ৰাধা কৃষ্ণৰ ৰাস লীলা – ছেলিমা বেগম

ৰাধা কৃষ্ণৰ ৰাস লীলা
ছেলিমা বেগম ,নগাঁও
ৰাধা যায় যেন          যমুনাৰ ঘাটে
কৃষ্ণ যায় পিছে পিছে।
ৰাধাৰ বিনেই              কৃষ্ণ  অসহায়
ৰাধা যে তোমাৰ আছে।।
বাঁহী হাতত লৈ        বজায় শ্ৰীকৃষ্ণ
ৰাধা সূৰত মুহীত
ৰাধাই কৃষ্ণৰ         বাহুত মূৰ থৈ
আনন্দ পায় মনত।।
ৰাধা যায় যেন        যমুনা ঘাটত
কাষতেই কলচী লৈ
পিছে পিছে যেন        শ্ৰী কৃষ্ণই যায়
হাততে বাঁহীখন লৈ।।
কৃষ্ণৰ বুকুত           ৰাধাৰ গোন্ধটো
বিয়পি থাকে সদায়।
ষোল হাজাৰ          গোপীৰ লগত
 নৃত্য কৰেই সঁচাই।।
প্ৰেম লীলা হয়         কৃষ্ণৰ লগত
 ক’ত  ৰাধা ক’ত ৰাধা
কানাই নৃত্য যে            গোপীৰ লগত
আঁৰ চকু চাই ৰাধা ।।