ৰাষ্ট্ৰপতিৰ নাম ভুলকৈ মাতি বিতর্কত কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতি মল্লিকার্জুন খার্গে

ৰাষ্ট্ৰপতিৰ নাম ভুলকৈ মাতি বিতর্কত কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতি মল্লিকার্জুন খার্গে

ৰঙিলী বাৰ্ত্তাসেৱা- ৰাষ্ট্ৰপতি আৰু প্ৰাক্তন ৰাষ্ট্ৰপতিৰ নাম ভুলকৈ মাতি বিতৰ্কত সাঙোৰ খাই পৰিছে কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতি মল্লিকার্জুন খার্গে। দৰাচলতে সোমবাৰে ছত্তিশগড়ৰ ৰায়পুৰত এখন ৰাজহুৱা সভাত খৰ্গে বনভূমিৰ সমস্যাক লৈ উদ্বেগ প্ৰকাশ কৰি জনজাতীয় আৰু দলিত সভাপতি নিযুক্তিৰ আঁৰত বিজেপিৰ উদ্দেশ্যক লৈ প্ৰশ্ন উত্থাপন কৰা মন্তব্যৰ পৰাই এই বিতৰ্কৰ উদ্ভৱ হৈছে। তেওঁ কৈছিল, “তেওঁলোকে মাত্ৰ ডাঙৰ কথা কয়; আমি মুৰ্মাজীক ভাৰতৰ ৰাষ্ট্ৰপতি বনালো, আমি ৰাম নাথ কোভিডক ৰাষ্ট্ৰপতি বনালো হয়, কিন্তু কিহৰ বাবে? আমাৰ সম্পত্তি কাঢ়ি নিবলৈ? আমাৰ জংঘল কাঢ়ি নিবলৈ? আমাৰ পানী বন্ধ কৰিবলৈ? তেওঁলোকে আমাৰ মাটি কাঢ়ি নিবলৈ এই কাম কৰিছে।’ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে ইচ্ছাকৃতভাৱে এনে কৰা বুলি ৰাজহুৱাকৈ ক্ষমা খোজাৰ দাবী জনাইছে বিজেপিয়ে। উল্লেখ্য যে কংগ্ৰেছৰ সভাপতিগৰাকীয়ে ৰাষ্ট্ৰপতিৰ নাম মুৰ্মাজীৰ পৰা পাছলৈ মুর্মুজী কৰে যদিও পাছলৈ কেইমিনিটমান পিছতে পুনৰ প্ৰাক্তন ৰাষ্ট্ৰপতিক ক’ভিড বুলি কোৱাৰ লগে লগে সভাখনতো একধৰণৰ অস্বস্তিকৰ পৰিৱেশৰ সৃষ্টি হয়। শতিকাপুৰণি কংগ্ৰেছ দলৰ সভাপতিয়ে ৰাষ্ট্ৰপতি আৰু প্ৰাক্তন ৰাষ্ট্ৰপতিৰ নাম ভুলকৈ কোৱাটো গ্রহণযোগ্য নহয় বুলি উল্লেখ কৰি বিজেপিয়ে ৰাজহুৱাভাৱে ক্ষমাৰ দাবী জনাইছে।