ৰাভা দিৱস উপলক্ষে ৰঙিয়াত ‘অযান্ত্ৰিক’ নামৰ এদল চিত্ৰশিল্পীৰ ব্যতিক্ৰমী পদক্ষেপ

ৰাভা দিৱস উপলক্ষে ৰঙিয়াত ‘অযান্ত্ৰিক’ নামৰ এদল চিত্ৰশিল্পীৰ ব্যতিক্ৰমী পদক্ষেপ

ৰঙিলী বাৰ্ত্তাসেৱা- ৰাভা দিৱস উপলক্ষে ৰঙিয়াত ‘অযান্ত্ৰিক’ নামৰ এদল চিত্ৰশিল্পীৰ ব্যতিক্ৰমী পদক্ষেপ । ৰঙিয়াৰ ৰাষ্ট্ৰীয় ঘাইপথৰ উৰণীয়া সেঁতুৰ তলত কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ সু-বিশাল প্ৰতিচ্ছবি অংকন। । ২৪ ফুট উচ্চতা আৰু ৩২ ফুট বহল আকাৰৰ কলাগুৰুৰ প্ৰতিচ্ছবি অংকনে আকৰ্ষিত কৰিছে ৰাইজক। প্ৰতিভা সম্পন্ন ছয় গৰাকী যুৱ চিত্ৰ শিল্পীয়ে ৪ দিনৰ ভিতৰত অশেষ কষ্টৰে এই প্ৰতিচ্ছবি অংকন কৰি তুলিছে। অযান্ত্ৰিক নামৰ এই গোটটোৰ ছয় যুৱ শিল্পী হৈছে কপিল, প্ৰাঞ্জিত , বেদান্ত, পৰাগ, ৰফিউল আৰু নজৰুল । ইয়াৰ পুৰ্বেও “অযান্ত্ৰিক” দলটোৱে ৰঙিয়াৰ সৌন্দৰ্য্যবৰ্ধনৰ বাবে অসমৰ স্বনামধন্য শিল্পীৰ প্ৰতিচ্ছবি অংকন কৰি সকলোৰে দৃষ্টি আকৰ্ষণ কৰিব সক্ষম হৈছে। সঁচাকৈ এইয়া প্ৰশংসনীয় পদক্ষেপ।