ৰাধা গোৱিন্দ বৰুৱা মহাবিদ্যালয়ত সত্ৰীয়া নৃত্য কৰ্মশালা
ৰঙিলী বাৰ্ত্তাসেৱা- গুৱাহাটী ৰাধা গোৱিন্দ বৰুৱা মহাবিদ্যালয়ৰ সাংস্কৃতিক ক্লাব আৰু পৰিৱেশ্য কলা বিভাগে নৃত্য সাধনা সংস্কৃতি বিদ্যালয়ৰ সহযোগত সত্ৰীয়া নৃত্য বিষয়ক কৰ্মশালা অনুষ্ঠিত কৰিব৷ ৩ এপ্ৰিলৰ পৰা ৯ এপ্ৰিললৈ অনুষ্ঠিত হ’বলগীয়া এই কৰ্মশালাখন এক্সটেণ্ডেড কাৰিকুলাৰ এনগেজমেণ্ট চেল, IQAC, .ৰাধা গোৱিন্দ বৰুৱা মহাবিদ্যালয়ৰ সহায়ত অনুষ্ঠিত হ’ব।উক্ত কৰ্মশালাটিত উপস্থিত থাকিব দুগৰাকীকৈ সত্ৰীয়া নৃত্যৰ সমল ব্যক্তি৷কৰ্মশালাখন নিৰ্দেশনা দিব ৰাধা গোৱিন্দ বৰুৱা মহাবিদ্যালয়ৰ সহযোগী অধ্যাপিকা তথা অসমৰ প্ৰখ্যাত সত্ৰীয়া নৃত্য শিল্পী ড০ মাল্লিকা কন্দলি আৰু প্ৰাগজ্যোতিষ মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপিকা তথা সত্ৰীয়া নৃত্য শিল্পী অন্তৰিপা দাস।উল্লেখযোগ্য যে সত্ৰীয়া নৃত্যৰ সংৰক্ষণ আৰু প্ৰসাৰৰ ক্ষেত্ৰত দুয়োগৰাকীয়ে বিশেষ ভূমিকা গ্ৰহণ কৰি আহিছে। ৰাধা গোৱিন্দ বৰুৱা মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ প্ৰাণজিৎ কুমাৰ নাথে কৰ্মশালাখনৰ গুৰুত্ব উল্লেখ কৰি কৈছে যে, “এনে উদ্যোগে সত্ৰীয়া নৃত্যৰ ঐতিহ্য আৰু সংস্কৃতি সন্দর্ভত নতুন প্ৰজন্মক সজাগ কৰি তুলিবলৈ বিশেষ সহায়ক হ’ব।”সকলোৰে বাবে মুকলি এই কৰ্মশালাত অংশগ্ৰহণ কৰিবলৈ ৩১ মাৰ্চৰ ভিতৰত নাম পঞ্জীয়ন সম্পন্ন কৰিব লাগিব।