ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ

pc ETV Bharat

ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ

ৰঙিলী বাৰ্ত্তাসেৱা-  সাপ্তাহিক কেবিনেট বৈঠকত লোৱা গুৰুত্বপূৰ্ণ সিদ্ধান্তসমূহ অসমৰ ২৬খন জিলাৰ বানৰ কবলত।কিন্তু ডিমা হাছাও, বৰাক, হোজাইৰ অৱস্থা অতি শোচনীয়।গতিকে এই ৩ জিলাক সৰ্বতোপ্ৰকাৰে সহায়ৰ সিদ্ধান্ত লোৱা হয়।মেঘালয়ত হোৱা ভূমিস্খলনৰ বাবে বৰাকলৈ যাতায়াত বন্ধ।বৰাকলৈ খাদ্য সামগ্ৰী যোগানৰ বাবে সহায় কৰিব মেঘালয় চৰকাৰে।বৰাকত মজুত আছে ২২ হাজাৰ মেট্ৰিকটন চাউল।ডিজেল, পেট্ৰ’ল ৭ দিনৰ বাবে বৰাকত উপলব্ধ আছে।মন্ত্ৰী যোগেন মহন আৰু বিমল বৰা হাফলঙলৈ যাব।ফ্লাই বিগৰ সৈতে অসম চৰকাৰৰ চুক্তি স্বাক্ষৰ।শিলচৰৰ পৰা গুৱাহাটীৰ মাজত ফ্লাইবিগে আৰম্ভ কৰিব বিমান সেৱা।বৰাকৰ বাহিৰৰ লোকসকলক বিমানযোগে অনা হ’ব।গুৱাহাটী–শিলচৰৰ মাজত বিশেষ বিমান সেৱা।বৰাকত আবদ্ধ লোকৰ বাবে বিশেষ বিমান সেৱা।বিমানৰ টিকটৰ মূল্য হ’ব ৩ হাজাৰ টকা।বানত মৃত্যু হোৱা লোকৰ পৰিয়ালক ৪ লাখ টকা দিব হ’ব।জিলা উপায়ুক্তই মৃতকৰ পৰিয়ালক মুকলি কৰি দিব ধন।এমপ্লয়মেণ্ট এক্সচেঞ্জত নাম পঞ্জীয়নৰ বাবে নালাগে আধাৰ কাৰ্ড।আধাৰ কাৰ্ড নহ’লেও যুৱক-যুৱতীয়ে নাম পঞ্জীয়ন কৰিব পাৰিব।ৰাজ্যত দৈনিক ১০ লাখ লিটাৰ গাখীৰ উৎপাদনৰ লক্ষ্য।স্থগিত নহয় দ্বিতীয় পৰ্যায়ৰ গুণোৎসৱ।ক’ভিডৰ পাছত বিদ্যুতৰ চাহিদা বৃদ্ধিৰ প্ৰতি লক্ষ্য ৰাখি কেন্দ্ৰীয় চৰকাৰৰ অধীনস্থ কোম্পানীৰ পৰা ৰাজ্য চৰকাৰে বিদ্যুৎ ক্ৰয় কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে৷বিদ্যুৎ ক্ৰয়ৰ বাবে উত্তৰ প্ৰদেশৰ নেইভেলীৰ সৈতে বুজাবুজি চুক্তি।নেইভেলীৰ পৰা ৪৯৪ মেগাৱাট বিদ্যুৎ ক্ৰয় কৰিব অসমে।কমলপুৰত স্থাপন হ’ব নেচনেল ফৰেনছিক বিশ্ববিদ্যালয়।নতুন ৰাজভৱন নিৰ্মাণৰ বাবে ভূমি অধিগ্ৰহণ।বেলিভউ হোটেলৰ কাষতে নতুন ৰাজ ভৱনৰ বাবে ভূমি।