ৰামদেৱক মাটি দি মাৰাত্মক দ্ৰব্যৰ খেতি কৰোৱাইছে চৰকাৰে:  জাতীয় পৰিষদৰ প্ৰতিক্ৰিয়া

Pc Wikipedia

ৰামদেৱক মাটি দি মাৰাত্মক দ্ৰব্যৰ খেতি কৰোৱাইছে চৰকাৰে:  জাতীয় পৰিষদৰ প্ৰতিক্ৰিয়া

ৰঙিলী বাৰ্ত্তাসেৱা-  বাবা ৰামদেৱৰ পতঞ্জলি গ্ৰুপে অসমৰ শদীয়াত পাম তেলৰ খেতি আৰম্ভ কৰাটো অসমৰ প্ৰাকৃতিক পৰিৱেশ আৰু জৈৱ-বৈচিত্ৰৰ প্ৰতি এক ভাৱুকি বুলি মত প্ৰকাশ কৰি উক্ত বিষাক্ত খেতি বন্ধ কৰিবলৈ দাবী উত্থাপন কৰিছে অসম জাতীয় পৰিষদ দলে৷ জাতীয়তাবাদী ৰাজনৈতিক দলটোৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে আজি এক বিবৃতিত কয় যে পাম তেলৰ খেতিয়ে মাটিৰ তলৰ পানী অতিৰিক্তভাৱে শোহন কৰি মাটি নষ্ট কৰে আৰু আনহাতে পৰিৱেশত উষ্ণতাৰ পৰিমাণ বৃদ্ধি কৰে৷ সেই কাৰণে পৃথিৱীৰ বিভিন্ন দেশত পাম তেলৰ খেতিক নিষিদ্ধ কৰা হৈছে৷ আনকি ভাৰতৰ আন্দামান নিকোবৰ দীপপুঞ্জত পাম তেলৰ খেতিয়ে দীপসমূহৰ জৈৱ বৈচিত্ৰৰ প্ৰতি ভাৱুকি অনাৰ তথ্য নিশ্চিত হোৱাৰ পিছত ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত তাত উক্ত খেতি বন্ধ কৰি দিয়া হৈছে৷ এনেহেন ক্ষতিকাৰক কৃষিৰ বাবে বাবা ৰামদেৱৰ পতঞ্জলি গ্ৰুপক অসম চৰকাৰে মাটি আৱন্টন দিয়া আৰু উক্ত ভূমিত বৃহৎ কলেৱৰত পাম তেলৰ খেতি কৰাটো জনস্বাৰ্থৰ পৰিপন্থী৷উল্লেখযোগ্য যে কেন্দ্ৰীয় চৰকাৰে অসমত ২০২৫-২৬ চনৰ ভিতৰত ২ লাখ হেক্টৰ ভূমিত পাম তেলৰ খেতি কৰাৰ সংকল্প লৈ ইতিমধ্যে এই সম্পৰ্কীয় চৰকাৰী নীতি ঘোষণা কৰিছে৷ সেই মৰ্মে ৰাজ্য চৰকাৰে পতঞ্জলি গ্ৰুপক তিনিচুকীয়া, বাক্সা, ওদালগুৰি, শোণিতপুৰ আদি জিলাত কেইবা হাজাৰ বিঘা মাটি আৱন্টন দিছে৷ তাৰে অংশ স্বৰূপে তিনিচুকীয়া জিলাৰ ধলা- শদিয়া দলঙৰ নিকটৱৰ্তী এলেকাত আৱন্টিত মাটিত আজি পাম তেলৰ খেতিৰ শুভাৰম্ভ কৰিছে পতঞ্জলিয়ে৷ জাতীয় পৰিষদৰ সভাপতিগৰাকীয়ে আজি কয় যে শদিয়াৰ যি ঠাইত পতঞ্জলিয়ে উক্ত খেতি কৰিছে, তাৰ নিচেই ওচৰতে লাগি আছে ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় অভয়াৰণ্য৷ যিহেতু পাম তেলৰ খেতিয়ে জৈৱ বৈচিত্ৰ বিনষ্ট কৰে, সেয়ে ডিব্ৰু-ছৈখোৱা অভয়াৰণ্যৰ অস্তিত্বৰ ওপৰত তাৰ নেতিবাচক প্ৰভাৱ পৰাটো নিশ্চিত৷ গগৈয়ে লগতে কয় যে গোলকীয় উষ্ঞতাৰ কাৰণেই হওক বা আন কাৰণতে হওক, বিগত এটা দশক অসমত গৰমৰ প্ৰকোপ বাঢ়িছে৷ আনহাতে প্ৰতিবছৰে বৰষুণৰ হাৰ কমি আহিছে৷ অসমৰ কোনো কোনো ঠাইত পূৰ্বে নোহোৱা খৰাঙৰ প্ৰভাৱ পৰিছে৷ এনে পৰিস্থিতিত, পাম খেতিৰ ব্যাপকতাৰ ফলত অসমৰ প্ৰকৃতি আৰু জৈৱ-বৈচিত্ৰৰ ওপৰত উদ্বেগজনকভাৱে নেতিবাচক প্ৰভাৱ পৰাৰ সম্ভাৱনা বিদ্যমান৷ গতিকে ৰাজ্যত এই মাৰাত্মক পাম তেলৰ খেতিক উৎসাহিত নকৰিবলৈ গগৈয়ে ৰাজ্য চৰকাৰক আহ্বান জনায়৷