ৰাষ্ট্ৰপতি ট্রাম্পৰ  ফোনকল ৰিচিভ কৰা নাই প্ৰধানমন্ত্ৰী মোদীয়ে

ৰাষ্ট্ৰপতি ট্রাম্পৰ  ফোনকল ৰিচিভ কৰা নাই প্ৰধানমন্ত্ৰী মোদীয়ে

ৰঙিলী বাৰ্ত্তাসেৱা- ট্রাম্পৰ শুল্ক বোমাক লৈ তীব্র অসন্তুষ্টি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ। ৰাছিয়াৰ তেল ক্রয় কৰাক লৈ আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্রাম্পে ভাৰতৰ ওপৰত দুটা পৰ্যায়ত অতিৰিক্ত ৫০ শতাংশ শুল্ক আৰোপ কৰাক লৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী অসন্তুষ্ট হোৱাই নহয়, মার্কিন ৰাষ্ট্ৰপতি ট্রাম্পৰ সিদ্ধান্তক লৈ ক্ষুণ্ণ হৈ পৰিছে। বিগত সপ্তাহত মার্কিন ৰাষ্ট্ৰপতি ট্রাম্পে প্রধানমন্ত্রী মোদীলৈ ৪টা ফোনকল কৰিছিল। কিন্তু প্রধানমন্ত্রী মোদীয়ে ৰাষ্ট্ৰপতি ট্রাম্পৰ এই ফোনকল ৰিচিভ কৰা নাই। জার্মান বাতৰিকাকত ফ্ৰেংক ফোল্টাৰ এলজেমিন জেইটুঙ (এফএজে)ত এই তথ্য প্রকাশ পাইছে। প্রতিবেদনত প্রধানমন্ত্রী মোদীয়ে ট্রাম্পৰ ফোনকল ৰিচিভ নকৰাটো মোদীৰ প্ৰচণ্ড ক্ষোভৰ লগতে সাৱধানতাৰ বাবেই বুলি উল্লেখ কৰিছে। জার্মান বাতৰিকাকতৰ উপৰি ট্রাম্পৰ ফোন নধৰা প্ৰতিবেদন প্রকাশ পাইছে জাপানৰ এখন বাতৰিকাকতত। নিকি এছিয়া নামৰ কাকতখনত প্রকাশিত প্রতিবেদনত উল্লেখ কৰা মতে, ট্রাম্পৰ হতাশা বঢ়াবলৈ মোদীয়ে ফোন ৰিচিভ কৰা নাই। উল্লেখ্য যে মার্কিন ৰাষ্ট্ৰপতি ট্রাম্পে ভাৰতৰ ওপৰত অতিৰিক্ত ৫০ শতাংশ শুল্ক আৰোপ কৰাক লৈ নতুন দিল্লী আৰু ৱাশিংটনৰ মাজত উত্তেজনা বৃদ্ধি পাইছে। ভাৰতীয় সামগ্ৰীৰ ওপৰত মার্কিন শুল্ক ব্রাজিলক বাদে আন সকলো দেশতকৈ বেছি। জার্মান কাকতখনত প্রকাশ কৰা মতে, প্রধানমন্ত্রী মোদীয়ে ৱাশ্বিংটনৰ চাপত নতুন দিল্লীয়ে শিৰনত নকৰে বুলি স্পষ্ট ইংগিত দি ট্রাম্পৰ ফোনকল ৰিচিভ কৰা নাই।