ৰামসেতু – নাজবিন চুলতানা

ৰামসেতু
নাজবিন চুলতানা, শিৱসাগৰ
যুগ যুগ ধৰি চলি অহা এক ঐতিহাসিক ৰহস্যপ্ৰাপ্ত পুল তথা দলং ৰামসেতুৰ অৱস্থিতি ভাৰত আৰু শ্ৰীলংকাৰ মাজত ,৮টা আইলেণ্ডৰ দ্বাৰা পৰিপূৰ্ণ এডাল ৰেখাসদৃশ দলং । এই দলং কোনো খুটাৰে নিৰ্মিত নহয়। পাথৰ,চূণশিল আদিৰে সমুদ্ৰৰ মাজভাগত নিৰ্মাণ হোৱা এক আশ্চৰ্যকৰ দলং । এই ৰামসেতু নিৰ্মাণৰ পাথৰসমূহ পানীত উপঙি থাকে । ৰামসেতু উপস্থিতিৰ হেতুকে ইয়াৰ আশে-পাশে সমুদ্ৰৰ পানীৰ গভীৰতা কম সেয়ে সৰু সৰু ঢৌ ৰে সোঁত বলে। বিশ্বৰ অন্য এক অদ্ভুদ আৰু ৰোমাঞ্চক দলং ৰামসেতুৰ সন্দৰ্ভত ৰামায়ণত উল্লেখ আছে।বহুতো গৱেষণাৰ বিশ্লেষণৰ অন্তত কোৱা হৈছে যে ৰামেশ্বৰম আৰু শ্ৰীলংকাৰ মাজত এনেকুৱা বহুতো পাথৰ পোৱা গৈছে যিবোৰ প্ৰায় ৭০০০ বছৰৰ পুৰণি। বহুতো গৱেষক , বৈজ্ঞানিকে ৰামসেতুৰ অস্তিত্বক মানি লৈছে।হিন্দু ধৰ্মৰ তাৎপৰ্য অনুসৰি বিশ্বাস্য বিশেষকৈ ৰামায়ণত উল্লেখ আছে যে ৰামসেতু ৰামেশ্বৰম সাগৰত নিৰ্মাণ হৈছিল । ৰাৱণৰ হাতৰ পৰা চলনাৰে বন্দিত্ব সীতাক উদ্ধাৰৰ বাবে বান্দৰ দেৱতা হনুমান আৰু তেওঁৰ সৈন্যৰ সহায়ত ভগৱান ৰামে এই দলং নিৰ্মাণ কৰোৱাইছিল। ৫ দিনৰ ভিতৰত এই দলং নিৰ্মাণ হৈছিল বুলি নিশ্চিত কৰা হৈছে আৰু প্ৰত্যেকটো পাথৰত ৰামৰ নাম খোদিত কৰিছিল ।কোৱা হৈছিল যে ভগৱান ৰামে ৰামেশ্বৰম মন্দিৰৰ পৰা সেতু নিৰ্মাণৰ কাম চোৱা চিতা কৰিছিল আৰু লংকাত হোৱা যুদ্ধৰ সিদ্ধান্ত এই মন্দিৰৰ প্ৰাঙ্গণৰ পৰাই লৈছিল । বৰ্তমান সেই ঠাইডোখৰ দৰ্জা আৰু খিৰিকীৰে আৱদ্ধ কৰি পেলালে। ৰামসেতু দিল্লীৰ পৰা ২০০০ কিলোমিটাৰ দূৰ যাত্ৰা কৰিব লাগে ।ভাৰত আৰু শ্ৰীলংকাৰ মাজত ৮ আইলেণ্ডৰ সৈতে অৱস্থিত সমুদ্ৰৰ মাজভাগত পোৱা যায় মাটি, য’ত নাও,জাহাজ আদি নিষিদ্ধ অৰ্থাৎ পাৰ হ’ব নোৱাৰে।য’ত খোজ কাঢ়ি মানুহে পৰ্যৱেক্ষণ কৰিব পাৰে সেয়াই হৈছে ৰামসেতু। সেইঠাইত টি.ভি,কেমেৰা বাদেই আনকি মানুহ যোৱাটোও অসম্ভৱ আছিল কিন্তু বৰ্তমান সময়ত সন্ধানৰ তত্ত্বাৱধানত বহুতো লোকৰে সমাৱেশ ঘটিল। ৰামসেতুৰ বিষয়ে বিশেষকৈ তুলসীদাসৰ দ্বাৰা ৰচিত “ৰামচৰিত মানস”ত পোৱা যায়।