ৰাষ্ট্ৰপতি ট্ৰাম্পৰ সৈতে ফোনযোগে বাৰ্তালাপ প্রধানমন্ত্রী মোদীৰ
ৰঙিলী বাৰ্ত্তাসেৱা- পাকিস্তানৰ লগত কাশ্মীৰ ইছ্যুক তৃতীয় পক্ষৰ মধ্যস্থতা ভাৰতে মানি নলয় বুলি মার্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্রাম্পক স্পষ্টকৈ জনাই দিলে প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে। ইৰান আৰু ইজৰাইলৰ যুদ্ধই তীব্ৰ ৰূপ ধাৰণ কৰাৰ পৰিপ্ৰেক্ষিতত কানাডাত আয়োজিত জি-৭ৰ কাৰ্যসূচী আধাতে সামৰি আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্রাম্পে স্বদেশলৈ উভতি যোৱাৰ বাবেই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ট্রাম্পৰ সৈতে মুখামুখি বৈঠক নহ’ল যদিও টেলিফোনযোগে মোদীয়ে ট্রাম্পৰ সৈতে বাৰ্তালাপ কৰে। এই বার্তালাপৰ সময়ত প্রধানমন্ত্রী মোদীয়ে পাকিস্তানৰ সৈতে কাশ্মীৰ ইছ্যুক লৈ তৃতীয় পক্ষৰ মধ্যস্থতা নতুন দিল্লীয়ে মানি নলয় বুলি ৰাষ্ট্ৰপতি ট্রাম্পক স্পষ্টকৈ জনাই দিয়ে। মন কৰিবলগীয়া যে কাশ্মীৰ ইছ্যু সমাধানৰ বাবে মার্কিন ৰাষ্ট্রপতি ট্রাম্পে ভাৰত আৰু পাকিস্তানৰ মাজত মধ্যস্থতাকাৰী হিচাপে ভূমিকা গ্রহণ কৰিব বুলি বাৰম্বাৰ আগ্রহ প্রকাশ কৰি আহিছে। আনকি পাৰমাণবিক শক্তিসম্পন্ন দুই দেশৰ মাজত অলপতে হোৱা যুদ্ধবিৰতিৰ সময়তো ৰাষ্ট্রপতি ট্রাম্পে কাশ্মীৰ ইচ্যুত মধ্যস্থতা কৰিবলৈ সাজু থকা বুলি কৈছিল। নতুন দিল্লীয়ে কাশ্মীৰ ইছ্যুক লৈ তৃতীয় পক্ষৰ হস্তক্ষেপ মানি নলয় বুলি কৈ আহিছে। ইপিনে ভাৰত আৰু পাকিস্তানৰ মাজত যুদ্ধবিৰতিৰ ক্ষেত্ৰত আমেৰিকাই মধ্যস্থতাকাৰীৰ ভূমিকা লোৱা নাছিল বুলিও প্রধানমন্ত্রী মোদীয়ে বার্তালাপৰ সময়ত ট্রাম্পক অৱগত কৰে। উল্লেখ্য যে ৰাষ্ট্রপতি ট্রাম্পে ভাৰত আৰু পাকিস্তানৰ মাজত যুদ্ধবিৰতিত মধ্যস্থতা কৰা বুলি দাবী কৰি আহিছে। অৱশ্যে ট্রাম্পে কেতিয়াবা কেতিয়াবা এই বিষয়টোত ইউ টার্ন লোৱাও পৰিলক্ষিত হৈছে। মার্কিন যুক্তৰাষ্ট্রই ভাৰত-পাকিস্তানৰ যুদ্ধবিৰতিত মধ্যস্থতা কৰা বুলি চলি থকা বিষয়টোত আজি প্রধানমন্ত্রী মোদীয়ে টেলিফোনিক বাৰ্তালাপৰ সময়ত আমেৰিকাই কোনো ভূমিকা লোৱা নাছিল বুলি ৰাষ্ট্রপতি ট্রাম্পক অৱগত কৰে।৩৫ মিনিটজোৰা বার্তালাপত মোদীয়ে অপাৰেচন সিন্দূৰ সন্দর্ভতো বিতং ব্যাখ্যা আগবঢ়ায় ট্রাম্পৰ সন্মুখত। ভাৰতে সন্ত্রাসবাদৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্রহণ কৰি থাকিব বুলিও স্পষ্ট কৰি দিয়ে প্রধানমন্ত্রী মোদীয়ে।