ৰায়তক ভূমিৰ মালিকীস্বত্ব আৰু আৱণ্টনপ্ৰাপ্ত ভূমিৰ ম্যাদিপট্টা প্ৰদানৰ দাবীত পলাশবাৰীত কৃষক শ্ৰমিকৰ উত্তাল প্ৰতিবাদ

ৰায়তক ভূমিৰ মালিকীস্বত্ব আৰু আৱণ্টনপ্ৰাপ্ত ভূমিৰ ম্যাদিপট্টা প্ৰদানৰ দাবীত পলাশবাৰীত কৃষক শ্ৰমিকৰ উত্তাল প্ৰতিবাদ

মুখ্যমন্ত্ৰী ড.হিমন্ত বিশ্ব শৰ্মা মুৰ্দাবাদ,বিধায়ক হেমাংগ ঠাকুৰীয়া হুছিয়াৰ ধ্বনি

মিৰ্জা,ৰঙিলী বাৰ্ত্তাসেৱা- মুখ্যমন্ত্ৰী ড.হিমন্ত বিশ্ব শৰ্মা মুৰ্দাবাদ,বিধায়ক হেমাংগ ঠাকুৰীয়া হুছিয়াৰ, পলাশবাৰী ৰাজহ চক্ৰত দালালি কৰা নচলিব, পলাশবাৰী আৰক্ষীয়ে কৃষকৰ নামত তৰা ভূৱা গোচৰ উঠাই লওঁক, বসুন্ধৰাৰ নামত দুৰ্নীতি কৰা নচলিব,ৰায়তীক উচ্ছেদ কৰা নচলিব আদি ধ্বনিৰে আজি পলাশবাৰী ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয় চৌহদত নিখিল ভাৰত কৃষক সভা আৰু সংগ্ৰামী কৃষক শ্ৰমিক সংঘৰ বৰদুৱাৰ বাগান আঞ্চলিক সমিতিয়ে ৰায়তী ভূমিৰ মালিকীস্বত্ব বিচাৰি পলাশবাৰী ৰাজহ চক্ৰৰ কাৰ্যালয় চৌহদত এটি উত্তাল প্ৰতিবাদী কাৰ্যসূচীৰ ৰূপায়ণ কৰে। ৰায়তী ভূমিৰ মালিকীস্বত্ব আৰু আৱণ্টন প্ৰাপ্ত ভূমিৰ ম্যাদিপট্টাৰ পৰা বঞ্চিত কৃষক শ্ৰমিকসকলে প্ৰথমে এই প্ৰতিবাদী কাৰ্যসূচী উপলক্ষে পলাশবাৰী আৰ বি উচ্চতৰ আৰু বহুমুখী বিদ্যালয়ৰ খেলপথাৰত সমবেত হৈ হাতে হাতে বেনাৰ পোষ্টাৰ,ফেষ্টুন আদি লৈ বিভিন্ন শ্ল’গান দি মিৰ্জাৰ ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথ হৈ আহি পলাশবাৰী ৰাজহ চক্ৰত উপস্থিত হয়। পিচত প্ৰতিবাদকাৰী সকলৰ কাষত পলাশবাৰী ৰাজহ চক্ৰ বিষয়া মানৱজ্যোতি দাস উপস্থিত হোৱাত প্ৰতিবাদকাৰীসকলৰ হৈ কৃষক শ্ৰমিক সংঘৰ সভাপতি দীনেশ দাসে কৃষক শ্ৰমিক ৰাইজৰ এই সমস্যাৰ কথা ক্ষোভেৰে প্ৰকাশ কৰে। তেওঁ ‘ৰায়তী আইন, ৭১ অনুসৰি ৰায়তসকলক ভূমিৰ মালিকীস্বত্ব প্ৰদান কৰাৰ চৰকাৰক দাবী উত্থাপন কৰে। লগতে পলাশবাৰী থানাত ৰজু হোৱা গোচৰ (গোচৰ নং-১৬২ এম/২০২৪) বাতিল কৰি ৰায়তসকলক সকাহ প্ৰদান কৰা, আবণ্টন প্রাপ্ত ভূমি আৰু ভোগদখলীকৃত ভূমিৰ উপযুক্ত জৰীপেৰে ভূমিৰ অধিকাৰ প্ৰদান কৰাৰ দাবী উত্থাপন কৰে। এই প্ৰতিবাদত কৃষক নেতা অনিল বড়ো,অসম ৰাজ্যিক কৃষক সভাৰ ভাৰপ্ৰাপ্ত সম্পাদক জয়ন্ত গগৈ, এই প্ৰতিবাদৰ সমৰ্থক অধিবক্তা কৃষ্ণ গগৈ উপস্থিত থাকি ৰায়তী আইন,বসুন্ধৰা, কৃষকৰ দীৰ্ঘদিনীয় সমস্যাৰ বিষয়ে কয়। উল্লেখ যে, পলাশবাৰী ৰাজহ চক্ৰৰ অন্তৰ্গত বৰদুৱাৰ মৌজাৰ কোৰাপাৰা গাঁৱৰ ৩০ টা অঞ্চলৰ প্ৰায় ৬০ বিঘা ভূমিৰ পৰা জমীদাৰী প্ৰথাৰে চৰকাৰে ৰায়তক উচ্ছেদ কৰিব বিচাৰাৰ প্ৰতিবাদত এই প্ৰতিবাদ সাব্যস্ত কৰা হয়। এক বিবৃতিত উল্লেখ কৰে যে অঞ্চলটোৰ পূৰ্বপুৰুষে প্রায় এশৰো অধিক বছৰ ভোগ-দখল কৰি থকা ভূমি ৰাইজে গম নোপোৱাকৈ সুবেনী গ্যান মিলৰ স্বামী কর্ণেলৰ পৰা আদবৰ কছাৰী নামৰ ব্যক্তি এজনে ক্রয় কৰে। সেই