ৰাজ্য চৰকাৰৰ দুৰ্বল স্থিতিৰ বাবেই ষ্টেট বেংক অফ ইণ্ডিয়াত নিযুক্তিৰ পৰা বঞ্চিত হ’ল থলুৱাঃ জাতীয় যুৱ বাহিনী
ৰঙিলী বাৰ্ত্তাসেৱা- ষ্টেট বেংক অফ ইণ্ডিয়া (State Bank of India)ৰ শেহতীয়া জুনিয়ৰ এচিষ্টেন্ট পদবীত নিযুক্তিৰ ক্ষেত্ৰত সংঘটিত হোৱা ব্যাপক বিসংগতি সন্দর্ভত প্রতিক্রিয়া প্রকাশ কৰিছে ৰাইজৰ দলৰ ভাতৃ সংগঠন জাতীয় যুৱ বাহিনীয়ে। জাতীয় যুৱ বাহিনীৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক সুব্রত দত্তই বিবৃতি যোগে তেখেতৰ প্রতিক্রিয়া প্রকাশ কৰি কয় যে, ৰাষ্ট্ৰীয়কৃত বেংকটোৱে শেহতীয়াকৈ উত্তৰ পূৰ্বাঞ্চলৰ বাবে অনুষ্ঠিত কৰা নিযুক্তি পৰীক্ষাত উত্তৰ পূবৰ পৰীক্ষাৰ্থীক বঞ্চিত কৰি সম্পূর্ণ নীতি বর্হিভূত ভাবে বহিঃৰাজ্যৰ প্রার্থীক নিযুক্তি প্রদান কৰা দৃষ্টি গোচৰ হৈছে। ৬০০ টা পদৰ বাবে অনুষ্ঠিত কৰা পৰীক্ষাত ৬০০% অর্থাৎ ৩৬০ টা পদেই উত্তৰ পূৰ্বাঞ্চলৰ বাহিৰৰ প্ৰাৰ্থীক প্ৰদান কৰি উত্তৰ পূবৰ থলুৱা প্ৰাৰ্থীৰ লগত সম্পূৰ্ণ হেমাহি কৰিছে। সাধাৰণ সম্পাদক গৰাকীয়ে লগতে উল্লেখ কৰে যে, ৰাষ্ট্ৰীয়কৃত প্রতিষ্ঠান এটাই অসমত নিযুক্তি প্রদানৰ ক্ষেত্ৰত প্রার্থী জনে অসমীয়া, বড়ো আৰু বাংলা এই তিনিটা ভাষাৰ যি কোনো এটা জনাটো বাধ্যতামূলক কৰাৰ নিয়ম আছে যদিও এই নিয়ম অগ্রাহ্য কৰি SBI য়ে এই তিনিটা ভাষাৰ এটাও নজনা বহিঃৰাজ্যৰ প্ৰাৰ্থীক নীতি বহিঃভূত ভাৱে নিযুক্তি প্রদান কৰিছে। ৰাষ্ট্ৰীয়কৃত বেংকটোৰ এই নিযুক্তি প্রক্রিয়াক শীঘ্রে তদন্ত আওঁতালৈ আনিব লাগে বুলি দাবী কৰে সাধাৰণ সম্পাদক গৰাকীয়ে। সংবিধানৰ অনুচ্ছেদ 371(j) প্ৰদানৰ দ্বাৰা অসমত ৰাজ্যিক আৰু ৰাষ্ট্ৰীয়কৃত যিকোনো প্রতিষ্ঠানত থলুৱা যুৱক যুৱতীৰ নিযুক্তি সু-নিশ্চিত কৰিবলৈ জাতীয় যুব বাহিনীয়ে পূৰ্বৰে পৰাই দাবী জনাই আহিছে আৰু ইয়াৰ জৰিয়তেহে খিলঞ্জীয়াৰ স্বাৰ্থ সুৰক্ষিত হ’ব বুলি মত প্রকাশ কৰে সুব্রত দত্তই। সংগঠনটোৱে এই ক্ষেত্ৰত ৰাজ্য চৰকাৰৰ দুৰ্বল স্থিতি আৰু হস্তক্ষেপহীনতাক কঠোৰ ভাষাৰে সমালোচনা কৰে। নিযুক্তি প্রদানৰ দৰে গুৰুত্ব পূর্ণ বিষয় আওকাণ কৰি জাতিৰ স্বাৰ্থ ৰক্ষাৰ বৰ বৰ শ্লক্সগান দিয়াটো সম্পূর্ণ অমূলক আৰু সামান্য এইখিনি জাতীয় স্বার্থ যদি ৰক্ষা কৰাৰ যোগ্যতা নাই তেন্তে মুখ্যমন্ত্রীক পদত্যাগ কৰিবলৈ দাবী জনায় জাতীয় যুৱ বাহিনীয়ে।