আন্তৰাষ্ট্ৰীয় স্তৰত ৰামসেতুক কোৱা হয় আদম পুল বা Adams Bridge বুলি জনা যায়।প্ৰাচীন ইছলামিক গ্ৰন্থসমূহতো ইয়াৰ উল্লেখ । সেই গ্ৰন্থসমূহত আদম দলং হিচাপে নাম দিছে। ইছলাম ধৰ্ম মতে এই পুল আদমে নিৰ্মাণ কৰাইছিল।ইছলামিক বিশ্বাস্য অনুসৰি মাটিৰে নিৰ্মিত মানুহ অৰ্থাৎ আল্লাহৰ সৃষ্ট প্ৰথম মানৱ আদম আলাইচালামৰ পৃথিৱীত প্ৰথম অৱস্থিতি হৈছিল শ্ৰীলংকাৰ এই ঠাইতে । আদমে নিষ্কাশনৰ পাছত ইডনগাৰ্ডেনৰ পৰা এই পুলৰ দ্বাৰা শ্ৰীলংকাৰ পৰা ভাৰত আহিছিল।সেইবাবে এই পুলক Adams bridge বুলি কোৱা হয়। তদুপৰি অন্য কিছু লোকৰ মতৰ ভিত্তিত উল্লিখিত তথ্যত কোৱা হৈছে যে আডামে এখন পাহাৰলৈ যাবলৈ পুলৰ ব্যৱহাৰ কৰিছিল যাক ইংৰাজে শ্ৰীলংকাত Adams speak ৰ ৰূপ দিছিল।ইয়াত আডামে প্ৰায় ১০০০ বছৰলৈকে এজোপা গছত তপস্যা কৰিছিল বুলি কোৱা হৈছে ।যাৰ পৰা আডামৰ ভৰিৰ চিহ্ন হিচাপে মিল আছে বুলি বিশ্বাস কৰে। তামিলনাডুৰ ৰামেশ্বৰম আৰু শ্ৰীলংকাৰ মন্নাৰ দ্বীপ ৰামসেতু ভূ তাত্ত্বিকভাৱে পলসুৱা শিল, চূণশিল , পৃথক পৃথক শিলৰ সঞ্চয়ৰ ফলত সৃষ্ট লাখ লাখ বছৰ ধৰি ঢৌ,সোঁত ,জোৱাৰ ভাটাৰ দ্বাৰা জমা হৈ সৃষ্ট সেতু। এই ৰামসেতুৰ দৈৰ্ঘ্য প্ৰায় ৩০ কিলোমিটাৰ আৰু এই দলং খনৰ প্ৰস্থ ৩ কিলোমিটাৰ পৰা ৩০ মিটাৰলৈকে। ১৪৮০ চনত ধুমুহাৰ ফলত এই দলংখন কিছু পৰিমাণে ভাঙি গৈছিল।বৈজ্ঞানিক পৰ্যৱেক্ষণ অনুসৰি কোৱা হৈছে যে ৰামসেতু কোনো প্ৰকৃতিসৃষ্ট দলং নহয়, পাথৰ সাজ-সজ্জাৰ আকাৰৰ ভিত্তিত ৰামসেতুৰ দলং মানুহৰ দ্বাৰাই নিৰ্মাণ কৰা হৈছিল বুলি কোৱা হয় ।ৰামসেতুৰ বিচাৰ বিশ্লেষণত ৰাজনৈতিক ক্ষেত্ৰখনো বাদ পৰি ৰোৱা নাই । UPA চৰকাৰৰ মতে সেতু সমুদ্ৰৰ ওপৰত যোজনা প্ৰয়োগ কৰি ৰামসেতু অৰ্থাৎ পাথৰৰ এই পাতল ৰেখাক সমুদ্ৰৰ মাজৰ পৰা ভাঙি জাহাজ চলাচলৰ বাবে খাল খননৰ পৰিকল্পনা নিৰ্মাণ কৰিছিল। কিন্তু NDA চৰকাৰ অহাত ৰামসেতুৰ ওপৰত সিদ্ধান্ত লৈছিল যে কোনো প্ৰকাৰেই কোনো কাৰণতেই এই ৰামসেতু ভাঙিব নোৱাৰিব ।বৰ্তমান ৰামসেতুক লৈ চুপ্ৰিম ক’ৰ্টতো চৰ্চা চলি আছে। বিজেপিয়ে সঘনাই দাবী কৰে যে ভাৰত আৰু শ্ৰীলংকাৰ মাজত পোৱা পাথৰৰ এই পাতল ৰেখা ,ৰামসেতু দলং হিচাপে স্বীকাৰ্য ।