ৰাধা গোবিন্দ বৰুৱা মহাবিদ্যালয়ৰ সভা
ৰঙিলী বাৰ্ত্তাসেৱা– মহানগৰীৰ ফটাশিল-আমবাৰীস্থিত ৰাধা গোৱিন্দ বৰুৱা মহাবিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সন্মিলনীৰ সভাখন আজি মহাবিদ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত হয়৷সভাত সভাপতি সুশান্ত দেৱ চৌধুৰীৰ সভাপতিত্বত অনুষ্ঠিত সভাত সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে সন্মিলনীৰ সম্পাদক সমীৰ ৰয়ে।আজিৰ সভাই ২৮ এপ্ৰিলত মহাবিদ্যালয়ত প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সমাৰোহ পতাৰ সিদ্ধান্ত গ্ৰহণ কৰে।ৰাতিপুৱাৰ ভাগত পতাকা উত্তোলনেৰে শুভাৰম্ভ কৰি মুকলি সভা অনুষ্ঠিত হ’ব।উক্ত সভাত মহাবিদ্যালয়খনৰ অধ্যক্ষ ড° প্ৰাণজিত কুমাৰ নাথৰ উপস্থিতিত বিশিষ্ট অতিথি হিচাপে বিভিন্ন মহাবিদ্যালয়ৰ অধ্যক্ষ তথা সমাজৰ গণ্য মান্য ব্যক্তি তথা সমাজকৰ্মীক নিমন্ত্ৰণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে।সভাই ২৮ এপ্ৰিলত হ’বলগীয়া সমাৰোহত মহাবিদ্যালয়খনত শিক্ষা গ্ৰহণ কৰি বৰ্তমান ভাৰতৰ বিভিন্ন ঠাইত কৰ্মসূত্ৰে থকা প্ৰাক্তন ছাত্ৰ-ছাত্ৰীক নিমন্ত্ৰণ জনোৱাৰ লগতে তলৰ নম্বৰ সমূহত যোগাযোগ কৰিবলৈ অনুৰোধ জনায়।৯১০১৬৫৮৫৯৫,৯৮৬৪০৪৯৬২৫৷ সভাত সন্মিলনীৰ বিত্ত সম্পাদক প্ৰনীতা কলিতা,সদস্য ইন্দ্ৰজিত গোস্বামী, তুষাৰ বাৰৈ, মোহিত পাণ্ডে,উজ্জ্বল কলিতা,ৰাহুল চাহৰ লগতে বিষয়-ববীয়া উপস্থিত থাকে৷