ৰাণীত বিদ্যুষ্পৃষ্ট শক্তিবিভাগৰ কৰ্মচাৰীৰ মৃত্যু
শৈলেন কুমাৰ,মিৰ্জা,ৰঙিলী বাৰ্ত্তাসেৱা– ৰাণী আৰক্ষী চকীৰ অন্তৰ্গত গাৰোপাৰাত বিদ্যুৎস্পৃষ্ট হৈ তপন কলিতা নামৰ শক্তিবিভাগৰ কৰ্মচাৰী এজনৰ যোৱা কালি বিয়লি কৰুণ মৃত্যু হোৱাৰ লগতে ইন্দ্ৰ মহন্ত নামৰ আন এগৰাকী কৰ্মচাৰী গুৰুতৰভাৱে আহত হয় । দক্ষিণ কামৰূপৰ মিৰ্জা বৈদ্যুতিক উপ সংমণ্ডলত কৰ্মৰত পলাশবাৰীৰ গুৱালহাটী ডোৱাপাৰা নিবাসী বিদ্যুৎ কৰ্মী তপন কলিতাই মংগলবাৰে তেখেতৰ সহকৰ্মীৰ লগত মিৰ্জা বৈদ্যুতিক উপ সংমণ্ডলৰ অন্তৰ্গত লোহাৰঘাটৰ গাৰোপাৰাত লাইনৰ বিজুতি হোৱাৰ খবৰ পাই মেৰামতিৰ বাবে তাত গৈ উপস্থিত হয়। ঘটনাৰ বিবৰণী মতে তপন কলিতাই পোষ্টত উঠি মেৰামতিৰ কাম আৰম্ভ কৰাৰ সময়তেই তেখেত সকলক নজনোৱাকৈ কোনো কৰ্মচাৰীয়ে লোহাৰঘাটত বিদ্যুত সংযোগ কৰি দিয়ে ফলত বিদ্যুৎ পৰিবাহী তাৰে তানি ধৰি মাটিত দলিয়াই পেলোৱাই দিয়ে,থিতাতে নিহত হয় তপন কলিতা আৰু আনএজন কৰ্মচাৰী ইন্দ্ৰ মহন্তক সংকটজনক অৱস্থাত চিকিৎসাৰ বাবে গুৱাহাটীলৈ প্ৰেৰণ কৰে ৷ ইতিমধ্যে তপন কলিতাৰ মৃতদেহ পলাশবাৰী আৰক্ষী থানাৰ মৰ্গত ৰখা হৈছে। এতিয়া প্ৰশ্ন উত্থাপন হৈছে যে কৰ্মৰত সময়ত কি দৰে বিদ্যুত সংযোগ হ’ল । কি ভিত্তিত মিৰ্জা বৈদ্যুতিক উপ সংমণ্ডলৰ বিষয়ববীয়াই বিদ্যুৎ পোষ্টত উঠি কাম কৰাৰ অনুমতি প্ৰদান কৰিছিল তপন কলিতাক। এই ঘটনাৰ বাবে ৰাইজে শক্তিবিভাগকে জগৰীয়া কৰিছে লগতে উচিত তদন্তৰ দাবী কৰিছে ৷এগৰাকী অমায়িক যুৱক তপন কলিতাৰ মৃত্যুত অঞ্চলজুৰি গভীৰ শোকৰ ছাঁ পৰা পৰিলক্ষিত হয়। কলিতাই মৃত্যুৰ সময়ত পত্নীসহ,দুই সন্তান আৰু পৰিয়ালবৰ্গক এৰি যায়৷