‘ৰামধেনু যুগ’ৰ কবি ৰবীন্দ্ৰ বৰাৰ দেহাৱসান

‘ৰামধেনু যুগ’ৰ কবি ৰবীন্দ্ৰ বৰাৰ দেহাৱসান

ৰঙিলী বাৰ্ত্তাসেৱা- অসমীয়া সাহিত্য জগত উকা কৰি গ’ল গৈ বিশিষ্ট সাহিত্যিক ৰবীন্দ্ৰ বৰা। দেওবাৰে দেহাৱসান ঘটে ‘ৰামধেনু যুগ’ৰ কবি-সমালোচক ৰবীন্দ্ৰ বৰাৰ। দেওবাৰে দুপৰীয়া ২:৩০ বজাত মহানগৰীৰ এখন ব্যক্তিগত চিকিৎসালয়ত ৮৫ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে বিশিষ্ট কবিগৰাকীয়ে । ১৯৩৯ চনৰ ২৫ ফেব্ৰুৱাৰীত তিনিচুকীয়াত জন্মগ্ৰহণ কৰিছিল কবিগৰাকীয়ে।অসমীয়া সাহিত্য ক্ষেত্ৰখনৰ এগৰাকী পুৰোধা ব্যক্তি হিচাপে সমাদৃত আৰু স্বীকৃত কবি ৰবীন্দ্ৰ বৰাৰ সাহিত্যিক যাত্রা আছিল অতিকৈ বর্ণিল আৰু দীঘলীয়া। আধুনিক অসমীয়া সাহিত্যজগতৰ এটা প্রোজ্জ্বল নক্ষত্ৰ স্বৰূপ সদ্যপ্রয়াত বৰাই ৬ দশকৰো অধিককাল নিৰলস কাব্য সাধনাৰে আধুনিক অসমীয়া কবিতাৰ জগতখনলৈ অনবদ্য অৱদান আগবঢ়াই গৈছে। ৰামধেনু যুগৰ কবি হিচাপে আত্মপ্ৰকাশ কৰা কবি ৰবীন্দ্ৰ বৰাৰ ১৪খন কাব্যগ্রন্থ এতিয়ালৈকে প্রকাশ হৈছে। উক্ত গ্ৰন্থসমূহৰ ভিতৰত- দীর্ঘদিনৰ প্ৰস্তুতিৰে (১৯৮০), নির্বাসিত সময় (১৯৮৬), শইচৰ মানুহ (১৯৯০), উত্তৰ প্ৰজন্ম (১৯৯৩), ৰাতি ভাঙি আহে (১৯৯৬), সাহচর্য (২০০০), ক’ৰবাত ৰ’দৰ গান (২০০১), সতীর্থ দিন (২০০৬), ৰ’দৰ চৰাই (২০০৯), সপোনৰ একান্ত অনুগত (২০১৩), ৰবীন্দ্ৰ বৰাৰ স্বনিৰ্বাচিত কবিতা (২০১৬), ৰবীন্দ্ৰ বৰাৰ কবিতা সংগ্ৰহ (১৯৬০-২০১৬), কমাৰশালৰ বৃদ্ধজন (২০১৭) আৰু পোহনীয়া চৰাইৰ মাত (২০১৯) আদি অন্যতম। ৰবীন্দ্ৰ বৰা এগৰাকী গল্পকাৰো আছিল। তেওঁৰ দ্বাৰা প্ৰকাশিত আলি-দোমোজাত (১৯৯৩), পূর্বাপৰ (১৯৯৮), অকলশৰীয়া ভয় (২০০২) আৰু আকাশ য’ত হেৰালে (২০১৮) গল্প সংকলনকেইখন অসমীয়া সাহিত্যৰ এক অমূল্য সম্পদ হিচাপে পৰিগণিত হৈছে। ঔপন্যাসিক হিচাপে তেওঁৰ আছিল অন্য এক পৰিচয়। ১৯৯৬ চনত প্রকাশিত ‘দ্রৌপদী’ শীর্ষক উপন্যাসখন তেওঁৰ একমাত্র উপন্যাস আছিল। শিশু সাহিত্যিক হিচাপেও আত্মপ্রকাশ কৰা ৰবীন্দ্ৰ বৰাই এমুঠি বিদেশী গল্প (১৯৯৮) আৰু চিৰিয়াখানাৰ লিমাৰিক আৰু খেলিমেলি পদ্য (২০১১) শীর্ষক গ্রন্থ দুখন লিখিছিল। তেওঁৰ দ্বাৰা সম্পাদিত ‘সাম্প্ৰতিক তৰুণৰ কবিতা’ গ্ৰন্থখন ২০০১ চনত অসম সাহিত্য সভাই প্রকাশ কৰিছিল। ইয়াৰ বাদেও পটভূমি, সোণতৰা আৰু সশব্দ নামৰ আলোচনীকেইখনো তেওঁ সম্পাদনা কৰিছিল। এক বর্ণিল আৰু আকর্ষণীয় সাহিত্যিক যাত্ৰাৰ স্বীকৃতি হিচাপে কবি ৰবীন্দ্ৰ বৰাই বিভিন্ন সময়ত বহু সম্মান লাভ কৰিছিল। ১৯৮২ চনত সৰ্বভাৰতীয় আকাশবাণীৰ পৰা তেওঁ জাতীয় কবি হিচাপে সন্মানিত হৈছিল। ২০১২ চনত কবিতা পুথি ‘ৰ’দৰ চৰাই’ৰ বাবে চগনলাল জৈন বঁটা আৰু পৰৱৰ্তী সময়ত কেশৱ মহন্ত বঁটা লাভ কৰিছিল। ১৯৮৮ চনত অসম কবি সমাজৰ প্ৰতিষ্ঠাপক সভাপতি পদত অধিষ্ঠিত হোৱা কবি ৰবীন্দ্ৰ বৰাই ১৯৯৬ চনত বোকাখাতত অনুষ্ঠিত অসম সাহিত্য সভাৰ অধিৱেশনৰ কবি সম্মিলনত সভাপতিৰ আসনো শুৱনি কৰিছিল। ২০১০ চনত কবি নৱকান্ত বৰুৱাৰ সোঁৱৰণীত অনুষ্ঠিত ‘কবিতাৰ দিন’ত বছৰটোৰ শ্ৰেষ্ঠ কবি ৰূপে তেওঁ সন্মানিত হোৱাৰ লগতে ২০১৪ চনত ‘আধাৰশিলা’ অনুষ্ঠানত জ্যেষ্ঠ কবি ৰূপে তেওঁক সন্মানিত কৰা হয়। অসম চৰকাৰৰ সাহিত্যিক পেন্সনাৰ হিচাপেও তেওঁ সন্মানিত হৈছিল। কাব্যচৰ্চাৰ লগতে অসম চৰকাৰৰ জনসংযোগ বিভাগৰ পৰা বিষয়া ৰূপে অৱসৰ গ্ৰহণ কৰা ৰবীন্দ্ৰ বৰাই মৃত্যুৰ সময়ত পত্নী অঞ্জুলা ভূঞা বৰাৰ লগতে দুই কন্যা ক্রমে ভাস্বতী বৰা ৰাজগুৰু, গীতাৰ্থী বৰা আৰু জোঁৱাইদ্বয় তথা জ্যেষ্ঠ সাংবাদিক প্রশান্ত ৰাজগুৰু আৰু প্রখ্যাত কার্টুনিষ্ট উৎপল বৰাসহ অনেক আত্মীয়-স্বজনক ইহসংসাৰত এৰি গৈছে। তেওঁৰ মৃত্যুৰ বাতৰি বিয়পি পৰাৰ লগে লগে অসমৰ সাহিত্য জগতখনত গভীৰ শোকৰ ছাঁ পৰিছে। বিশিষ্ট কবি, সমালোচক ৰবীন্দ্ৰ বৰাৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই। এক শোকবার্তাযোগে মুখ্যমন্ত্রীগৰাকীয়ে কয় যে সুদীর্ঘ ছটা দশক ধৰি কবিগৰাকীৰ সৃষ্টি আৰু দৃষ্টিয়ে অনুৰাগীক অনুপ্ৰেৰণা যোগাই আহিছে। তেওঁৰ বিয়োগ অসমীয়া সমাজ জীৱনৰ বাবে অপূৰণীয় ক্ষতি। বিশিষ্ট কবিগৰাকীৰ বিদেহ আত্মাৰ চিৰশান্তি কামনা কৰি মুখ্যমন্ত্রী ড° শর্মাই শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছে।