ৰাষ্টীয় ক্রীড়া বঁটাৰ বাবে অনলাইন আবেদনৰ অন্তিম সময় ২০ ছেপ্টেম্বৰ 2022

Pc India Today

ৰাষ্টীয় ক্রীড়া বঁটাৰ বাবে অনলাইন আবেদনৰ অন্তিম সময় ২০ ছেপ্টেম্বৰ 2022

দিছপুৰ,ৰঙিলী বাৰ্ত্তাসেৱা–  কেন্দ্ৰীয় চৰকাৰৰ যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰালয়ে প্ৰতিবছৰে ক্ৰীড়াৰ ক্ষেত্ৰত পাৰদৰ্শিতা দেখুওৱা ব্যক্তিসকলক ৰাষ্ট্ৰীয় ক্রীড়া বঁটা প্ৰদান কৰি আহিছে। ২০২২ বৰ্ষৰ উক্ত বঁটাৰ বাবে যোগ্য ক্রীড়াবিদ, প্রশিক্ষক, ক্রীড়া ক্ষেত্ৰত অস্তিত্ব থকা আৰু বিশ্ববিদ্যালয়ত খেলত পাৰদৰ্শিতা দেখুওৱা ব্যক্তিসকলক অনলাইন পর্টেল dbtyas sports.gov.in ত আবেদনৰ বাবে আহ্বান জনাইছে আৰু অনলাইন আবেদনৰ অন্তিম সময় ২০ ছেপ্টেম্বৰ, ২০২২ নিৰ্ধাৰণ কৰা হৈছে। কেন্দ্রীয় আৰু ৰাজ্য চৰকাৰ তথা ৰাজহুৱা খণ্ডৰ চাকৰিয়াল সকলে অনলাইন আবেদনৰ লগত ভিজিলেন্স চার্টিফিকেট দাখিল কৰাটো বাধ্যতামূলক। আবেদনকাৰীয়ে সবিশেষ জানিবৰ বাবে কাৰ্যালয় খোলা দিনত ০১১-২৩৩৮৭৪৩২ নম্বৰত পুৱা ৯ বজাৰ পৰা সন্ধিয়া ৫.৩৯ বজালৈ আৰু টোল ফ্রী নম্বৰ ১৮০০-২০২-৫১৫৫ আৰু ১৮০০-২৫৮-৫১৫৫ নম্বৰত পুৱা ৮ বজাৰ পৰা ৰাতি ৮ বজালৈ যোগাযোগ কৰিব পাৰিব। উল্লেখযোগ্য যে এই ৰাষ্ট্ৰীয় বঁটাসমূহৰ ভিতৰত আছে মেজৰ ধ্যান চান্দ খেল ৰত্ন বঁটা, অর্জুন বঁটা, দ্রোণাচার্য বঁটা, ধ্যান চান্দ জীৱনজোৰা বঁটা, ৰাষ্ট্ৰীয় খেল প্ৰৎসাহন পুৰস্কাৰ আৰু মৌলানা আবুল কালাম আজাদ (MAKA) ট্ৰফী।