ৰাভাৰ আভা
ইতিহাসত বহুতো আছে মহান শিল্পী,
সুৰেৰে উপচাইছিল এই ধৰণী।
কলাৰ গুৰু যেন বিষ্ণুপ্ৰসাদ ৰাভা,
তোমাৰ সৃষ্টিয়ে যেন দেখুৱাই আভা।
বাংলাদেশৰ ঢাকাত তুমি লভিলা জনম,
দেশৰ হিতৰ হকে কৰিবলৈ কৰম।
মাতৃ তোমাৰ জেঠী, পিতৃ তোমাৰ গোপাল,
অসমৰ সাংস্কৃতিক কৰিলা জীপাল।
তেজপুৰত আহি তুমি জ্যোতিদেৱক পালা,
নটসূৰ্যৰ সৈতেও মিলন হলা।
গীত, নৃত্য, আদি কৰি ক’ত তুমি নাই,
গৌৰৱেৰে সকলোৱে তোমাৰ গান গাই।
ছবি চিৰাজ নে এৰাবাটৰ সুৰ,
নিজৰ অভিনয়ে সকলো ছবি কৰিলা মধুৰ।
‘হাল যাৰ মাটি তাৰ’ বুলি দিলা শ্লোগান,
দৰিদ্ৰজনৰ যেন তুমিয়েই ভগৱান।
স্বাধীনতা সংগ্ৰামত তুমি বিপ্লৱী শিল্পী,
দেশ প্রেম জগালা কালজয়ী গীত ৰচি।
নিজৰ প্ৰতিভাৰে সৰ্বপল্লীক কৰিলে আকর্ষিত,
কলাগুৰু আখ্যাৰে হলা বিশ্বত জনাজাত।
অমৰ যুগৰ তুমি আৰম্ভ কৰিলা,
অসমীয়াৰ ভাৱনাক তুমি গীত ৰূপ দিলে।
বিশ্বৰ ছন্দে নে সুৰৰে দেউলৰে,
শুনিলেই গীতবোৰ মোৰ, দুখবোৰ হৰে।
জয় নাই, জয় নাই বুলি সকলোকে পুনৰ জনালা,
জেৰেঙাত জয়াৰ চকুলোক যেন গীত ৰূপ দিলা।
তোমাৰ কালজয়ী ৰচনাৰাজীৰে,
জীয়াই ৰাখিম তোমাক কলাগুৰু ৰূপে।
-নিতিষ্মান দাস
অষ্টম শ্রেণী