ৰাণীত পোৱালিসহ তিনিটা বন্যহস্তীৰ কৰুণ মৃত্যু

ৰাণীত পোৱালিসহ তিনিটা বন্যহস্তীৰ কৰুণ মৃত্যু

ৰঙিলী বাৰ্ত্তাসেৱা-  মহানগৰীৰ সমীপৱৰ্তী ৰাণীত হৃদয়বিদাৰক ঘটনা। এটি পোৱালিসহ তিনিটাকৈ বন্যহস্তীৰ কৰুণ মৃত্যু। ৰাণী বনাঞ্চলিক কাৰ্যালয়ৰ অন্তৰ্গত ৰাণী চাহ বাগিচাৰ পানীচন্দাত বিদ্যুৎস্পৃষ্ট হৈ কৰুণ মৃত্যু হয় বন্যহস্তী তিনিটাৰ। খাদ্যৰ সন্ধানত বনাঞ্চলৰ পৰা ওলাই আহিছিল হাতীকেইটা। হাতীৰ জাকটো এখন তামোল বাৰীত সোমোৱাৰ সময়ত তামোল গছ ভাঙি বিদ্যুতৰ তাঁৰত পৰে। বিদ্যুতৰ তাঁৰ চিঙি যোৱাৰ ফলত সেই তাঁৰত লাগি বিদ্যুৎস্পৃষ্ট হৈ মৃত্যু হয় হাতী তিনিটাৰ। ঘটনাস্থলীত ৰাণী বনাঞ্চলিক কাৰ্যালয়ৰ বনকৰ্মী উপস্থিত হৈছে।