ৰাভা হাছঙত ভূপেন বৰাৰ মাৰাথন প্ৰচাৰ
সভাত বাধাৰ অপচেষ্টা বিজেপিৰ গুণ্ডা বাহিনীৰ
ৰঙিলী বাৰ্ত্তাসেৱা- ২ এপ্ৰিলত অনুষ্ঠিত হ’বলগীয়া ৰাভা হাছং স্বায়ত্ব শাসিত পৰিষদৰ নিৰ্বাচনত অসম প্ৰদেশ কংগ্ৰেছে ব্যাপক নিৰ্বাচনী প্ৰচাৰ অব্যাহত ৰাখিছে৷ অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন কুমাৰ বৰাই আজি দৰংগিৰিত দিনজোৰা প্ৰচাৰ কাৰ্যসূচী চলায়৷ দৰংগিৰিৰ কোঁচদোৱাৰ, কথাসুথিৰ লগতে ধনুভঙা সমষ্টিত আজি প্ৰচাৰ কাৰ্যসূচী চলায়৷ কংগ্ৰেছৰ প্ৰচাৰ কাৰ্যসূচীত বাধা দিবলৈ বিজেপিৰ একাংশ গুণ্ডা প্ৰকৃতিৰ লোকে অপচেষ্টা চলাইছিল যদিও কংগ্ৰেছ কৰ্মীসকলৰ তৎপৰতাত সুকলমে সভা অনুষ্ঠিত হয়৷ কংগ্ৰেছৰ সভাপতিজনে কাইলৈ ৰাভা হাছং এলেকাত ৫ খন সভাত অংশগ্ৰহণ কৰিব৷ কামৰূপ গ্ৰাম্য জিলাৰ শিলপোতা এলেকাত ৰাতিপুৱা প্ৰথমখন সভা অনুষ্ঠিত কৰাৰ পিছত বৰদোৱাৰ বাগানত নিৰ্বাচন প্ৰচাৰ চলাব৷ দিনৰ ভাগত ৰাণীৰ অন্ধেৰাজুলি এলেকাত প্ৰচাৰ চলাব৷ যোৱা ২৩ মাৰ্চৰ পৰা সভাপতি ভূপেন কুমাৰ বৰাই দলৰ জ্যেষ্ঠ নেতা-কৰ্মীসকলক লৈ ৰাভা হাছঙত প্ৰচাৰ অব্যাহত ৰাখিছে৷ বিধায়ক ৰেকিবুদ্দিন আহমেদ, যাদৱ স্বৰ্গীয়াৰী, প্ৰাক্তন মন্ত্ৰী প্ৰণয় ৰাভা, অসম প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক ৰামান্না বৰুৱা, উপ-সভাপতি মেহদী আলম বৰা, নৃপেন ঠাকুৰীয়া প্ৰমুখ্যে নেতা-কৰ্মীসকলে সভাপতি বৰাক প্ৰচাৰত সংগ দিয়ে৷