সময়ত পূৰ্বপুৰুষ ৰায়তসকলক কোনোধৰণে জ্ঞাত কৰা হোৱা নাছিল। আমাৰ পূর্বপুৰুষে প্রায় এশৰো অধিক বছৰ দখল ভোগ-দখল কৰি থকা ভূমি ৰাইজে গম নোপোৱাকৈ সুবেনী গ্যান মিলব স্বামী কর্ণেলৰ পৰা আদবৰ কছাৰী নামৰ ব্যক্তি এজনে ক্রয় কৰে। সেই সময়ত আমাৰ পূৰ্বপুৰুষ ৰায়কসকলক কোনোধৰণে জ্ঞাত কৰা হোৱা নাছিল। আজি প্রায় ৬০ বছৰ পিছত আদবৰ কছাৰীৰ পুত্ৰই জমীদাৰী প্ৰথা দেখুৱাই আৰু ৰাইজক উচ্ছেদৰ ভয় দেখুৱাই পলাশবাৰী আৰক্ষী থানাত ১৬২ এম/২০২৪ এটি ভূৱা গোচৰ তৰে। বৰ্তমানেও এই বিচাৰ আদালত চলি আছে। উল্লেখ্য যে মাটিৰ মালিকক নিয়ম অনুসৰি দীর্ঘদিন ধৰি ৰায়তসকলে খাজানা আদায় দি আহিছে। সেয়ে দখলকাৰী ৰায়তসকলৰ ওপৰত বে-আইনীভাৱে উচ্ছেদৰ ষড়যন্ত্র চলোৱা তথা ভুৱা গোচৰ তৰি হাৰাশাস্তি কৰা লক্ষী বড়ো কছাৰী (পিতা-আদৰ কছৰী) ৰ ওপৰত ন্যায়িক তদন্ত চলোৱাৰ দাবী জনায়। পুনৰ এই বৰদুৱাৰ অঞ্চলৰে ১৯৯২ চনত প্রায় ৬০ ৰো অধিক পৰিয়ালে ভোগদখলীকৃত ভূমিৰ আৱণ্টন পাবলৈ সক্ষম হৈছে। কিন্তু দুখৰ কথা, আজি সুদীর্ঘ ৩২ বছৰে আৱণ্টন প্রাপ্ত ভূমিৰ ম্যাদী পট্টা পাবলৈ সক্ষম নহ’ল। সেয়ে এই ভূমিৰ শীঘ্রে ম্যাদী পট্টা পোৱাৰ ব্যৱস্থা কৰাৰো দাবী উত্থাপন কৰে কৃষক নেতা দীনেশ দাসে। তদুপৰি বৃহত্তৰ বৰদুৱাৰ বাগানৰ ভোগদখলকাৰী কৃষি আৰু বস্তি ভূমিৰ উপযুক্ত জৰীপ কৰি থলুৱা জনজাতি- অজনজাতি লোকসকলক ভূমি অধিকাৰ প্ৰদান কৰাৰ দাবীত পলাশবাৰী ৰাজহ চক্ৰৰ চক্ৰ বিষয়া মানৱজ্যোতি দাসৰ হাতত এখন স্মাৰক পত্র প্রদান কৰে। চক্ৰ বিষয়াগৰাকীয়ে সকলো তথ্য বিচাৰ -বিবেচনা কৰি উচিত ৰায় প্ৰদান কৰা হ’ব বুলি মন্তব্য প্ৰকাশ কৰি প্ৰতিবাদ কাৰীসকলক আশ্বাস প্ৰদান কৰে। ভুক্তভোগী লোকসকলে যদি এই প্ৰতিবাদৰ পিছত কোনোধৰণৰ সুফল লাভ নকৰে তেন্তে পৰৱৰ্তীসময়ত জিলা আয়ুক্তৰ কাৰ্যালয়টো প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰা হ’ব বুলি ব্যক্ত কৰে প্ৰতিবাদকাৰীসকলে। লগতে পলাশবাৰীৰ ল’ৰামতীয়া বিধায়ক হেমাংগ ঠাকুৰীয়াই ৰাইজক বিভিন্ন সময়ত ভূমি পট্টা প্ৰদান কৰিব বুলি দিয়া আশ্বাস ফুটুকাৰ ফেনত পৰিণত হোৱা বুলি ক্ষোভ উজাৰে বহুসংখ্যক প্ৰতিবাদকাৰীয়ে। আজিৰ এই প্ৰতিবাদত সংগ্ৰামী কৃষক-শ্ৰমিক সংঘ বৰদুৱাৰ বাগান সমিতিৰ সভাপতি ৰাজেন ৰাভা,কাৰ্যকৰী সভাপতি ৰাছু ৰাভা,সম্পাদক পূৰ্ণ ৰাভা,কৃষক নেতা দেৱজিত চৌধুৰীকে ধৰি বহুকেইজন কৃষক নেতা,বিশিষ্ট লোক উপস্থিত থাকে। উল্লেখ যে,ৰাভা হাছংৰ অন্তৰ্গত বৰদুৱাৰ বাগান অঞ্চলৰ এই কৃষক শ্ৰমিকসকলৰ দুখৰ দিনতো খবৰ ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য টংকেশ্বৰ ৰাভাকে ধৰি একাংশ নেতা পালিনেতাৰ খবৰ নথকাৰ একাংশ লোকে দুখ প্ৰকাশ কৰে। টংকেশ্বৰ ৰাভাই যদি এই সকল মানুহৰে খবৰ নাৰাখে তেতিয়াহ’লে কাৰ খবৰ ৰাখে বুলি ক্ষোভ প্ৰকাশ কৰে।