ৰাধাগোবিন্দ বৰুৱা মহাবিদ্যালয়ত আন্তৰ্জাতিক মাতৃভাষা দিৱস উদযাপন
ৰঙিলী বাৰ্ত্তাসেৱা- গুৱাহাটীৰ ৰাধাগোবিন্দ বৰুৱা মহাবিদ্যালয়ৰ উদ্যোগত প্ৰাগজ্যোতিষ মহাবিদ্যালয়ৰ সহযোগত কেইবাটাও কাৰ্য্যসূচীৰে আন্তৰ্জাতিক মাতৃভাষা দিৱস উদযাপন কৰা হয়। ৰাধাগোবিন্দ বৰুৱা মহাবিদ্যালয়ৰ অধ্যক্ষ ড° প্ৰাণজিৎ কুমাৰ নাথে উদ্বোধন কৰা এই সভাখনত বক্তৃতা প্ৰদান কৰে প্ৰাগজ্যোতিষ মহাবিদ্যালয়ৰ অধ্যক্ষ ড° মনোজ কুমাৰ মহন্তই। উদ্বোধনী ভাষণ প্ৰসংগত অধ্যক্ষ ড° প্ৰাণজিৎ কুমাৰ নাথে অসমীয়া ভাষাৰ মাধুৰ্য আৰু জাতীয় জীৱনৰ পৰম্পৰাত ভাষাৰ ঐতিহাসিক গুৰুত্ব সম্পৰ্কত অসমীয়া ভাষাৰ গভীৰতাৰ কথা আলোকপাত কৰে। উল্লেখযোগ্য যে যোৱা ২৩ বছৰ ধৰি ইউনেস্কই ২১ ফেব্ৰুৱাৰীৰ দিনটোক বিশ্ব মাতৃভাষা দিৱস হিচাপে উদযাপন কৰি আহিছে। বিশ্বৰ বিভিন্ন ভাষালৈ অহা ভাবুকিৰ প্ৰতি সজাগতা সৃষ্টি কৰা আৰু মাতৃভাষাৰ মাধ্যমেৰে প্ৰাথমিক শিক্ষা দিয়াৰ প্ৰয়োজনক মানুহৰ মাজলৈ লৈ যোৱাক দিৱসৰ প্ৰধান লক্ষ্য হিচাপে স্থিৰ কৰিছে বিশ্ব সংস্থাটোৱে।ভাষণ প্ৰসংগত প্ৰাগজ্যোতিষ মহাবিদ্যালয়ৰ অধ্যক্ষ ড° মনোজ কুমাৰ মহন্তই উল্লেখ কৰেঃ উত্তৰ-পূবৰ আঠখন ৰাজ্যতে মুঠ ২০০ টাতকৈ অধিক ভাষা আছে। কিন্তু ইয়াৰ বহুবোৰ ভাষা বিপদাপন্ন হোৱাৰ খবৰে সততে ভাষাপ্ৰেমী সকলক উদ্বিগ্ন কৰি আহিছে। উত্তৰ-পূৰ্বাঞ্চলৰ বিপদাপন্ন ভাষা সমূহৰ ভিতৰত অসমৰো দুই-তিনিটা ভাষা আছে।উল্লেখযোগ্য যে এই বিপদাপন্ন ভাষাবোৰৰ ভিতৰত কাৰ্বি, খাচি, ককবৰক, কমতাপুৰী, মিজো আদিও আছে। একেদৰে তেওঁ ভাষা প্ৰয়োগত ছাত্ৰ-ছাত্ৰী সকলক সচেতন হবলৈ আহবান জনায়। ৰাধাগোবিন্দ বৰুৱা মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপিকা ড° লিপিকা তালুকদাৰে আদৰণী ভাষণ আগবঢ়োৱা উক্ত সভাত উপস্থিত থাকি প্ৰাগজ্যোতিষ মহাবিদ্যালয়ৰ অধ্যাপক ড° বৈকুণ্ঠ ৰাজবংশীয়ে শিশু অৱস্থাৰ পৰা মাতৃভাষা প্ৰয়োগ সম্পৰ্কে মননশীল ব্যাখ্যা আগবঢ়ায়। ৰাষ্ট্ৰীয় নতুন শিক্ষা-নীতিৰ নতুন পাঠ্যক্ৰমৰ আধাৰত মাতৃভাষা বিষয়ত নিয়োগ সৃষ্টিৰ পাঠ্যসূচী সন্নিৱিষ্টকৰণ আৰু অসমীয়া ভাষাৰ বাণিজ্যিক গুৰুত্ব সম্পৰ্কত তাৎপৰ্যপূৰ্ণ আলোচনা আগবঢ়াই অধ্যাপক ড° মনোজ কুমাৰ দাসে।উক্ত অনুষ্ঠানতে মাতৃভাষাৰ প্ৰয়োগ আৰু গুৰুত্ব ভিন্ন দিশ আলোকপাত কৰে ৰাধাগোবিন্দ বৰুৱা মহাবিদ্যালয়ত উপাধ্যক্ষ ড° দিপক পাঠকে। দুয়োখন মহাবিদ্যালয়ৰ অধ্যাপক-অধ্যাপিকা, ছাত্ৰ-ছাত্ৰী উপস্থিত থকা গাম্ভীৰ্যপূৰ্ণ সভাখনত প্ৰাগজ্যোতিষ মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপিকা ড° কল্পনা তালুকদাৰ আৰু ৰাধাগোবিন্দ বৰুৱা মহাবিদ্যালয়ৰ অধ্যাপক সঞ্জয় শইকীয়া, তানিয়া টাৰন্নামৰ লগতে কেইবাগৰাকীও ছাত্ৰ-ছাত্ৰীয়ে সংগীত পৰিৱেশন কৰে।