৰপতিয়ে সর্বোচ্চ অসামৰিক সন্মানটো প্ৰদান কৰে। ৰাষ্ট্ৰপতি জোছ ৰামোছ হটাৰ সৈতে ভাৰতৰ ৰাষ্ট্ৰপতিগৰাকীয়ে বিভিন্ন বিষয়ক লৈ আলোচনা কৰে। দুয়োগৰাকী ৰাষ্ট্ৰপতিয়ে বৈঠকত মিলিত হোৱাৰ পাছত তথ্য-প্রযুক্তি, ডিজিটেল পদ্ধতি, স্বাস্থ্য, কৃষি, সক্ষমতা নির্মাণ আদিকে ধৰি বিভিন্ন বিষয়ত ভাৰত আৰু টিমোৰ-লেষ্টেৰ দ্বিপাক্ষিক সম্পৰ্ক বৃদ্ধি কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছে বুলি ৰাষ্ট্ৰপতি দ্রৌপদী মুর্মুৱে প্রকাশ কৰিছে। আন্তর্জাতিক সৌৰ মঞ্চত টিমোৰ-লেষ্টেৰ অংশগ্ৰহণৰ সম্ভাৱনা সন্দৰ্ভতো দুয়োগৰাকী ৰাষ্ট্ৰপতিয়ে আলোচনা কৰে।