ৰাভা জনগোষ্ঠীৰ বসতিপ্ৰধান এলেকাত পৰিদৰ্শন

ৰাভা জনগোষ্ঠীৰ বসতিপ্ৰধান এলেকাত পৰিদৰ্শন

ৰঙিলী বাৰ্ত্তাসেৱা- ৰাভা জনগোষ্ঠীৰ বসতিপ্ৰধান বৰদুৱাৰৰ লোহাৰঘাট বাগান অঞ্চলত উচ্ছেদ কৰি চৰকাৰে উক্ত স্থানত এখন টাউনশ্বিপ স্থাপনৰ যি পৰিকল্পনা কৰিছে তাৰ বিৰোধিতা কৰি আহিছে স্থানীয় ৰাভা জনগোষ্ঠীৰ ৰাইজে। স্থানীয় ৰাভা জনগোষ্ঠীৰ লোকসকলৰ প্ৰতিনিধিৰ আমন্ত্ৰণক্ৰমে অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি, সাংসদ গৌৰৱ গগৈ ডাঙৰীয়াই স্থানীয় লোকসকলৰ সৈতে মত-বিনিময় কৰে৷ মত-বিনিময়ৰ অন্তত বিষয়টো সংসদত উপস্থাপন কৰাৰ কথা ঘোষণা কৰাৰ লগতে স্থানীয় লোহাৰঘাট অঞ্চলৰ বজাৰৰ উন্নয়নৰ বাবে সাংসদ পুঁজিৰ ৫ লাখ টকা আগবঢ়োৱাৰ কথাও সদৰী কৰে৷ উক্ত সভাত বৰদুৱাৰ ভূমি সুৰক্ষা সমিতিৰ সভাপতি গোবিন্দ ৰাভা, আদিত‍্য ৰাভা, প্ৰাক্তন মন্ত্ৰী প্ৰণয় ৰাভা, কামৰূপ জিলা (গ্ৰাম‍্য) কংগ্ৰেছৰ সভাপতি, জিলা মহিলা কংগ্ৰেছৰ সভানেত্ৰীকে প্ৰমুখ‍্য কৰি কেবাগৰাকীও বিশিষ্ট ব‍্যক্তি উপস্থিত থাকে।