ৰাণীৰ ভোলাগাঁৱত চোৰাংকাঠ জব্দ বনবিভাগৰ
চোৰাংকৈ গছ কটাৰ অপৰাধত দুজনক আটক কৰি জেললৈ প্ৰেৰণ বনবিভাগৰ
শৈলেন কুমাৰ,মিৰ্জা,ৰঙিলী বাৰ্ত্তাসেৱা- পলাশবাৰী আৰক্ষী থানাৰ অন্তৰ্গত তথা ৰাণী বনাঞ্চলিক কাৰ্যালয়ৰ অন্তৰ্গত ভোলাগাঁৱত বনবিভাগে যোৱা ১৫ ফেব্ৰুৱাৰী শনিবাৰে বৃহৎ সংখ্যক ফলা কাঠ জব্দ কৰাৰ লগতে এই বনাঞ্চলিক কাৰ্যালয়ৰ অন্তৰ্গত নালাপাৰা খণ্ড বন-কাৰ্যলয়ৰ নালাপাৰা অঞ্চলটোৰ পৰা চোৰাংকৈ গছ কটা দুজন লোকক পৃথকে আটক কৰে ৰাণীৰ বিভাগে। এক গোপন খবৰৰ ভিত্তিত ভোলাগাঁৱত বন বিভাগে অভিযান চলাই এই ফলা কাঠখিনি জব্দ কৰে। এই কাঠসমূহ ৰাণী বনাঞ্চলিক কাৰ্যালয়ত ৰখা হয়। ইপিনে চোৰাংকৈ গছ কটাৰ অপৰাধত বিৰাজ ৰাভা আৰু সুৱনেশ্বৰ দাসক নালাপাৰা শুকুৰবেৰীয়া অঞ্চলটোৰ পৰা আটক কৰে ৰাণীৰ বনবিভাগে। বনবিভাগে এই দুজন লোকৰ বিৰুদ্ধে পৃথকে বন গোচৰ ৰুজু কৰি জেললৈ প্ৰেৰণ কৰে বুলি জানিবলৈ দিয়ে ৰাণীৰ বনবিভাগৰ বিষয়া ৰোজী বৰ্মনে।