ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ আমেৰিকাত
ৰঙিলী বাৰ্ত্তাসেৱা- ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ বিৰুদ্ধে অসন্তুষ্ট জনতা। যাৰ বাবে আমেৰিকাৰ কেইবাখনো চহৰত একে সময়তে ৰাষ্ট্ৰপতি ট্রাম্পৰ বিৰুদ্ধে লাখ লাখ লোকে প্রতিবাদ সাব্যস্ত কৰে। প্ৰতিবাদকাৰীসকলে এই আন্দোলনক ‘ন’ কিংছ’ আন্দোলন বুলি অভিহিত কৰিছে। বাশ্বিংটন ডিচি আৰু নিউয়র্ককে ধৰি সৰু-বৰ চহৰতো প্রায় ৭০ লাখ লোকে ট্রাম্পৰ হঠকাৰী নীতিৰ বিৰুদ্ধে সৰৱ হৈ পৰা পৰিলক্ষিত হয়। ট্রাম্পক স্বেচ্ছাচাৰী শাসক বুলি অভিহিত কৰি প্ৰতিবাদকাৰীসকলে সমদলত অংশগ্ৰহণ কৰি ‘ন’ কিংছ, ডাউন উইথ টাইৰেনি, ছেভ দ্য কনষ্টিটিউচন’ শীর্ষক শ্লোগানেৰে উত্তাল প্রতিবাদ সাব্যস্ত কৰে। আমেৰিকাৰ পতাকা হাতে হাতে লৈ প্রতিবাদকাৰীসকলে ‘ন’ ম’ৰ ট্রাম্প’ ধ্বনি দি সমদল উলিয়ায়। শিশুৰ পৰা বৃদ্ধলৈকে আমেৰিকাৰ ৰাজপথত একমুখে ট্রাম্পৰ শাসনৰ বিৰোধিতা কৰা পৰিলক্ষিত হয়। প্রতিবাদকাৰীসকলে ৰাষ্ট্ৰপতি ট্রাম্পৰ অধীনত মার্কিন চৰকাৰখন ক্ষিপ্ৰতাৰে স্বেচ্ছাচাৰীৰ দিশে গতি কৰা বুলি দাবী কৰে। ফেচীবাদক প্রতিহত কৰক ধ্বনিৰে নিউয়ৰ্কৰ টাইমছ স্কোৱাৰ, বষ্টন, আটলান্টা আৰু ছিকাগোত হাজাৰ হাজাৰ প্ৰতিবাদকাৰীয়ে প্রতিবাদ সাব্যস্ত কৰে। উল্লেখ্য যে জুন মাহত এনেদৰে হোৱা প্ৰতিবাদৰ সময়ত এগৰাকী প্ৰতিবাদকাৰীক নৃশংসভাবে হত্যা কৰাৰ পাছত ছল্টলেক চিটীত বিক্ষোভকাৰীয়ে একত্ৰিত হৈ এই প্ৰতিবাদৰ পৰিকল্পনা কৰিছিল। বহু প্রতিবাদকাৰীয়ে ট্রাম্পক একনায়কত্ববাদী শাসক বুলি অভিহিত কৰি শীঘ্ৰে তেওঁক ক্ষমতাচ্যুত কৰাৰ অংগিকাৰ কৰে। ইফালে ট্রাম্পৰ ৰিপাব্লিকান পার্টীয়ে এই বিক্ষোভক ‘হেট আমেৰিকান’ ৰেলী বুলি উপলুঙা কৰিছে। সম্প্রতি ফ্ল’ৰিডা ভ্ৰমণ কৰি থকা ৰাষ্ট্ৰপতি ট্রাম্পে এই প্ৰতিবাদৰ প্ৰতিক্রিয়া প্রকাশ কৰিছে। তেওঁ কয়-প্রতিবাদকাৰীয়ে মোক ৰজা বুলি আখ্যা দিছে। মই ৰজা নহয়।