ৰামপুৰ বগীবিলত মুখ্যমন্ত্ৰী উদ্যমিতা আঁচনিৰ প্ৰশিক্ষণ
বুলমণি বৰি, লখিমপুৰ, ৰঙিলী বাৰ্ত্তাসেৱা- মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন চৰকাৰখনে ৰাজ্যৰ উদ্যমী মহিলাসকলক আৰ্থিক সাহায্য প্ৰদানৰ উদ্দেশ্যেৰে যি মুখ্যমন্ত্ৰী উদ্যমিতা আঁচনি প্ৰস্তুত কৰিছে এই আচঁনিখনত নাম সন্নিৱিষ্ট হৈছে লখিমপুৰ জিলাৰ নাওবৈচা উন্নয়ন খণ্ড অধীনৰ ৰামপুৰ বগীবিল গাওঁ পঞ্চায়তৰ প্ৰায় ১২০০ গৰাকী উদ্যমী মহিলাৰ নাম।এই ১২০০ গৰাকী মহিলাৰ বাবে ইতিমধ্যে যোৱা ১৮ মে ২০২৫ ৰ পৰা অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযান,ৰামধেনু মণ্ডল পৰ্যায়ৰ সহযোগত প্ৰশিক্ষণ অনুষ্ঠিত হৈছে ৰামপুৰ বগীবিল গাওঁ পঞ্চায়তৰ বিভিন্ন ঠাইত। এটা গ্ৰুপত প্ৰশিক্ষণ লৈছে ৩০ পৰা ৫০ গৰাকী মহিলাই ।এই প্ৰশিক্ষণ কাৰ্য ১৭ জুণ ২০২৫ লৈকে চলি থাকিব বুলি জনায় ৰামপুৰ বগীবিল গাওঁ পঞ্চায়তৰ জীৱিকা সখী মমতাজ বেগমে।
